ETV Bharat / sports

আইপিএল 2020 : বৰ্তমানলৈকে পাঁচ নিকৃষ্টতম বলিং প্ৰদৰ্শন

author img

By

Published : Oct 26, 2020, 6:23 PM IST

চাওঁ আহক বৰ্তমানলৈকে আয়োজিত হোৱা আইপিএল, 2020 ৰ 46 খনকৈ মেচৰ পাঁচটা নিকৃষ্টতম বলিং প্ৰদৰ্শন...

IPL 2020
আইপিএল 2020

স্পৰ্টছ ডেস্ক, 26 অক্টোবৰ : চলিত আইপিএলত কাগিছো ৰাবাডা, এনৰিক নৰ্টজে আৰু মহম্মদ ছিৰাজৰ দৰে বহুসংখ্যক বলাৰে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱাৰ সময়তে কিছুসংখ্যক বলাৰ পৰিগণিত হৈছে দুৰ্ভগীয়া হিচাপে ৷ আৰৱ গণৰাজ্যত অনুষ্ঠিত হৈ থকা আইপিএল 2020 ত বহুকেইজন বলাৰে বেটছমেনৰ আক্ৰমণাত্মক বেটিংশৈলীৰ সন্মুখীন হ'বলগা হৈছে ৷

চাওঁ আহক বৰ্তমানলৈকে আয়োজিত হোৱা 46 খনকৈ মেচৰ পাঁচটা নিকৃষ্টতম বলিং প্ৰদৰ্শন :

সিদ্ধাৰ্থ কৌল (ছানৰাইজাৰ্ছ হায়দৰাবাদ)

4 অক্টোবৰত অনুষ্ঠিত 17 সংখ্যক মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চাৰি অ'ভাৰত 64 ৰাণ দিবলৈ বাধ্য হৈছিল সিদ্ধাৰ্থ কৌলে ৷ সেই মেচত মুম্বাই দলে পাঁচটা উইকেট হেৰুৱাই 208 ৰাণ সংগ্ৰহ কৰাৰ লগতে 34 ৰাণত জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ৷

আইপিএল 2020
সিদ্ধাৰ্থ কৌল

অংকিত ৰাজপুত (ৰাজস্থান ৰয়েলছ)

25 অক্টোবৰত অনুষ্ঠিত 46 সংখ্যক মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অংকিত ৰাজপুতে 4 অ'ভাৰত 60 ৰাণ দিছিল ৷ ইয়াৰ ফলত মুম্বাই দলে পাঁচটা উইকেট হেৰুৱাই 195 ৰাণ সংগ্ৰহ কৰিছিল ৷ কিন্তু ৰাজস্থান ৰয়েলছ দলে বেন ষ্টোকছৰ অপৰাজিত শতকৰ জৰিয়তে 10 টা বল থাকোতেই জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ৷

ডেল ষ্টেইন (ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ)

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ অন্যতম দূৰ্দান্ত বলাৰ ডেল ষ্টেইনে 24 ছেপ্তেম্বৰত ষষ্ঠ মেচত কিংছ ইলেভেন পাঞ্জাৱৰ বিৰুদ্ধে চাৰি অ'ভাৰত 57 ৰাণ দিছিল ৷ ইয়াৰ ফলত পাঞ্জাৱ দলে 207 ৰাণৰ ইনিংছ গঢ়াৰ লগতে বেংগালুৰ দলক 109 ৰাণত অল আউট কৰিবলৈ সক্ষম হৈছিল ৷

আইপিএল 2020
ডেল ষ্টেইন

ক্ৰিছ জৰ্ডান (কিংছ ইলেভেন পাঞ্জাৱ)

20 ছেপ্তেম্বৰত চলিত আইপিএলৰ দ্বিতীয় মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে জৰ্ডানে চাৰি অ'ভাৰত 56 ৰাণ দিছিল ৷ 20 অ'ভাৰত কেপিটেলছে 8 টা উইকেট হেৰুৱাই 157 ৰাণ সংগ্ৰহ কৰিছিল আৰু মেচখন ছুপাৰ অ'ভাৰত শেষ হৈছিল ৷ ইয়াৰ পাচতে শ্ৰেয়াস আয়াৰ নেতৃত্বাধীন দলে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ৷

আইপিএল 2020
ক্ৰিছ জৰ্ডান

লুংগি এনগিডী (চেন্নাই ছুপাৰ কিংছ)

22 ছেপ্তেম্বৰত চতুৰ্থ সংখ্যক মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে এনগিডীয়ে চাৰি অ'ভাৰত 56 ৰাণ প্ৰদান কৰিছিল ৷ প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে 7 উইকেট হেৰুৱাই 216 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে চেন্নাই দলে 200 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : পইন্ট তালিকাৰ চতুৰ্থ স্থানৰ যুঁজত পাঞ্জাৱ বনাম কলকাতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.