ETV Bharat / sports

আইপিএল 2020 : চেন্নাইৰ বিৰুদ্ধে বেংগালুৰ

author img

By

Published : Oct 10, 2020, 3:55 PM IST

চেন্নাইৰ বিৰুদ্ধে বেংগালুৰ
আইপিএল 2020

তিনিবাৰৰ আইপিএল চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে (CSK) চলিত ছিজনত আশানুৰূপ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হোৱা নাই ৷ আজি চেন্নাই দল মুখামুখি হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ বিৰুদ্ধে ৷ দুয়োটা দলতে বহুকেইজন বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ থাকিলেও চলিত আইপিএলত জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিব পৰা নাই ৷

স্পৰ্টছ ডেস্ক, 10 অক্টোবৰ : তিনিবাৰৰ আইপিএল চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে (CSK) চলিত ছিজনত আশানুৰূপ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হোৱা নাই ৷ আজি চেন্নাই দল মুখামুখি হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ বিৰুদ্ধে ৷ দুয়োটা দলতে বহুকেইজন বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ থাকিলেও চলিত আইপিএলত জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিব পৰা নাই ৷

আইপিএল 2020
চেন্নাইৰ বিৰুদ্ধে বেংগালুৰ

কেৱল 4 পইন্টেৰে চেন্নাই দলে ষষ্ঠ স্থানত থকাৰ বিপৰীতে বিৰাট কোহলী নেতৃত্বাধীন বেংগালুৰ দল আছে পঞ্চম স্থানত ৷ আনহাতে, চেন্নাই দলৰ চিন্তাৰ কাৰণ হৈছে মিডল অৰ্ডাৰ ৷ শ্বেন ৱাটছন আৰু ফাফ ডু প্লেছিৰ বাহিৰে মিডল অৰ্ডাৰত কোনো এজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন দেখুৱাব পৰা নাই ৷

আইপিএল 2020
পইন্ট তালিকা

চেন্নাই দলৰ বেটছমেন কেদাৰ যাদৱৰ দূৰ্বল প্ৰদৰ্শনেও দলটোক চিন্তিত কৰি ৰাখিছে ৷ ইয়াৰ ফলত কেদাৰ যাদৱৰ পৰিৱৰ্তে এন. জগদীশান অথবা মিটছেল চান্টনাৰে স্থান লাভ কৰিব পাৰে ৷ লগতে দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালনত অসমৰ্থ হৈছে অধিনায়ক ধোনী ৷

আইপিএল 2020
চেন্নাই ছুপাৰ কিংছ

আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলে চেন্নাইৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিবলৈ চেষ্টা চলাব ৷ অধিনায়ক কোহলীয়ে ফৰ্ম ওভতাই পোৱাৰ লগতে যুৱ খেলুৱৈ তথা অপেনাৰ দেৱদত্ত পাডিক্কলেও ভাল প্ৰদৰ্শন দেখুৱাই আহিছে ৷ মিডল অৰ্ডাৰত দক্ষিণ আফ্ৰিকাৰ তাৰকা বেটছমেন এবিডি ভিলিয়াৰ্ছে মুখ্য ভূমিকা গ্ৰহণ কৰিব ৷ পাডিক্কলৰ সৈতে এৰন ফিন্সে অপেনিঙত ভাল প্ৰদৰ্শন দেখুৱাব পাৰিলে দলটোৱে চেন্নাইৰ বিৰুদ্ধে অধিক শক্তিশালী হৈ থিয় দিব পাৰিব ৷

বলিঙত লেগ স্পীনাৰ য়ুজবেন্দ্ৰ চাহালৰ বাহিৰে কোনো পেচাৰে আশানুৰূপ প্ৰদৰ্শন আগবঢ়োৱা নাই ৷ মহম্মদ ছিৰাজ আৰু নৱদ্বীপ ছাইনীয়ে উইকেট সংগ্ৰহ কৰিছে যদিও প্ৰতিপক্ষৰ বেটছমেনক অধিক ৰাণ প্ৰদান কৰিছে ৷

আইপিএল 2020
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ

এই দুই দলৰ মাজৰ প্ৰতিদ্বন্দিতা সদায়ে লক্ষণীয় হয় যদিও বৰ্তমানলৈকে দুয়ো দলৰ মুখামুখিত 24 খন মেচৰ 15 খনতে চেন্নাই দলে জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷

স্কোৱাড :

চেন্নাই ছুপাৰ কিংছ : এম. এছ. ধোনী, এম. বিজয়, অম্বাতি ৰায়ুডু, ফাফ ডু প্লেছি, শ্বেন ৱাটছন, কেদাৰ যাদব, ডোৱাইনে ব্ৰেভ', ৰবীন্দ্ৰ জাদেজা, লুংগী এনগিডী, দীপক চাহাৰ, পিয়ুশ চাওলা, ইমৰান তাহিৰ, মিটছেল চান্টনাৰ, জছ হেজলওদ, শাৰদুল ঠাকুৰ, ছেম কুৰান, এন. জগদীশান, কে. এম. আশিফ, মনু কুমাৰ, আৰ . ছাই কিশোৰ, ৰুতুৰাজ গায়কৱাড, কৰণ শৰ্মা ৷

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ : বিৰাট কোহলী, এবিডি ভিলিয়াৰ্ছ, পাৰ্থিৱ পেটেল, এৰন ফিন্স, জছ ফিলিপ, ক্ৰিছ মৰিছ, মইন আলি, মহম্মদ ছিৰাজ, শ্বাহবাজ আহমেদ, দেৱদত্ত পাডিক্কল, য়ুজবেন্দ্ৰ চাহাল, নৱদ্বীপ ছাইনী, ডেল ষ্টেইন, পৱন নেগী, ইছুৰু উদানা, শিৱম ডুবে, উমেশ যাদৱ, গুৰকিৰত সিং মান, ৱাশ্বিংটন সুন্দৰ, পৱন দেশপাণ্ডে, আদাম জাম্পা ৷

লগতে পঢ়ক : আইপিএল 2020 : আজি আত্মবিশ্বাসী দিল্লীৰ সন্মুখত ৰাজস্থান ৰয়েলছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.