ETV Bharat / sports

স্ব-গৃহত উপস্থিত ৰিয়ান পৰাগ

author img

By

Published : May 6, 2019, 11:40 PM IST

স্ব-গৃহত উপস্থিত ৰিয়ান পৰাগ

স্ব-ভূমিত উপস্থিত হ'ল ৰিয়ান পৰাগ ৷ বিমান বন্দৰত ৰিয়ানক আদৰণি জনাই পিতৃ পৰাগ দাস আৰু মাতৃ মিঠু বৰুৱা সহিতে অনুৰাগীয়ে ৷ IPL-ত সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে অৰ্ধশতক অৰ্জনকাৰীৰ কৃতিত্ব লাভ ৰিয়ান পৰাগৰ ৷

আজাৰা, 6 মে' : স্ব-ভূমিত উপস্থিত হ'ল ৰিয়ান পৰাগ ৷ IPL-ত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা কনিষ্ঠ খেলুৱৈগৰাকী নিশা ন-বজাত উপস্থিত হয় বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত ৷ বিমান বন্দৰত ৰিয়ানক আদৰণি জনাবলৈ উপস্থিত থাকে প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰিয়ানৰ পিতৃ পৰাগ দাস আৰু মাতৃ তথা সাঁতোৰবিদ মিথু বৰুৱা সহিতে অনেক অনুৰাগীয়ে ৷

স্ব-গৃহত উপস্থিত ৰিয়ান পৰাগ

IPL-ত সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হোৱা ৰিয়ানক লৈ গৌৰৱান্বিত পিতৃ-মাতৃ ৷ আনহাতে, পুত্ৰ ঘৰলৈ অহা আনন্দতে নিজ হাতে ৰিয়ানৰ প্ৰিয় খাদ্য প্ৰস্তুত কৰিছে মিঠু বৰুৱায় ৷ পৰৱৰ্তী সময়ত দেশীয় খেলত অধিক গুৰুত্ব আৰোপ কৰাৰ কথা প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে ৷ যাৰ বাবে অসমবাসীৰ পৰা আৰ্শিস কামনা কৰিছে ৰিয়ান পৰাগে ৷

Slug:-As_kam_6may_riyan_parag_airport_811-812_vis+bite+photo_as10020

ৰিয়ান পৰাগ ঘৰলৈ আহিল । মাকে নিজ হাতে বনাইছে খাদ্য ।


Vo..IPLত ৰাজস্থাত ৰয়েলছৰ হৈ খেলি স্বমক পদ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা অসম সন্তান ৰিয়ান পৰাগ আজি নিশা ৯ বজাত ঘৰলৈ ঘুৰি আহে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত ৰিয়ানৰ পিতৃ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ পৰাগ দাস আৰু ৰাষ্ট্ৰীয় খেলুৱৈ মিথু বৰুৱা সহিতে আত্মীয় সকলে আদৰণী জনায় । IPLত সৰ্বকনিষ্ঠ হিচাপে ৫০ ৰান সংগ্ৰহ কৰি অভিলেখ সৃষ্টি কৰি প্ৰতিভাৱান খেলুৱৈজনৰ সাফল্যত পিতৃ-মাতৃ উৎফুল্লিত । ৰিয়ানে ভাল পোৱা খাদ্য নিজ হাতে প্ৰস্তুত কৰিছে মাতৃয়ে ।

Bite…মিঠু বৰুৱা ।

পিতৃ পৰাগ দাসো আজি নিজৰ পুত্ৰৰ সাফল্যত গৌৰাম্বিত । 

Bite…পিতৃ,পৰাগ দাস ।

বিমানবন্দৰত উপস্থিত হৈয়ে ৰিয়ান পৰাগে ক'লে IPLখেলাৰ অভিজ্ঞতাৰ কথা ।

Bite.……ৰিয়ান পৰাগ ।



দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.