ETV Bharat / sports

IND vs NZ second test : ইতিহাস ৰচিলে নিউজিলেণ্ডৰ স্পিনাৰ এজাজ পেটেলে

author img

By

Published : Dec 4, 2021, 3:50 PM IST

Ajaz Patel becomes third bowler to scalp all 10 wickets in Test innings
IND vs NZ second test : ইতিহাস ৰচিলে নিউজিলেণ্ডৰ স্পিনাৰ এজাজ পেটেলে

টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা ইনিংছত 10 টা উইকেট দখল কৰিবলৈ সক্ষম হোৱা তৃতীয়গৰাকী বলাৰ হিচাপে ইতিহাস ৰচিলে নিউজিলেণ্ডৰ স্পিনাৰ এজাজ পেটেলে (Ajaz Patel record in test cricket) ৷ ভাৰত-নিউজিলেণ্ডৰ মাজত চলি থকা দ্বিতীয়খন টেষ্টত শনিবাৰে ভাৰতৰ বিৰুদ্ধে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় এজাজে ৷

স্পৰ্টছ ডেস্ক, 4 ডিচেম্বৰ : চলিত ভাৰত-নিউজিলেণ্ডৰ মাজৰ দ্বিতীয়খন টেষ্টত ইতিহাস ৰচিলে নিউজিলেণ্ডৰ স্পিনাৰ এজাজ পেটেলে (Ajaz Patel record in test cricket)৷ টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা ইনিংছত 10 টা উইকেট দখল কৰিবলৈ সক্ষম হোৱা তৃতীয়গৰাকী বলাৰ হিচাপে ইতিহাস ৰচিবলৈ সক্ষম হ’ল এজাজে ৷ মুম্বাই বাংখেড়ে ষ্টেডিয়ামত ভাৰত-নিউজিলেণ্ডৰ মাজত চলি থকা দ্বিতীয়খন টেষ্টত শনিবাৰে ভাৰতৰ বিৰুদ্ধে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় এজাজে ৷

পেটেলে 119 ৰাণ প্ৰদান কৰি দহটা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ যাৰ বাবে ভাৰতে প্ৰথম ইনিংছত 325 ৰানতে অল আউট হ’বলগীয়া হয় ৷ এজাজে 10 নম্বৰ উইকেট দখল কৰাৰ লগে লগে তেওঁৰ এই সাফল্যক উৎসাহ প্ৰদান কৰিবলৈ ভাৰতীয় ক্ৰিকেটৰ ৰবিচন্দ্ৰন অশ্বিনেও থিয় হৈ হাত চাপৰি বজায় ৷

ইয়াৰ পূৰ্বে, অষ্ট্ৰেলিয়াৰ জিম লেকাৰ আছিল প্ৰথম ক্ৰিকেটাৰ যিয়ে 1956 চনত টেষ্ট ইনিংছত 10 টা উইকেট দখল কৰিছিল আৰু তাৰ পিছতে তালিকাত আছে 1999 চনত পাকিস্তানৰ বিৰুদ্ধে দহটা উইকেট দখল কৰি ভাৰতৰ অনিল কুম্বলে ।

লগতে পঢ়ক : Ind vs NZ Test : দললৈ প্ৰত্যাৱৰ্তন কিং কোহলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.