ETV Bharat / sports

চুপাৰ অভাৰৰ সহায়ত তৃতীয়খন টি-20 মেচত ভাৰতৰ জয়লাভ

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 11:07 PM IST

Updated : Jan 18, 2024, 10:49 AM IST

India Vs Afghanistan
চুপাৰ অভাৰৰ সহায়ত তৃতীয়খন টি-20 মেচত ভাৰতৰ জয়লাভ

India vs Afghanistan 3rd T-20 Match : এম চিন্নাস্বামী ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হয় ভাৰত-আফগানিস্তানৰ তৃতীয় তথা অন্তিমখন T-20মেচ ৷ চুপাৰ অভাৰৰ সহায়ত ভাৰতে জয়লাভ কৰে ৷

স্পৰ্টছ ডেস্ক, 17 জানুৱাৰী : এক শ্বাৰুদ্ধকৰ আৰু অবিশ্বাস্যৰ এখন টি-20 মেচ ৷ ফলাফল পাবলৈ এবাৰ নহয় দুবাৰকৈ অনুষ্ঠিত হ’ল চুপাৰ অভাৰ ৷ ভাৰত-আফগানিস্তানৰ মাজত অনুষ্ঠিত মেচত দুবাৰকৈ অনুষ্ঠিত হ’ল চুপাৰ অভাৰ ৷

বুধবাৰে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়াম ভাৰত-আফগানিস্তানৰ চলিত শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ অনুষ্ঠিত হৈছিল ৷ টচত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় ভাৰতে ৷ প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত অধিনায়ক ৰোহিত শৰ্মাৰ অপৰাজিত 121 আৰু ৰিংকু সিঙৰ অপৰাজিত 69 ৰাণৰ সহায়ত 4 টা উইকেট হেৰুৱাই ভাৰতে আফগানিস্তানক জয়ৰ বাবে 213 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷

ভাৰতে বান্ধি দিয়া 212 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰহমানউল্লাহ গুৰবাজৰ 50, অধিনায়ক ইব্ৰাহিম জাদৰানৰ 50 আৰু গুলবাদিন নাইবৰ 56 ৰাণৰ সহায়ত আফগানিস্তানে নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই 212 ৰাণ সংগ্ৰহ কৰে ৷ ফলত মেচখন ড্ৰ’ হয় ৷ সেয়ে মেচ আম্পায়াৰে চুপাৰ অভাৰ অনুষ্ঠিত কৰিলে ৷

চুপাৰ অভাৰত প্ৰথমে বেট ধৰি আফগানিস্তানে 1 টা উইকেট হেৰুৱাই ভাৰতক 16 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ কিন্তু অধিনায়ক ৰোহিত শৰ্মাৰ 13 ৰাণৰ সহায়ত প্ৰথম চুপাৰ অভাৰতো মেচ ড্ৰ’ হয় ৷ পুনৰ মেচ আম্পায়াৰে দ্বিতীয়টো চুপাৰ অভাৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় ৷ দ্বিতীয়টো চুপাৰ অভাৰত ভাৰতে প্ৰথমে বেট ধৰি 11 ৰাণৰ লক্ষ্য বান্ধি দিয়ে আফগানিস্তানক ৷ কিন্তু ভাৰতে দ্বিতীয় চুপাৰ অভাৰত বান্ধি লক্ষ্য অনুসৰণ কৰি মাত্ৰ 2 টা উইকেট হেৰুৱা মাত্ৰ 1 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ভাৰতে 3-0 ব্যৱধানত তিনিখনীয়া শৃংখলাটো দখল কৰে ৷

লগতে পঢ়ক : যশস্বী শিৱমৰ বিস্ফোৰক বেটিঙেৰে আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন টি-20 ভাৰতৰ সহজ জয়

Last Updated :Jan 18, 2024, 10:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.