ETV Bharat / sports

যশস্বী শিৱমৰ বিস্ফোৰক বেটিঙেৰে আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন টি-20 ভাৰতৰ সহজ জয়

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 10:54 PM IST

IND VS AFG Second T-20 Match: দ্বিতীয়খন টি-20 মেছত আফগানিস্তানক 6 উইকেটত পৰাস্ত কৰে ভাৰতে ৷ যশস্বী জয়ছোৱালৰ 68 আৰু শিৱম ডুবেৰ 63 ৰাণৰ সহায়ত ভাৰতৰ সহজ জয় ৷

India won the second T20 match by 6 wickets
যশস্বী ডুবেৰ বিস্ফোৰক বেটিঙেৰে দ্বিতীয়খন টি-20 ভাৰতৰ সহজ জয়

স্পৰ্টছ ডেস্ক, 14 জানুৱাৰী : ভাৰত-আফগানিস্তানৰ মাজত চলি থকা তিনিখন মেচৰ শৃংখলাৰ দ্বিতীয়খন টি-20 মেচত ভাৰতৰ হাতত পৰাস্ত আফগানিস্তান ৷ আজি মধ্যপ্ৰদেশৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টি-20 মেচত ভাৰতে আফগানিস্তানক 6 উইকেটত পৰাস্ত কৰে ৷ ফলত তিনিখনীয়া শৃংখলাত 2-0 ত অগ্ৰগতি লাভ কৰে ভাৰতে ৷ আজিৰ মেছখনত ভাৰতে প্ৰথমে টচত জিকি আফগানিস্তানক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় ৷

প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেইট হেৰুৱাই আফগানিস্তানে ভাৰতক 172 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ আফগানিস্তানৰ হৈ গুলবাদিন নাইবে সৰ্বাধিক 57 ৰাণ সংগ্ৰহ কৰে ৷ ফজলহক ফাৰুকীয়ে 1 টা আৰু কৰিম জানতে 2 টা উইকেট দখল কৰে ৷ আফগানিস্তানে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰি ভাৰতে 15 অভাৰ 4 টা বলত চাৰিটা উইকেট হেৰুৱাই 173 ৰাণ সংগ্ৰহ কৰে ৷

দ্বিতীয় ইনিংচ মুকলি কৰিবলৈ আহি প্ৰথম অভাৰতে ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই ৷ পৰৱৰ্তী সময়ত ভাৰতৰ হৈ অপেনাৰ যশস্বী জয়ছোৱালে 34 টা বলত 68 ৰাণ, শিৱম ডুবেৰ 32 টা বলত 63 ৰাণৰ সহায়ত ভাৰতে সহজে জয়লাভ কৰে ৷ মেচখনত বিৰাট কোহলীয়ে 16 টা বলত 26 ৰাণ কৰাৰ বিপৰীতে অধিনায়ক ৰোহিত শৰ্মাই 0 ৰাণত আউট হয় ৷

ইফালে ভাৰতৰ বাওঁহতীয়া বেগী বলাৰ অৰ্শদীপ সিঙে 4 অভাৰত 32 ৰাণ খৰচ কৰি 3 টা উইকেট দখল কৰে। ৰবি বিষ্ণৈ আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট লাভ কৰে ৷ অহা 17 জানুৱাৰীত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত শৃংখলাৰ অন্তিমখন মেচ অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক : ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট দলত নৱাগত ধ্ৰুৱ জুৰেলৰ স্থানলাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.