ETV Bharat / sports

ছিডনীত অনুশীলনত ব্য়স্ত ৰাহানে বাহিনী

author img

By

Published : Jan 5, 2021, 3:56 PM IST

ছিডনীত অনুশীলনত ব্য়স্ত ৰাহানে বাহিনী
ছিডনীত অনুশীলনত ব্য়স্ত ৰাহানে বাহিনী

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট ৭ জানুৱাৰীত ছিডনীত অনুষ্ঠিত হ'ব । টেষ্টৰ প্ৰাকক্ষণত ভাৰতীয় দলটো সম্পূৰ্ণ ব্য়স্ত অনুশীলনত ।

স্পৰ্টছ ডেস্ক,৫ জানুৱাৰী : অষ্ট্ৰেলিয়াত আয়োজিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট ৭ জানুৱাৰীত ছিডনীত অনুষ্ঠিত হ'ব । সোমবাৰে ছিডনীলৈ ৰাওনা হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দল ।

আগন্তুক টেষ্টৰ প্ৰাকক্ষণত এতিয়া ভাৰতীয় দলটো সম্পূৰ্ণ ব্য়স্ত অনুশীলনত । ভাৰতীয় ক্ৰিকেট কন্ট্ৰল ব'ৰ্ডে ইয়াৰ মাজতে টুইটযোগে শ্বেয়াৰ কৰিছে কেইখন মান বিশেষ ফটো । ফটোকেইখনত ভাৰতীয় দলটোৱে অনুশীলন কৰি থকা দেখা গৈছে । স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু ঋষভ পন্টক ৱাৰ্মৱাপ কৰা দেখিবলৈ পোৱা গৈছে । বিগত খেলখনৰ নায়ক মহম্মদ চিৰাজো ব্য়স্ত বলিঙৰ নেট অনুশীলনত ।

কিন্তু অনুশীলনৰ মাজতে ভাৰতীয় দলটোৰ সন্মুখত আহিছে কেইবাটাও প্ৰত্য়াহ্বান । শনিবাৰে অনুশীলনৰ মাজতে সামান্য় আঘাত পাইছিল ভাৰতৰ অন্য়তম বেটছমেন-উইকেট কীপাৰ কে এল ৰাহুলে । তেওঁ সুস্থ হবলৈ ৩ সপ্তাহ সময়ৰ প্ৰয়োজন হ'ব যাৰ বাবে অনাগত দুখন টেষ্টত নাথাকিব খেলুৱৈজন । ইয়াৰ পিছতে বৰষুণৰ বাবে মেলবৰ্ণত দলটোৰ অনুশীলন বন্ধ কৰি দিয়া হৈছিল ।

উল্লেখ যে এই শৃংখলাৰ ইতিমধ্য়ে হৈ যোৱা দুখন টেষ্টl ভাৰত আৰু অষ্ট্ৰেলিয়াই উভয়ে এখনকৈ টেষ্টত বিজয় সাব্য়স্ত কৰিছে । আৰু সমৰ্থকসকলো গভীৰ আগ্ৰহেৰে ৰৈ আছে অনাগত টেষ্টত ৰাহানে নেতৃত্বৰ ভাৰতীয় দলটোৰ উন্নত প্ৰদৰ্শনৰ বাবে ।

লগতে পঢ়ক : আইএছএলত দুটাকৈ গ'লেৰে উজলিল হলিচৰণ নাৰ্জাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.