ETV Bharat / sports

Rahul Dravid: ৰোহিত, বিৰাটক বিশ্ৰাম দিয়াৰ সন্দৰ্ভত স্পষ্টীকৰণ মুখ্য প্ৰশিক্ষকৰ

author img

By

Published : Jul 30, 2023, 5:40 PM IST

ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক বিশ্ৰাম দিয়াৰ সন্দৰ্ভত স্পষ্টীকৰণ ভাৰতীয় জাতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ ৷ ‘আমি সদায় ডাঙৰ মেচৰ বাবে সাজু হ’ব লাগিব ৷ আমাৰ লক্ষ্য এছিয়া কাপ আৰু বিশ্বকাপ ৷ সেয়েহে আমি ডাঙৰ মেচৰ কাৰণে ভাবিব লাগে ৷ কাৰণ আমাৰ কিছুমান খেলুৱৈ আঘাতৰ সমস্যাৰ সৈতে যুঁজি আছে ৷’

India Cricket Team Head Coach Rahul Dravid
ৰোহিত আৰু বিৰাটক বিশ্ৰাম দিয়াৰ সন্দৰ্ভত স্পষ্টিকৰন মুখ্য প্ৰশিক্ষকৰ

স্পৰ্টচ ডেস্ক,30 জুলাই: সমাগত এদিনীয়া বিশ্বকাপ ৷ তাৰ প্ৰকক্ষণত যাতে কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ঘৰুৱা দলৰ মুখ্য প্ৰশিক্ষকে ল’লে ডাঙৰ সিদ্ধান্ত ৷ সেই সিদ্ধান্তৰ বাবে সমোলোচিত হৈছিল ৷ বিশেষকৈ ভাৰত-ৱেষ্ট ইণ্ডিজৰ চলিত চিৰিজৰ দ্বিতীয়খন এদিনীয়া মেচত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক বিশ্ৰাম দিয়াৰ সন্দৰ্ভত স্পষ্টীকৰণ ভাৰতীয় জাতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ ৷

দ্বিতীয়খন এদিনীয়া মেচত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক বিশ্ৰাম দিয়া আৰু পৰাজয়ৰ পাচতে ক্ৰিকেট অনুৰাগীয়ে সামাজিক মাধ্যমত সমালোচনাৰে থকা সৰকা কৰিছে ভাৰতীয় জাতীয় দলক ৷ বিশেষকৈ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰিছে ক্ৰিকেট প্ৰেমীয়ে ৷ ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া মেচত ভাৰতৰ পৰাজৰ পিচত ৰাহুল দ্ৰাবিড়ে কয়, "আমি সদায় ডাঙৰ মেচৰ বাবে সাজু হ’ব লাগিব ৷’

‘আমাৰ লক্ষ্য এছিয়া কাপ আৰু বিশ্বকাপ ৷ সেয়েহে আমি ডাঙৰ মেচৰ কাৰণে ভাবিব লাগে ৷ কাৰণ আমাৰ কিছুমান খেলুৱৈ আঘাতৰ সমস্যাৰ সৈতে যুঁজি আছে ৷ আমি প্ৰতিটো খেল বা প্ৰতিটো শৃংখলাৰ বিষয়ে চিন্তা কৰিব নোৱাৰো ৷ যদি আমি এনে কৰো, এইটো এটা ভুল হ'ব । বিৰাট আৰু ৰোহিতক বিশ্ৰাম দিয়াৰ আন এটা কাৰণ হৈছে যুৱ খেলুৱৈসকলক সুযোগ দিয়া ৷ আমি এই ধৰণৰ প্ৰত্যাহ্বান ল'ব লাগিবই ৷’’

তেওঁ আৰু কয়, ‘‘ডাঙৰ প্ৰতিযোগিতাবোৰৰ আহি আছে, সেয়ে আমি এনে পৰিস্থিতিৰ সুযোগ লৈছো ৷ আমি যুৱ খেলুৱৈসকলক যিমান সম্ভৱ সিমান সুযোগ দিব বিচাৰো ৷’’ এই মন্তব্য কৰে মুখ্য প্ৰশিক্ষকগৰাকীয়ে ৷ আনহাতে দ্বিতীয়খন এদিনীয়া মেচত ভাৰতীয় দলটো ১৮১ ৰাণত আউট হৈছিল । ৱেষ্ট ইণ্ডিজে ৬ উইকেটত জয়লাভ কৰি তিনিখন খেলৰ শৃংখলা ১-১ ত সমতা অৰ্জন কৰিছে ৷

লগতে পঢ়ক:T20 World Cup 2024 : ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ ১০ টা স্থানত হ'ব খেলসমূহ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.