ETV Bharat / sports

IND vs WI test 2023 : প্ৰথমখন টেষ্টত ভাৰতৰ হাতত ধৰাশায়ী ৱেষ্ট ইণ্ডিজ

author img

By

Published : Jul 15, 2023, 9:50 AM IST

IND vs WI test 2023
প্ৰথমখন টেষ্টত ভাৰতৰ হাতত ধৰাশায়ী ৱেষ্ট ইণ্ডিজ

যুৱ বেটছমেন জয়ছোৱাল আৰু অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ উৎকৃষ্ট প্ৰদৰ্শনে ভাৰতক শৃংখলাৰ প্ৰথম জয় সাব্যস্ত কৰাত সহায় কৰে । এটা ইনিংছসহ ১৪১ ৰাণত পৰাস্ত হয় ঘৰুৱা দল ৱেষ্ট ইণ্ডিজ । জয়ছোৱালক প্লেয়াৰ অফ দ্য মেচ বঁটা ।

স্পৰ্টছ ডেস্ক,১৫ জুলাই : উইণ্ডছৰ পাৰ্কত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত খেলা প্ৰথমখন টেষ্ট মেচতে ভাৰতে ঘৰুৱা দলটোক এটা ইনিংছ আৰু ১৪১ ৰাণত পৰাস্ত কৰে । তৃতীয় দিনাই ভাৰতে খেলখনত জয়ী হয় । টছত জয়ী হৈ প্ৰথমে বেটিং কৰা ৱেষ্ট ইণ্ডিজ দলটো মাত্ৰ ১৫০ ৰাণতে প্ৰথম ইনিংছৰ সামৰে । ৱেষ্ট ইণ্ডিজৰ ৫ গৰাকীকৈ বেটছমেনে আনকি দুটা অংকৰ ৰাণো সংগ্ৰহ কৰিব নোৱাৰিলে ।

ইয়াৰ পাছত, ভাৰতে প্ৰথম ইনিংছটো ৫ উইকেট হেৰুৱাই ৪২১ ৰাণত ইনিংছ ঘোষণা কৰে । প্ৰথম ইনিংছত অধিনায়ক ৰোহিত শৰ্মাই ১০৩ ৰাণ আৰু যশস্বী জয়ছোৱালে অভিষেক মেচত ১৭১ ৰাণেৰে দলটোক শক্তিশালী স্থিতিলৈ লৈ যায় ।

ইফালে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ৰবিচন্দ্ৰন অশ্বিনক প্লেয়িং-১১ত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল । কিন্তু ২০২৩ চনৰ ডব্লিউটিচি ফাইনেলৰ পাছত প্ৰথমখন টেষ্টতে তেওঁ আক্ৰমণাত্মক বলিং কৰি সমালোচকসকলক উপযুক্ত প্ৰত্যুত্তৰ দিয়ে । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা প্ৰথম খন টেষ্টতে অশ্বিনে মুঠ ১২ টা উইকেট দখল কৰে । তেওঁ প্ৰথম ইনিংছত ৫ টা উইকেট আৰু দ্বিতীয় ইনিংছত ৭ টা উইকেট দখল কৰি ৱেষ্ট ইণ্ডিজৰ বেটিং লাইন-আপক একপ্ৰকাৰ ধ্বংস কৰি দিয়ে ।

আনহাতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক টেষ্ট মেচত যুৱ বাওঁহাতৰ বেটছমেন যশস্ৱী জয়ছোৱালে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় । জয়ছোৱালে অভিষেক টেষ্টত শতক অৰ্জন কৰা ১৭ নম্বৰ ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় । ইয়াৰ বাহিৰেও তেওঁ কেইবাটাও অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় । জয়ছোৱালে ৩৮৭ টা বলত ১৭১ ৰাণ সংগ্ৰহ কৰে । ইনিংছটোত তেওঁ ১৬ টা চাৰি আৰু ১ টা ছয় মাৰিছিল । এই উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে জয়ছোৱালক প্লেয়াৰ অফ দ্য মেচ সন্মানো প্ৰদান কৰা হয় ।

লগতে পঢ়ক :Yashasvi Jaiswal debut test century : অভিষেকতে অভিলেখ জয়ছোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.