ETV Bharat / sports

Shah Rukh Khan : টিম ইণ্ডিয়াই এনেদৰে জনালে কিং খানক জন্মদিনৰ শুভেচ্ছা

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 1:50 PM IST

Virat Kohli and Rohit Sharma with Team India wishe Shah Rukh Khan a very happy birthday, WATCH
টিম ইণ্ডিয়াই জনালে কিং খানক জন্মদিনৰ শুভেচ্ছা

টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীকে ধৰি টিম ইণ্ডিয়াৰ খেলুৱৈসকলে শ্বাহৰুখ খানক জনাইছে জন্মদিনৰ শুভেচ্ছা ।

চিটাৰা ডেস্ক, 3 নৱেম্বৰ: যোৱা ২ নৱেম্বৰত বলীউডৰ ‘পাঠান’ শ্বাহৰুখ খানে উদযাপন কৰে নিজৰ ৫৮ সংখ্যক জন্মদিন । এই বিশেষ দিনটোত দেশ-বিশ্বৰ পৰা অনুৰাগীয়ে ‘কিং খান’ক জন্মদিনৰ শুভেচ্ছা জনাইছে । একে সময়তে চলিত ক্ৰিকেট বিশ্বকাপ ২০২৩ ত প্ৰতিটো দলক পৰাস্ত কৰা টিম ইণ্ডিয়াইও বিশেষ ধৰণেৰে শ্বাহৰুখ খানক জন্মদিনৰ শুভেচ্ছা জনাইছে ৷ লগতে দলটোৱে কিং খানৰ আইকনিক চিগনেচাৰ প’জ দিয়াও দেখা যায় । ইয়াৰ ভিতৰত আছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলীকে ধৰি সকলো খেলুৱৈ ৷

টিম ইণ্ডিয়াই শ্বাহৰুখ খান জনালে শুভেচ্ছা

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত টিম ইণ্ডিয়াৰ সকলো তাৰকা খেলুৱৈয়ে চিগনেচাৰ ষ্টাইলত এজন এজনকৈ কিং খানক জন্মদিনৰ শুভেচ্ছা জনাইছে । এই চিগনেচাৰ প’জত ৰবীন্দ্ৰ জাডেজা, শ্বাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ আৰু শুভমন গিলে শ্বাহৰুখ খানক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

অনুৰাগীৰ সৈতে কেক কাটিলে শ্বাহৰুখ খানে

যোৱা নিশা শ্বাহৰুখ খানে বলীউডৰ চেলিব্ৰিটি আৰু অনুৰাগীৰ সৈতে জন্মদিনৰ কেক কাটি উদযাপন কৰে ৫৮ সংখ্যক জন্মদিন । ইফালে, শ্বাহৰুখ খানে তেওঁৰ জন্মদিনত অনুৰাগীক এক ডাঙৰ উপহাৰ আগবঢ়াইছে । শ্বাহৰুখে মুকলি কৰিছে তেওঁৰ আগন্তুক ছবি ডাংকিৰ টিজাৰ । এই ছবিখনৰ টিজাৰৰ বাবে অনুৰাগীয়ে বহুদিনৰে পৰা অপেক্ষা কৰিছিল ৷ অৱশ্যে টিজাৰটোক অতিশয় ভাল পাইছে অনুৰাগীয়ে ৷ উল্লেখ্য যে, ২২ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ডাংকি । এই ছবিখন হৈছে কিং খানৰ বছৰটোৰ তৃতীয়খন ছবি ৷ ইয়াৰ পূৰ্বে বছৰটোৰ আৰম্ভণিত পাঠানৰ সৈতে আৰু বছৰটোৰ মাজভাগত জৱানৰ সৈতে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল কিং খানে ৷ এতিয়া ডাংকিয়ে বক্স অফিচত কিমান উপাৰ্জন কৰে সেয়া হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক: Dunki Teaser X Reaction: ছ’চিয়েল মিডিয়াত ঢৌ তুলিছে ডাংকিৰ টিজাৰে, অনুৰাগীয়ে ক’লে-২০০০ কোটি লোডিং...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.