ETV Bharat / sports

World Cup 2023 Ind vs Pak Match : পাকিস্তান বিৰুদ্ধে দললৈ উভতিল শুভমন গিল; বাদ পৰিল ঈশান কিষণ

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 2:05 PM IST

World Cup 2023 Ind vs Pak Match
World Cup 2023 Ind vs Pak Match

টীম ইণ্ডিয়াৰ অপেনিং বেটছমেন শুভমন গিলে পাকিস্তানৰ বিৰুদ্ধে দললৈ প্ৰত্যাৱৰ্তন কৰিছে । বাদ পৰিল ঈশান কিষণ । টছত জয়ী হৈ ৰোহিত শৰ্মাই প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় ।

স্পৰ্টছ ডেস্ক, ১৪ অক্টোবৰ : চলিত ক্ৰিকেট বিশ্বকাপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মেচত শনিবাৰে ভাৰত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে । কিছুসময় পূৰ্বে হোৱা টছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ পাকিস্তানক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । দুয়োটা দলৰ বহু প্ৰতীক্ষিত মেচখন আহমেদাবাদৰ ১,৩২,০০০ ক্ষমতাসম্পন্ন নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ।

কিন্তু মোচখনৰ পূৰ্বে দুয়োটা দলৰ খেলুৱৈসকল অতি বেছি চাপত আছে । মেচখনত সেইটো দলৰে বিজয় হ'ব, যিটো দলে এই চাপ ভালদৰে সহ্য কৰিবলৈ সক্ষম হ'ব । ভাৰতৰ বাবে সুখৰ খবৰ যে প্ৰথম দুখন মেচত অসুস্থতাৰ বাবে দলৰ বাহিৰত থকা শুভমন গিলে পাকিস্তানৰ বিৰুদ্ধে দললৈ প্ৰত্যাৱৰ্তন কৰিছে । আনহাতে, ঈশান কিষণ এই গুৰুত্বপূৰ্ণ মেচখনৰ পৰা বাদ পৰিছে ।

উল্লেখ্য যে ক্ৰিকেট বিশ্বকাপ, ২০২৩ত ভাৰতৰ সোঁহতীয়া অপেনাৰ শুভমন গিলে পাকিস্তানৰ বিৰুদ্ধে খেলাটো শুকুৰবাৰেই প্ৰায় নিশ্চিত হৈছিল । ডেংগুৰ বাবে অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ বিৰুদ্ধে মেচত অংশগ্ৰহণ নকৰা গিল সুস্থ হৈ উঠিছে আৰু বিগত দুদিনৰ পৰা আহমেদাবাদত আছে । আনহাতে, বাকী খেলুৱৈসকলৰ সৈতে তেওঁ অনুশীলনতো অংশগ্ৰহণ কৰে । গিলে নেটত যথেষ্ট বেটিং অনুশীলন কৰে । এতিয়া গিলৰ প্ৰত্যাৱৰ্তনে নিশ্চিতভাৱে টীম ইণ্ডিয়াক শক্তিশালী কৰিব । কিয়নো নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গিলৰ প্ৰদৰ্শন অতি উচ্চ ।

  • - Narendra Modi Stadium.
    - It's the Biggest day of the year in the cricket calendar.
    - More than 1 Lakh roaring.
    - India takes on Pakistan.
    - The cricket world reduces into the biggest stadium.

    Can't wait for the biggest rivalry in cricket history...!!!!!!!! pic.twitter.com/waniOgTdU9

    — Johns. (@CricCrazyJohns) October 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে পাকিস্তানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচখনত শুভমন গিল টীম ইণ্ডিয়ালৈ উভতি অহাৰ লগে লগে ঈশান কিষাণ আৰু শ্ৰেয়াছ আয়াৰৰ মাজত কাক মূল একাদশৰ পৰা অব্যাহতি দিয়া হ'ব সেই সন্দৰ্ভত সিদ্ধান্ত লোৱাটো যথেষ্ট টান আছিল । কিয়নো গিলৰ অনুপস্থিতিত ঈশান কিষাণে বিগত দুখন মেচত অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে ইনিংছ আৰম্ভ কৰিছিল । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচখনত তেওঁ শূন্য ৰাণত আউট হয় যদিও আফগানিস্তানৰ বিৰুদ্ধে তেওঁ দৃঢ়তাপূৰ্ণ ৪৭ ৰাণৰ বৰঙণি আগবঢ়ায় ।

আনহাতে, বিগত দুখন মেচত শ্ৰেয়স আয়াৰৰ স্ক'ৰ হৈছে শূন্য আৰু অপৰাজিত ২৫ ৰাণ । এনে পৰিস্থিতিত মূল একাদশত কাক অন্তৰ্ভুক্ত কৰা হ'ব তাক লৈ অনুৰাগীৰ দৃষ্টি দল ঘোষণাৰ ফালে নিবদ্ধ আছিল । অৱশেষত শুভমন গিলক দলত স্থান দিয়াৰ কথা টছৰ সময়ত ঘোষণা কৰে অধিনায়ক ৰোহিত শৰ্মাই । আনহাতে, ঈশান কিষণৰ অনুপস্থিতিত কে এল ৰাহুলক উইকেটৰক্ষক বেটছমেনৰ ভূমিকাত দেখা যাব ।

লগতে পঢ়ক :Cricket World Cup 2023 : আজি বিশ্বকাপত ভাৰত পাকিস্তানৰ মহাৰণ; মেচৰ পূৰ্বে বিশেষ অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.