ETV Bharat / sports

Cricket World Cup 2023 : আজি বিশ্বকাপত ভাৰত পাকিস্তানৰ মহাৰণ; মেচৰ পূৰ্বে বিশেষ অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 11:08 AM IST

আজি বিশ্বকাপত ভাৰত পাকিস্তানৰ মহাৰণ
Cricket World Cup 2023

ভাৰত আৰু পাকিস্তানৰ মেচ মানেই অনুৰাগীৰ আবেগ সপ্তম আকাশত । তেনে ক্ষেত্ৰত কোনো বিশেষ অনুষ্ঠান নাথাকিব, সেইটো হ'বই নোৱাৰে । তাৰ বাবেই এইবাৰ বিচিচিআয়ে গ্ৰহণ কৰিছে এক বিশেষ উদ্যোগ । ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া এই হাই-প্ৰফাইল মেচখনৰ পূৰ্বে বহু তাৰকা শিল্পীয়ে ষ্টেডিয়ামত নিজৰ অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে ।

স্পৰ্টছ ডেস্ক, ১৪ অক্টোবৰ : শনিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব চলিত ক্ৰিকেট বিশ্বকাপৰ ভাৰত আৰু পাকিস্তানৰ মাজত বহু প্ৰতীক্ষিত লীগ মেচ । এক লাখতকৈও অধিক দৰ্শকৰ ক্ষমতা বিশিষ্ট এই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা ভাৰত-পাক মহাৰণৰ টিকট ইতিমধ্যেই বুকিং হৈ গৈছে ।

  • Kickstarting the much-awaited #INDvPAK clash with a special performance! 🎵

    Brace yourselves for a mesmerising musical special ft. Arijit Singh at the largest cricket ground in the world- The Narendra Modi Stadium! 🏟️

    Join the pre-match show on 14th October starting at 12:30… pic.twitter.com/K6MYer947D

    — BCCI (@BCCI) October 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, মেচখন উপভোগৰ বাবে পুৱাৰে পৰা দৰ্শকৰ ভিৰ হৈছে । ভাৰত-পাক ক্ৰিকেট মেচ বুলিলেই এক সুকীয়া আবেগে বিৰাজ কৰে অনুৰাগীসকলৰ মাজত । তাৰেই প্ৰতিফলল ঘটাই ভাৰত আৰু পাকিস্তানৰ অনুৰাগীসকল এই মেখনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে । অৱশ্যে মেচখনৰ ফলাফলৰ পিছত কোনোবা সুখী হ'ব বা আন কোনোবা দুখী হ'ব । কিন্তু মেচখন ৰোমাঞ্চকৰ কৰি তুলিবৰ বাবে বিচিচিআয়ে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে ।

  • Sukhwinder Singh is ready to make the occasion even more special! 🎵

    Catch his sensational performance before the start of the #INDvPAK game on 14th October 🙌

    Witness it LIVE at The Narendra Modi Stadium in Ahmedabad, starting at 12:30 PM 👌#CWC23 pic.twitter.com/beAHOMOfnZ

    — BCCI (@BCCI) October 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই ৰোমাঞ্চকৰ মেচখনৰ পূৰ্বে শনিবাৰে দুপৰীয়া ১২.৩০ বজাত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব । এই অনুষ্ঠানত কেইবাটাও আকৰ্ষণীয় অনুষ্ঠান ৰূপায়িত হ'ব । এই অনুষ্ঠানত অৰিজিত সিঙে তেওঁৰ যাদুকৰী কণ্ঠেৰে দৰ্শকক আমোদ যোগাব । দৰ্শকৰ মনোৰঞ্জনৰ বাবে অৰিজিত সিঙে দুপৰীয়া ১২.৩০ বজাৰ পৰা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত পোনপটীয়া অনুষ্ঠান পৰিবেশন কৰিব । তেওঁৰ লগতে শংকৰ মহাদেৱনেও মঞ্চত উপস্থিত থাকিব আৰু তেওঁৰ কণ্ঠেৰে দৰ্শকসকলক আকৰ্ষিত কৰিব ।

আনহাতে, অভিনেতা ৰণবীৰ সিং আৰু তামান্না ভাটিয়ায়ো এই বিশেষ অনুষ্ঠানটোত তেওঁলোকৰ অভিনয়েৰে দৰ্শকক আকৰ্ষিত কৰিব । লগতে নেহা কাক্কৰেও অনুষ্ঠানটোত তেওঁৰ কণ্ঠৰ যাদু প্ৰদৰ্শন কৰিব । ইয়াৰ উপৰি বহুকেইগৰাকী ডাঙৰ ডাঙৰ চেলিব্ৰিটি ষ্টেডিয়ামত উপস্থিত থাকিব বুলি আশা কৰা হৈছে । ইফালে অনুষ্কা শৰ্মাও এই হাই-প্ৰফাইল মেচখনৰ বাবে আহমেদাবাদত উপস্থিত হৈছে ।

উল্লেখ্য যে ভাৰত বনাম পাকিস্তানৰ মেচখন দুপৰীয়া ২ বজাত আৰম্ভ হ'ব । তাৰ পূৰ্বে ১২.৩০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ এঘণ্টীয়া ৰঙীন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।

লগতে পঢ়ক :Cricket World Cup: পাকিস্তানৰ বিৰুদ্ধে ৰোহিতৰ সৈতে অপেনিং কৰিবলৈ অহাৰ পূৰ্ণ সম্ভাৱনা শুভমান গিলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.