ETV Bharat / sports

Cricket World Cup AUS vs SA : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 134 ৰাণত বৃহৎ জয় দক্ষিণ আফ্ৰিকাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 3:32 PM IST

Updated : Oct 12, 2023, 9:57 PM IST

বৃহস্পতিবাৰে লক্ষ্ণৌৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৃহৎ জয় দক্ষিণ আফ্ৰিকা ৷ 134 ৰাণত বৃহৎ বিজয় সাব্যস্ত কৰে দক্ষিণ আফ্ৰিকাই ৷

Cricket World Cup AUS vs SA
লক্ষ্ণৌত দক্ষিণ আফ্ৰিকা-অষ্ট্ৰেলিয়াৰ যুঁজ

স্পৰ্টছ ডেস্ক, 12 অক্টোবৰ : চলিত ক্ৰিকেট বিশ্বকাপৰ দশমখন মেচত বৃহস্পতিবাৰে লক্ষ্ণৌৰ ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ক্ৰিকেট ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকা-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা মেচখনত অষ্ট্ৰেলিয়াক 134 ৰাণত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাই ৷ উল্লেখ্য যে, চলিত বিশ্বকাপত এইয়া অষ্ট্ৰেলিয়াৰ ক্ৰমাগত দ্বিতীয়তো পৰাজয় ৷ চেন্নাইত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন খেলত কেংগেৰু বাহিনী পৰাস্ত হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই নতুন দিল্লীত শ্ৰীলংকাক পৰাস্ত কৰি চলিত ক্ৰিকেট বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছে ৷

312 ৰাণৰ বিজয় লক্ষ্য আগত লৈ অষ্ট্ৰেলিয়াই 40.5 অভাৰতে আটাইকেইতা উইকেট হেৰুৱাই মাত্ৰ 177 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দক্ষিণ আফ্ৰিকাৰ তীক্ষ্ণ বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি 177 ৰাণতে ইনিংছ সামৰিবলৈ বাধ্য হয় পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া ৷

দলৰ হৈ মাৰ্নাছ লাবুশ্বেনে সাৰ্বাধিক 74 টা বলত 46 ৰাণ সংগ্ৰহ কাৰৰ বিপৰীতে মিছেল ষ্টাৰ্কে 51 টা বলত 27 ৰাণ সংগ্ৰহ কৰে ৷ অধিনায়ক পেট কামিনছে 21 টা বলত 22 ৰাণ কৰি পেভিলিয়নমুখী হয় ৷ দলটোৰ বাকী সকলো বেটছমেন ৰাণ সংগ্ৰহ কৰাত চূড়ান্ত ব্যৰ্থ হয় ৷ দক্ষিণ আফ্ৰিকাৰ শক্তিশালী বলিঙত তাচপাতৰ দৰে খহি পৰে কেংগেৰু বাহিনীৰ বেটিং লাইন ৷

দক্ষিণ আফ্ৰিকাৰ হৈ কেছিগ’ ৰাবাদাই সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ মাৰ্কো জান্সেন, কেশৱ মহাৰাজ আৰু টাব্ৰাইজ ছামছিয়ে 2টাকৈ উইকেট দখল কৰে ৷ লুংগি নিগিডিয়ে দখল কৰে এটা উইকেট ৷

প্ৰথমে অধিনায়ক পেট কামিন্সে টছত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে লীগ খেলখনত ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত 50 অভাৰত 7 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 311 ৰাণ ৷ বেটছমেন কুইন্টন ডি ক’কে বিস্ফোৰক বেটিঙেৰে 106 টা বলত 109 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে টেম্বা বাভূমাই 55 টা বলত সংগ্ৰহ কৰে 35 ৰাণ ৷

এইডেন মাৰ্ক্ৰামে 44 টা বলত 56 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হোৱাৰ বিপৰীতে ৰাছি ভান ডেৰ ডুচেনে 30 টা বলত 26 ৰাণ সংগ্ৰহ কৰে ৷ হেইনৰিচ ক্লাচেনে 29 ৰাণৰ বৰঙণি আগবঢ়াই ৷

অষ্ট্ৰেলিয়াৰ হৈ জোছ হেজলউডে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ গ্লেন মেক্সৱেলে 2 টা উইকেট দখল কৰে ৷ ইফালে মিছেল ষ্টাৰ্ক আৰু পেট কামিনছে 1 টাকৈ উইকেট দখল কৰে ৷

লগতে পঢ়ক : Cricket World Cup IND vs AFG : ৰোহিত শৰ্মাৰ শতকেৰে আফগানিস্তানৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ ভাৰতৰ

বৃহস্পতিবাৰৰ মেচখনৰ বাবে অষ্ট্ৰেলিয়াৰ মূল একাদশ-

ডেভিড ৱাৰ্নাৰ, মিছেল মাৰ্ছ, ষ্টিভেন স্মিথ, মাৰ্নাছ লাবুশ্বেন, জোছ ইংলিছ (উইকেট ৰক্ষক), গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্ট’ইনিছ, পেট কামিন্স (অধিনায়ক), মিছেল ষ্টাৰ্ক, আডাম জাম্পা, জোছ হেজলউড ৷

দক্ষিণ আফ্ৰিকাৰ মূল একাদশ-

কুইণ্টন ডি কক (উইকেট ৰক্ষক), টেম্বা বাভূমা (অধিনায়ক), ৰাছি ভান ডেৰ ডুচেন, এইডেন মাৰ্ক্ৰাম, হেইনৰিচ ক্লাচেন, ডেভিদ মিলাৰ, মাৰ্কো জান্সেন, কেশৱ মহাৰাজ, লুংগি নিগিডি, কেছিগ’ ৰাবাদা, টাব্ৰাইজ ছামছি ৷

লগতে পঢ়ক : Cricket World Cup 2023: বাংলাদেশৰ বিৰুদ্ধে ১৩৭ ৰানৰ বিশাল ব্যৱধানত জয় ইংলেণ্ডৰ

Last Updated : Oct 12, 2023, 9:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.