ETV Bharat / sports

Cricket World Cup 2023: বাংলাদেশৰ বিৰুদ্ধে ১৩৭ ৰানৰ বিশাল ব্যৱধানত জয় ইংলেণ্ডৰ

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 12:53 PM IST

Updated : Oct 10, 2023, 9:10 PM IST

আইচিচি পুৰুষ বিশ্বকাপ ২০২৩-ৰ সপ্তম মেচত মঙলবাৰে পুৱাৰ মেচত বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ডে বাংলাদেশক ১৩৭ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে । প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ইংলেণ্ডে বাংলাদেশৰ সন্মুখত ৩৬৫ ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছিল ।

জয়লৈ অভতি অহাৰ লক্ষ্য ইংলেণ্ডৰ
Cricket World Cup

স্পৰ্টছ ডেস্ক, ১০ অক্টোবৰ : মঙলবাৰে ধৰমশালাত অনুষ্ঠিত হোৱা বিশ্বকাপৰ এখন খেলত ইংলেণ্ডে বাংলাদেশক ১৩৭ ৰানত পৰাস্ত কৰি এই টুৰ্ণামেন্টৰ প্ৰথমটো বিজয় সাব্যস্ত কৰে ৷ বাংলাদেশৰ বিৰুদ্ধে প্ৰভাৱশালী প্ৰদৰ্শন আগবঢ়ায় ডিফেণ্ডিং চেম্পিয়ন দলটোৱে ।

প্ৰথমে বেটিং কৰি ইংলেণ্ডে অ’পেনাৰ দাৱিদ মালানৰ অনবদ্য ১৪০ ৰানৰ সহায়ত মুঠ ৫০ অভাৰত ৩৬৪/৯ ৰান সংগ্ৰহ কৰে ৷ তাৰ পিছত হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আইচিচি বিশ্বকাপ ২০২৩ গ্ৰুপ লীগৰ খেলখনত বাংলাদেশক মাত্ৰ ২২৭ ৰানত অল আউট কৰে ৷

কেৱল অ’পেনাৰ লিটন দাস (৭৬ ৰান) আৰু উইকেট কীপাৰ বেটছমেন মুছফিকুৰ ৰহিমে (৫১ ৰান) বাংলাদেশৰ হৈ কিছু ভাল খেল প্ৰদৰ্শন কৰে । নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই থকাৰ বাবে বাংলাদেশ বিপৰ্জয়ৰ সন্মুখীন হয় । ইংলেণ্ডৰ হৈ বাওঁহতীয়া পেচাৰ ৰিচ টপলি (৪/৪৩) বাংলাদেশৰ বেটছমেনৰ বাবে দুস্বপ্ন হৈ পৰে ।

টছত পৰাজিত হৈ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা ইংলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেটৰ বিনিময়ত ৩৬৪ ৰাণ সংগ্ৰহ কৰে । ইংলেণ্ডৰ হৈ ডেৱিদ মালানে ১০৭ বলত সৰ্বাধিক ১৪০ ৰাণ সংগ্ৰহ কৰে । আনহাতে, জো ৰুটেও ৬৮ বলত মাৰমুখী ৮২ ৰাণ সংগ্ৰহ কৰে । অপেনাৰ জনি বেয়াৰষ্টোৱে ৫২ ৰাণ সংগ্ৰহ কৰে ।

বাংলাদেশৰ হৈ সফল বলাৰ হৈছে মেহেদি হাচান । মেহেদিয়ে ৮ অভাৰত ৭১ ৰাণৰ বিনিময়ত ইংলেণ্ডৰ চাৰিটা উইকেট দখল কৰে । চৰিফুল ইছলামে ৩ টা উইকেট লাভ কৰে ।

উল্লেখ্য যে ২০১৯-ৰ বিশ্বকাপ বিজয়ী ইংলেণ্ডে যেনেদৰে প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে অৱতীৰ্ণ হৈছে, একেদৰে চাকিব আল হাচানৰ নেতৃত্বাধীন বাংলাদেশ দলটোৱে চলিত বিশ্বকাপত তেওঁলোকৰ জয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰিব ।

দল দুটা

ইংলেণ্ড (মূল একাদশ) : জনি বেয়াৰষ্টো, ডেৱিদ মালান, জো ৰুট, হেৰী ব্ৰুক, জছ বাটলাৰ(অধিনায়ক/উইকেটৰক্ষক), লিয়াম লিভিংষ্টন, ছেম কুৰান, ক্ৰিছ ৱ'ক্স, আদিল ৰছিদ, মাৰ্ক উড, ৰিচ টপলী

বাংলাদেশ (মূল একাদশ) : তানজিদ হাছান, লিটন দাস, নাজমুল হোছেইন শান্তো, চাকিব আল হাচান (অধিনায়ক), মেহিদী হাচান মিৰাজ, মুশফিকুৰ ৰহিম (উইকেটৰক্ষক), তৌহিদ হৃদয়, মেহেদী হাচান, তাস্কিন আহমেদ, চৰিফুল ইছলাম, মুস্তাফিজুৰ ৰহমান

লগতে পঢ়ক :Shubman Gill hospitalised : পাকিস্তানৰ বিৰুদ্ধেও খেলিব নোৱাৰিব গিলে..!

Last Updated : Oct 10, 2023, 9:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.