ETV Bharat / sports

Shubman Gill hospitalised : পাকিস্তানৰ বিৰুদ্ধেও খেলিব নোৱাৰিব গিলে..!

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 12:00 PM IST

Shubman Gill hospitalised
পাকিস্তানৰ বিৰুদ্ধেও খেলিব নোৱাৰিব গিলে

পাকিস্তানৰ বিৰুদ্ধে ১৪ অক্টোবৰৰ খেলত গিলৰ উপস্থিতি অনিশ্চয়তাত আছে । কিয়নো তেওঁক চেন্নাইৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে । ডেংগুত আক্ৰান্ত হোৱাৰ বাবে গিলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব পৰা নাছিল ।

স্পৰ্টছ ডেস্ক,১০ অক্টোবৰ : ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে আন এক উদ্বেগজনক খবৰ । ডেংগুত আক্ৰান্ত ভাৰতীয় অপেনাৰ শুভমন গিলত চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ডেংগুত আক্ৰান্তৰ পাছত তেওঁৰ প্লেটলেটৰ সংখ্যা কম আছিল, যাৰ বাবে ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হয় খেলুৱৈগৰাকীক । লগে লগে আগন্তুক মেচত তেওঁৰ অংশগ্ৰহণক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে বিশ্বকাপ অভিযানৰ প্ৰথমখন খেলত ভাৰতে উন্নত প্ৰদৰ্শনৰ জৰিয়তে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছে । বিশ্বকাপৰ দলত থাকিও ডেংগুত আক্ৰান্ত হোৱাৰ বাবে শুভমন গিলে প্ৰথমখন খেল খেলিব নোৱাৰিলে । সকলোৱে আশা কৰিছিল যে তেওঁ শীঘ্ৰে সুস্থ হৈ পুনৰ দলৰ মাজলৈ উভতি আহিব আৰু ১১ অক্টোবৰত আফগানিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ দ্বিতীয়খন খেলত অংশগ্ৰহণ কৰিব । কিন্তু খেলুৱৈগৰাকীৰ আৰোগ্যৰ প্ৰক্ৰিয়া অতি লেহেমীয়া হৈছে । সূত্ৰৰ মতে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চেন্নাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

ইফালে ভাৰতীয় দলটোৱে অহা ১৪ অক্টোবৰত চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে বহু প্ৰত্যাশিত মেচত অৱতীৰ্ণ হ'ব । কিন্তু বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি গিলে যে পাকিস্তানৰ বিৰুদ্ধেও খেলিব নোৱাৰিব সেয়াও একপ্ৰকাৰ ক্ৰিকেটপ্ৰেমীসকলে অনুমান কৰিছে । গিলৰ অসুস্থতাক লৈ ভাৰতীয় দল লগতে তেওঁৰ অনুৰাগীসকলে উদ্বিগ্ন হৈ পৰিছে ।

ইফালে শুভমন গিলে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ হৈ বিশ্বকাপত অৱতীৰ্ণ হোৱাৰ সুযোগ পাইছিল । দলত অন্তৰ্ভুক্ত হোৱাৰ পাছতো এনেদৰে অসুস্থ হৈ পৰাত শুভমন গিলে এতিয়া সমগ্ৰ বিশ্বকাপ অভিযানৰ পৰাই বাহিৰ হ'ব নেকি তাক লৈ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে প্ৰথমখন খেলত ঈশান কিষাণে ৰোহিত শৰ্মাৰ সৈতে অপেনিং কৰিছিল । সেয়ে আগন্তুক খেলখনতো দুয়োগৰাকীয়ে অপেনিং কৰাৰ লগতে কে এল ৰাহুলে মিডল অৰ্ডাৰত বেটিং কৰিব বুলি আশা কৰা হৈছে ।

গিলৰ স্বাস্থ্যৰ অৱস্থাক লৈ বিচিচিআইও উদ্বিগ্ন হৈছে । বিচিচিআইৰ সচিব জয় শ্বাহে মঙলবাৰে সংবাদ মাধ্যমৰ এক বিবৃতিত কৈছে যে গিলক এটা চিকিৎসকৰ দলে নিৰীক্ষণ কৰি আছে । গিল সম্প্ৰতি হোৱাইট বল ফৰ্মেটত প্ৰচণ্ড ফৰ্মত আছে । সেয়ে অনুৰাগীসকলে আশা কৰিছে যে যুৱ সোঁহাতৰ বেটছমেনগৰাকী সোনকালে আৰোগ্য হ'ব আৰু দলটোত যোগদান কৰিব ।

লগতে পঢ়ক :Cricket World Cup 2023: মোৰ লক্ষ্য বিশ্বকাপ জয় কৰা; কে এল ৰাহুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.