ETV Bharat / sports

Cricket World Cup 2023: মোৰ লক্ষ্য বিশ্বকাপ জয় কৰা; কে এল ৰাহুল

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:20 PM IST

Updated : Oct 9, 2023, 10:59 PM IST

Cricket World Cup 2023
উইকেট কীপাৰ বেটছমেন কে এল ৰাহুলৰ সাক্ষাৎকাৰ

ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটছমেন কে এল ৰাহুলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯৭ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল । চেন্নাইত বেটৰে আলোড়নৰ সৃষ্টি কৰাৰ পাছত ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ সৈতে কথা পাতি কে এল ৰাহুলে আঘাতৰ পৰা সুস্থ হোৱাৰ সময়খিনি মনত পেলাই কিছু কথা কৈছে ।

স্পৰ্টছ ডেস্ক, 9 অক্টোবৰ : ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলে বিশ্বকাপ ২০২৩ৰ প্ৰথমখন মেচত বিস্ফোৰক ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । প্ৰথমখন মেচতে ৰাহুলে কঠিন পৰিস্থিতিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯৭ ৰানৰ বিস্ফোৰক ইনিংছ খেলি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় ।

এই মেচখনত যেতিয়া টিম ইণ্ডিয়াক জয়ী হ’বলৈ ৫ ৰানৰ প্ৰয়োজন হৈছিল, তেতিয়া কে এল ৰাহুলে ছয় মাৰি দলটোক ৬ উইকেটত জয়লাভ কৰাত সহায় কৰিছিল । খেলখনত বিৰাট কোহলীৰ সৈতে ৰাহুলে ভাৰতৰ হৈ এদিনীয়া বিশ্বকাপৰ ইতিহাসত সৰ্ববৃহৎ অংশীদাৰিত্ব গঢ়ি তুলিছিল । কোহলীৰ সৈতে ৰাহুলে চতুৰ্থ উইকেটত ১৬৫ ৰান সংযোজন কৰে ।

মোক কোনো কাৰণ নোহোৱাকৈ ট্ৰ’ল কৰা হ’ল-

এই বিস্ফোৰক প্ৰদৰ্শনৰ পিছত ষ্টাৰ স্প’ৰ্টছৰ সৈতে কথা পাতি কে এল ৰাহুলে কয় যে, ‘‘এটা সময়ত মোক বহুত সমালোচনা কৰা হৈছিল আৰু মোক বহুত ট্ৰ’ল কৰা হৈছিল । সেই সময়ত মোৰ প্ৰদৰ্শন ইমানো বেয়া নাছিল । এই সকলোবোৰ মন্তব্য আৰু সমালোচনাবোৰ ক’ৰ পৰা আহিছিল আৰু কিয় আহিছিল মই বুজিব পৰা নাছিলো । এই সকলোবোৰ মোৰ বাবে বৰ বেদনাদায়ক আছিল আৰু তাৰ পিছত আই পি এলত আঘাতপ্ৰাপ্ত হৈছিলো । ইয়াৰ পিছত মই গম পালোঁ যে মোক সুস্থ হ’বলৈ ৫-৬ মাহ লাগিব । এইটো মোৰ বাবে কঠিন সময় আছিল যদিও ইয়াক অতিক্ৰম কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হৈছিল । সুস্থ হৈ উঠাৰ সময়ত মই বিশ্বকাপ খেলাৰ সুযোগ পাম নে নাপাম তাকো গম পোৱা নাছিলো ।’’

  • KL Rahul said - "There was a time when I was getting a lot of criticism and a lot of trolls In spite giving decent performances. So that was very painful and then I got injured in IPL & came to know need 5-6 months to recover so I go through a lot of pain during the phase". pic.twitter.com/g6d1eSkSJS

    — CricketMAN2 (@ImTanujSingh) October 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মোৰ একমাত্ৰ লক্ষ্য বিশ্বকাপ জয় কৰা-

ৰাহুলে কয়, ‘‘মই মোৰ চুটি কেৰিয়াৰত যিমান ক্ৰিকেট খেলিছোঁ ভাৰতৰ হৈ খেলিছোঁ ৷ বহুবাৰ আঘাত পাইছোঁ আৰু অস্ত্ৰোপচাৰ হৈছে । এই সকলোবোৰৰ মাজেৰে পাৰ হৈ যোৱাৰ যন্ত্ৰণা মই জানো । এই সময়ছোৱাত মোৰ এটাই লক্ষ্য আছিল যে মই বিশ্বকাপ খেলিব লাগিব আৰু তাৰ বাবে মই বহুদিন ধৰি প্ৰস্তুতি চলাই আছিলোঁ । এই বিশ্বকাপৰ বাবে মই বহুদিনৰ পৰা প্ৰস্তুতি চলাই আছিলোঁ । মই প্ৰতিদিনে নিজকে এইদৰে কৈ সাৰ পাই উঠিছিলো যে এইবাৰ বিশ্বকাপ জিকিব লাগিব । এইটোৱেই আছিল মোৰ বাবে প্ৰেৰণা । এই প্ৰেৰণাই মোক বেয়া সময়ৰ মাজেৰে পাৰ কৰি দিলে । এতিয়া মোৰ লক্ষ্য বিশ্বকাপ জয় কৰা ।

২০২৩ চনৰ আই পি এলৰ সময়ত ফিল্ডিং কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হৈছিল কে এল ৰাহুল । ইয়াৰ পিছত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয় আৰু তেওঁৰ সুস্থ হ’বলৈ বহু সময় লাগিছিল । বিশ্বকাপৰ শেষ মুহূৰ্তলৈকে তেওঁ এই বিশ্বকাপ দলৰ অংশ হ’ব নে নহয় সেয়া নিশ্চিত নাছিল । কে এল ৰাহুলে এদিনীয়া ফৰ্মেটত ভাৰতৰ হৈ ৬২খন এদিনীয়া মেচত ৫৯ ইনিংছত ৬টা শতক আৰু ১৫টা অৰ্ধশতকৰে ২৩৮৮ ৰান সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক : ক্ৰিকেটৰ ভগৱান তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে বিৰাট কোহলীয়ে; ৱাৰ্ণাৰেও গঢ়িলে অভিলেখ

Last Updated :Oct 9, 2023, 10:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.