ETV Bharat / sports

Cricket World Cup 2023: ক্ৰিকেটৰ ভগৱান তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে বিৰাট কোহলীয়ে; ৱাৰ্ণাৰেও গঢ়িলে অভিলেখ

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 4:58 PM IST

ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে বিশ্বকাপ 2023 ৰ আৰম্ভণি কৰিছে জয়েৰে ৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত খেলখনত অষ্ট্ৰেলিয়াক 6 উইকেটত পৰাস্ত কৰে টীম ইণ্ডিয়াই ৷ খেলখনৰ এক পাৰিসাংখ্যিক বিশ্লেষণ তলত আগবঢ়োৱা হ’ল...

Cricket World Cup 2023
highest run getter in ICC limited overs events

স্প’ৰ্টছ ডেস্ক, 9 অক্টোবৰ: দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কঠিন যুঁজ দি ভাৰতীয় দলটোৱে ৬ উইকেটত জয় লাভেৰে ক্ৰিকেট বিশ্বকাপৰ অভিযান আৰম্ভ কৰে । মাত্ৰ 2 ৰাণতে তিনিটাকৈ উইকেট হেৰুওৱাই বিপৰ্জয়ৰ সন্মুখীন হোৱা ভাৰতীয় দলৰ বাবে ত্ৰাণকৰ্তা ৰূপে ক্ৰীজত থিয় দিয়ে বিৰাট কোহলী আৰু কে এল ৰাহুলে ৷

  • উইকেট ৰক্ষক বেটছমেন কে এল ৰাহুলে অপৰাজিত 97 ৰাণেৰে এদিনীয়া ক্ৰিকেট বিশ্বকাপত 90 ৰাণৰ ঘৰত অপৰাজিত হৈ থকা দ্বিতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় । প্ৰথম বেটছমেন আছিল প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী, যিয়ে ২০১১ চনত মুম্বাইত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ৯১ ৰানত অপৰাজিত হৈ আছিল । আমোদজনক কথাটো হ’ল যে দুয়োজন বেটছমেনে খেলৰ অন্তলৈকে অপৰাজিত হৈ থাকে আৰু দুয়োজনেই ছয় কোবাই খেলখন সমাপ্ত কৰে ।
  • শীৰ্ষ চাৰিজন বেটছমেনৰ ভিতৰত তিনিজনে কোনো ৰাণ নকৰাকৈয়ে আউট হোৱা এইখনেই হৈছে ভাৰতৰ প্ৰথম খেল । অ’পেনাৰ ৰোহিত শৰ্মা, ঈশান কিষাণ আৰু শ্ৰেয়স আয়াৰে এক ৰানো নকৰাকৈয়ে পেভিলিয়নলৈ উভতি যায় ।
  • আগ্ৰাসী অষ্ট্ৰেলিয়ান অ’পেনাৰ ডেভিদ ৱাৰ্নাৰ বিশ্বকাপৰ ইতিহাসত দ্ৰুততম 1000 ৰান সম্পূৰ্ণ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় । 19 টা ইনিংছ খেলি তেওঁ এই কৃতিত্ব অৰ্জন কৰে ।
  • বিৰাট কোহলী আৰু কে এল ৰাহুলে চতুৰ্থ উইকেটৰ যুটিত 165 ৰাণ সংগ্ৰহ কৰে, যিটো বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যিকোনো উইকেটৰ বাবে দ্বিতীয় সৰ্বাধিক পাৰ্টনাৰশ্বীপ আছিল ।

লগতে পঢ়ক: World Cup 2023 : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাণ্ডিয়াৰ অভ্যাসগত খেল, শতকৰ পৰা বঞ্চিত কে এল ৰাহুল

  • 1999 চনৰ বিশ্বকাপৰ পিচত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াই বিশ্বকাপৰ প্ৰথমখন খেলত পৰাস্ত হয় ।
  • প্ৰতিবাৰেই বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা ভাৰতে বিশ্বকাপৰ প্ৰথমখন খেলত জয়লাভ কৰিছে ।
  • কে এল ৰাহুলৰ অপৰাজিত 97 ৰান বিশ্বকাপত ভাৰতীয় উইকেট কীপাৰৰ দ্বিতীয় সৰ্বাধিক স্ক’ৰ । ভাৰতীয় ষ্টাম্পাৰৰ সৰ্বাধিক স্ক’ৰৰ অভিলেখ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ নামত আছে ৷ তেওঁ 1999 চনৰ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে 145 ৰান সংগ্ৰহ কৰিছিল ।
  • কে এল ৰাহুলৰ অপৰাজিত 97 ৰান এদিনীয়া বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় বেটছমেনৰ তৃতীয় সৰ্বাধিক স্ক’ৰ । 2019 চনৰ বিশ্বকাপত অ’ভেলত অ’পেনাৰ শিখৰ ধাৱানে সৰ্বাধিক স্ক’ৰ কৰাৰ বিপৰীতে 1999 চনত একেটা স্থানতে অপৰাজিত 100 ৰান কৰা অজয় জাদেজা দ্বিতীয় স্থানত আছে ।
  • বিৰাট কোহলীয়ে এতিয়া ICC ৰ সীমিত অভাৰৰ টুৰ্ণামেন্টত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা ক্ৰিকেটৰ ভগৱান স্বৰূপ শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰিলে । তেণ্ডুলকাৰে 2719 ৰান সংগ্ৰহ কৰিছিল । এই তালিকাত অধিনায়ক ৰোহিত শৰ্মা তৃতীয় স্থানত থকাৰ বিপৰীতে ভাৰতৰ প্ৰাক্তন অল-ৰাউণ্ডাৰ যুৱৰাজ সিং আৰু ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থানত আছে ।

লগতে পঢ়ক: Cricket World Cup 2023 : চেজ মাষ্টাৰ...পুনৰ এবাৰ প্ৰমাণ কৰিলে কোহলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.