ETV Bharat / sports

Cricket World Cup 2023 : চেজ মাষ্টাৰ...পুনৰ এবাৰ প্ৰমাণ কৰিলে কোহলীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:31 AM IST

বিপদৰ পৰা দলটোক কেনেকৈ উলিয়াই আনিব লাগে সেই কথা ভালকৈয়ে জানে চেজ মাষ্টাৰ বিৰাট কোহলীয়ে । বিশ্বকাপ অভিযানৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ সেই কথা আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে । দ্বিতীয় বেটিঙত যেতিয়াই কোহলীয়ে ভাল প্ৰদৰ্শন কৰিছে তেতিয়াই ভাৰতে বিজয়ৰ মুখ দেখিছে ।

Cricket World Cup 2023
চেজ মাষ্টাৰ পুনৰ এবাৰ প্ৰমাণ কৰিলে কোহলীয়ে

স্পৰ্টছ ডেস্ক,৯ অক্টোবৰ : বিৰাট কোহলীক কিয় চেজ মাষ্টাৰ বুলি কোৱা হয় ! বিশ্বকাপ ২০২৩ৰ প্ৰথমখন খেলত তেওঁৰ প্ৰদৰ্শনে সেই কথা প্ৰমাণিত কৰিছে । দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পুনৰ এবাৰ কোহলীয়ে নিজৰ দক্ষতা প্ৰদৰ্শন কৰে আৰু ৮৫ ৰাণ সংগ্ৰহ কৰে । ২ অভাৰত ভাৰতে ২ ৰাণত ৩ টা উইকেট হেৰুৱাইছিল । কম স্ক'ৰৰ খেলখনত একপ্ৰকাৰে বিপদত পৰিছিল ভাৰতীয় দলটো । কিন্তু বিৰাট কোহলীৰ সুন্দৰ প্ৰদৰ্শনে পুনৰ এবাৰ ভাৰতক খেলখনত ঘূৰি অহাত সহায় কৰে ।

২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ বিজয়ী দলৰ অংশ আছিল ৰাণ মেচিন বিৰাট কোহলী । দিল্লীৰ বেটছমেনগৰাকীৰ উন্নত প্ৰদৰ্শনৰ বাবে বিশেষকৈ ৫০ অভাৰৰ ক্ষেত্ৰত তেওঁক চেজ মাষ্টাৰ বুলি কোৱা হয় ।

অৱশ্যে, বিৰাট কোহলীৰ লগতে উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলৰ দৃঢ়তাৰ বাবে ভাৰতে চেন্নাইৰ চেপক ষ্টেডিয়ামত ৫ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক প্ৰথমখন খেলতে পৰাস্ত কৰিবলৈ সক্ষম হয় । লগে লগে প্ৰথমটো জয়ৰ সৈতে ভাৰতৰ বিশ্বকাপৰ অভিযান আৰম্ভ হয় । বিৰাট কোহলীৰ এই প্ৰদৰ্শনে ২০২২ চনৰ টি-২০ বিশ্বকাপৰ কথা মনত পেলাই দিছে । যেতিয়া অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে তেওঁ আক্ৰমণাত্মক খেল দেখুৱাইছিল আৰু এক আকৰ্ষণীয় স্ক'ৰৰ সৈতে মেন ইন ব্লুক জয়ী কৰোৱাত সহায় কৰিছিল ।

১৩,০০০ ৰো অধিক ৰাণ কৰা কোহলীৰ এদিনীয়াত দ্বিতীয় ইনিংছত বেটিং কৰাৰ সময়ত ১৪৮ টা ইনিংছত ৬৪.৩১ গড়ে ষ্ট্ৰাইক ৰেট ৯৩.৫০ । মুঠ ৰাণ ৭,৫২৫ । য'ত ২৮ টা শতক আৰু ৩৮ টা অৰ্ধ-শতক আছে । এই সময়ত তেওঁৰ সৰ্বাধিক স্ক'ৰ ১৮৩ ৰাণ ।

ভাৰতে খেলবোৰত জয়ী হোৱাৰ ক্ষেত্ৰত বিৰাট কোহলীৰ যথেষ্ট অৱদান আছে । ভাৰতে জয়ী হোৱা ৯২ টা ইনিংছত কোহলীৰ ৮৮.৯৮ গড়ে ষ্ট্ৰাইক ৰেট ৯৭.০১ । তাৰকা বেটছমেনজনে এই সময়ত ৫,৫১৭ ৰাণ সংগ্ৰহ কৰিছে আৰু প্ৰায় ২২ টা শতক আৰু ২৩ টা অৰ্ধ-শতক আছে । কোহলীয়ে এনেদৰে এদিনীয়াত ৰাণ চেজত আটাইতকৈ সফল বেটছমেন ৰূপে পৰিগণিত হৈছে ।

তালিকাৰ দ্বিতীয় শ্ৰেষ্ঠ হৈছে ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰ । যাৰ লক্ষ্যৰ পম খেদি ১২৪ টা ইনিংছত ৫৫.৪৫ গড়ৰ সৈতে মুঠ ৫,৪৯০ ৰাণ আছে । তাৰ পাছত অষ্ট্ৰেলিয়াৰ বিশ্বকাপজয়ী প্ৰাক্তন অধিনায়ক ৰিকি পন্টিং । যাৰ ১০৪ টা ইনিংছত ৫৭.৩৪ গড়ৰ সৈতে ৪,১৮৬ ৰাণ আছে । এইক্ষেত্ৰত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা ৮৯ টা ইনিংছত ৬৩.২২ গড়ৰ সৈতে ৩,৯৮৩ ৰাণৰ সৈতে চতুৰ্থ স্থানত আছে । আনহাতে এই তালিকাৰ পঞ্চম স্থানত আছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ জেক কালিছ । যাৰ ১০০ টা ইনিংছত ৩৯৫০ ৰাণ আছে ।

লগতে পঢ়ক :Cricket World Cup 2023 IND Vs AUS: জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ মেন ইন ব্লুৰ; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.