ETV Bharat / bharat

Cricket World Cup 2023 IND Vs AUS: জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ মেন ইন ব্লুৰ; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 3:52 PM IST

Updated : Oct 8, 2023, 10:15 PM IST

দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন মেচত ভাৰতে 6 উইকেটত জয়লাভ কৰে ৷ টছত জিকি ভাৰতৰ বিৰুদ্ধে প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ অষ্ট্ৰেলিয়াই 200 ৰাণৰ লক্ষ্য বান্ধি দিছিল ৷

Cricket World Cup 2023 IND V AUS
ভাৰত-অষ্ট্ৰেলিয়াৰ যুঁজ

স্পৰ্টছ ডেস্ক, 8 অক্টোবৰ : জয়েৰে বিশ্বকাপৰ যাত্ৰা আৰম্ভ ভাৰতীয় ক্ৰিকেট দলৰ ৷ আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন মেচত ভাৰতে 6 উইকেটত জয়লাভ কৰে ৷ 200 ৰাণৰ বিজয় লক্ষ্য আগত লৈ 41.2 অভাৰতে 4 উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ভাৰতে ৷

নিজৰ ইনিংছ আৰম্ভ কৰি ভাৰতে মাত্ৰ 2 ৰাণতে তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও, তাৰকা খেলুৱৈ বিৰাট কোহলী আৰু কে এল ৰাহুলে যুটী বান্ধি দলটোক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰে ৷

কোনো ৰাণ নকৰাকৈ পেভিলিয়নমুখী হোৱা অধিনায়ক ৰোহিত শৰ্মা, ইষাণ কিষণ আৰু শ্ৰেয়াছ আয়াৰৰ পাছত বিৰাট কোহলী আৰু কে এল ৰাহুল ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হয় ৷ ধৈৰ্য সহকাৰে এক সুস্থিৰ ইনিংছ খেলি দুয়োজন তাৰকা বেটছমেনে ভাৰতীয় দলক বিজয়ৰ সোৱাদ দিয়ে ৷

বিৰাট কোহলীয়ে 116 টা বলত 85 ৰাণ কৰি হেজেলউডৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়াৰ বিপৰীতে কে এল ৰাহুলে 115 বলত 97 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ ইফালে হাৰ্ডিক পাণ্ডিয়াই 8 টা বলত 11 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ কে এল ৰাহুল প্লেয়াৰ অব দ্য মেচ হিচাবে বিবেচিত হয় ৷

অষ্ট্ৰেলিয়াৰ হৈ জ’ছ হেজেলউডে 9 অভাৰত এটা মেইডেন অভাৰসহ 38 ৰাণ খৰছ কৰি 3 টা উইকেট দখল কৰে ৷ মিটশ্বেল ষ্টাৰ্কে 8 অভাৰত 31 ৰাণ খৰছ কৰি 1 টা উইকেট দখল কৰে ৷

টছত জিকি ভাৰতৰ বিৰুদ্ধে প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ অষ্ট্ৰেলিয়াই 49.3 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 199 ৰাণ ৷ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ, নিজৰ ইনিংছ আৰম্ভ কৰি 2.2 অভাৰতে মিটশ্বেল মাৰ্শ্বৰ উইকেট হেৰুৱাই অষ্ট্ৰেলিয়ান দলটো শলঠেকত পৰিছিল যদিও অভিজ্ঞ খেলুৱৈ ষ্টিভেন স্মিথ আৰু ডেভিদ ৱাৰ্ণাৰে যুটী বান্ধি দলটোক এক নিয়ন্ত্ৰিত আৰম্ভণি দিয়ে ৷ মিটশ্বেল মাৰ্শ্বে 6 টা বলত কোনো ৰাণ নকৰাকৈ যশপ্ৰীত বুমৰাহৰ বলত পেভিলিয়নমুখী হয় ৷

ইয়াৰ পাছতে অভিজ্ঞ স্পীনাৰ কুলদীপ যাদৱে ডেভিদ ৱাৰ্ণাৰৰ উইকেট দখল কৰি অষ্ট্ৰেলিয়া দলত দ্বিতীয়টো আঘাত হানে ৷ 52 টা বলত 41 ৰাণ কৰি কুলদীপ যাদৱৰ বলত পেভিলিয়নমুখী হয় ডেভিদ ৱাৰ্ণাৰ ৷ ষ্টিভেন স্মিথে 71 টা বলত 46 ৰাণ কৰি ৰবীন্দ্ৰ জাডেজাৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ ইয়াৰ পাছতে অষ্ট্ৰেলিয়াৰ বেটিং লাইনত খহনীয়া আৰম্ভ হয় ৷

ভাৰতীয় বলাৰে নিয়ন্ত্ৰিত বলিঙেৰে অষ্ট্ৰেলিয়াক 199 ৰাণতে সীমাবদ্ধ কৰি ৰাখে ৷ কুলদীপ যাদৱ, ৰবিশ্বন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাডেজাৰ স্পীনৰ যাদুত তিষ্ঠিত নোৱাৰি এজন এজনকৈ পেভিলিয়নমুখী হয় অষ্ট্ৰেলিয়াৰ বেটছমেন ৷ মিটছেল ষ্টাৰ্কে শেষৰ ফালে দলক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল যদিও 200 ৰাণৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে কেংগেৰু বাহিনীয়ে ৷

ভাৰতৰ হৈ ৰবীন্দ্ৰ জাডেজাই সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ তেওঁ 10 অভাৰত 2 টা মেইডেন অভাৰসহ 28 ৰাণ খৰচ কৰি দখল কৰে 3টা উইকেট ৷ কুলদীপ যাদৱ আৰু ৷ যশপ্ৰীত বুমৰাহে দখল কৰে 2টাকৈ উইকেট ৷ ৰবিশ্বন্দ্ৰন অশ্বিন, মহম্মদ চিৰাজ আৰু হাৰ্ডিক পাণ্ডিয়াই 1 টাকৈ উইকেট দখল কৰে ৷ উল্লেখ্য যে, এইখন মেচ দুয়োখন ক্ৰিকেট ৰাষ্ট্ৰৰ মাজত ১৫০ সংখ্যক এদিনীয়া মেচ ৷

অষ্ট্ৰেলিয়াই তিনিজন ছিমাৰ আৰু এজন স্পীনাৰ দলত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে, ভাৰতে তিনিজন স্পীনাৰ, দুজন পেচাৰ আৰু এজন অল ৰাউণ্ডাৰ অন্তৰ্ভুক্ত কৰিছিল ৷ দুৰ্ভাগ্যজনকভাৱে ফৰ্মত থকা অপেনাৰ বেটছমেন শুভমন গীল এতিয়াও সুস্থ হৈ উঠা নাই আৰু এই খেলৰ বাবে তেওঁক জিৰণি দিয়া হৈছে ৷ তেওঁৰ ঠাইত ঈশান কিষাণে অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰে ৷

লগতে পঢ়ক : Cricket World Cup 2023 : ১৪ অক্টোবৰত ভাৰত-পাকিস্তানৰ মহাৰণ; ১৪ হাজাৰ টিকট মুকলি কৰিবলৈ সাজু হৈছে বি চি চি আই

Last Updated : Oct 8, 2023, 10:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.