ETV Bharat / bharat

Cricket World Cup 2023 : ১৪ অক্টোবৰত ভাৰত-পাকিস্তানৰ মহাৰণ; ১৪ হাজাৰ টিকট মুকলি কৰিবলৈ সাজু হৈছে বি চি চি আই

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 10:58 PM IST

Cricket World Cup 2023
১৪ অক্টোবৰত আহমেদাবাদত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ মহাৰণ

এদিনীয়া বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ এক সুন্দৰ অভিলেখ আছে আৰু দুয়োপক্ষৰ মাজৰ ক্ৰিকেট যুদ্ধত ভাৰতে পাকিস্তানক সাতবাৰকৈ পৰাজিত কৰিছে। শেষবাৰৰ বাবে, দুয়োটা দলে ভাৰতত বিশ্বকাপৰ এখন খেল খেলিছিল, ২০১১ চনত, মোহালিৰ পঞ্জাৱ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত ছেমি ফাইনেল ৷ য'ত তেতিয়াৰ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত দলটো বিজয়ী হৈছিল।

স্পৰ্টছ ডেস্ক, 7 অক্টোবৰ : অহা ১৪ অক্টোবৰত আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত ভাৰত-পাকিস্তানৰ খেলখনৰ ১৪ হাজাৰ টিকট মুকলি কৰাৰ কথা শনিবাৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) ঘোষণা কৰে ৷

যথেষ্ট উত্তেজনাপূৰ্ণ হ’ব লগা এই খেলখন নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব, যি হৈছে বিশ্বৰ সৰ্ববৃহৎ আৰু ইয়াৰ আসন ক্ষমতা 1,32,000। দুয়োখন দেশৰ মাজত ৰাজনৈতিক আৰু কূটনৈতিক পৰিৱেশৰ বাবে ভাৰত আৰু পাকিস্তানে কেৱল আইচিচি আৰু এছিয়ান ক্ৰিকেট পৰিষদৰ অনুষ্ঠানতহে খেলে।

বিচিচিআইয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি, "২০২৩ চনৰ ৮ অক্টোবৰ নিশা ১২ বজাৰ পৰা মেচখনৰ টিকট বিক্ৰী আৰম্ভ হ'ব। অনুৰাগীয়ে অফিচিয়েল টিকটিং ৱেবছাইট https://tickets.cricketworldcup.com ত গৈ টিকট ক্ৰয় কৰিব পাৰিব।"

লগতে পঢ়ক : Cricket World Cup 2023 : অসম্পূৰ্ণ কাম কৰিবলৈ ভাল নালাগে; চেন্নাইত অষ্ট্ৰেলিয়াৰ মুখামুখী হোৱাৰ পূৰ্বে ৰোহিত শৰ্মা

চলিত ক্ৰিকেট বিশ্বকাপৰ বাবে ৭ বছৰৰ অন্তত ভাৰতত উপস্থিত হয় বাবৰ আজমৰ নেতৃত্বাধীন পাকিস্তান ক্ৰিকেট দলটো ৷ হায়দৰাবাদত ৱাৰ্ম আপ মেচত নেদাৰলেণ্ডক পৰাস্ত কৰি দলটোৱে নিজৰ অভিযান আৰম্ভ কৰে।

আনহাতে চলিত বিশ্বকাপত ভাৰতে ৮ অক্টোবৰত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।

এদিনীয়া বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ এক সুন্দৰ অভিলেখ আছে আৰু দুয়োপক্ষৰ মাজত হোৱা ক্ৰিকেটৰ মহাৰণত পাকিস্তানক সাতবাৰকৈ পৰাজিত কৰিছে ভাৰতে ৷ শেষবাৰৰ বাবে দুয়োটা দলে ভাৰতত বিশ্বকাপৰ এখন খেল খেলিছিল, ২০১১ চনত ৷ মোহালিৰ পঞ্জাৱ ক্ৰিকেট এছ'চিয়েছন ষ্টেডিয়ামত ছেমি ফাইনেল খেলত মুখামুখি হৈছিল দুয়োটা দল, য'ত তেতিয়াৰ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতীয় দলটো বিজয়ী হৈছিল।

লগতে পঢ়ক : Cricket World Cup 2023 : দেওবাৰে বিশ্বকাপত ভাৰত বনাম অষ্ট্ৰেলিয়া; চেপকৰ পিটচে কিয় কয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.