ETV Bharat / sports

World Cup 2023 : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাণ্ডিয়াৰ অভ্যাসগত খেল, শতকৰ পৰা বঞ্চিত কে এল ৰাহুল

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 11:44 AM IST

World Cup 2023
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাণ্ডিয়াৰ অভ্যাসগত খেল

বিৰাট কোহলীৰ পাছত কে এল ৰাহুলেও শতক কৰিব নোৱাৰিলে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ এক সুন্দৰ জয় । পাণ্ডিয়াই অন্তিম অ'ভাৰত অভ্যাসগত প্ৰদৰ্শন দেখুৱালে ।

স্পৰ্টছ ডেস্ক,৯ অক্টোবৰ : বিশ্বকাপ অভিযানৰ প্ৰথমখন খেলতে ভাৰতে ৫ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় । দেওবাৰে চেন্নাইৰ চেপক এমএচি ষ্টেডিয়ামত ১৯৯ ৰাণতে কেংগাৰু বাহিনীক খেলপথাৰ এৰিবলৈ বাধ্য কৰাই ভাৰতীয় বলাৰে । তাৰ পাছতে কোহলী, কে এল ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াৰ সুন্দৰ ইনিংছে দলটোক জয়ৰ মুখ দেখুৱায় ।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত এই খেলখনত সৰ্বাধিক ৫ টা ছিক্সাৰ দেখা গৈছে । তাৰ ভিতৰত দুটা ছিক্সাৰ দীঘলীয়া সময়ৰ বাবে সকলোৰে মনত থাকিব । প্ৰথমটো হাৰ্দিক পাণ্ডিয়াৰ এক স্পইলাৰ ছিক্সাৰ আৰু দ্বিতীয়টো কে এল ৰাহুলৰ মেচ বিজয়ী হিট ।

বিৰাট কোহলী ৮৫ ৰাণত আউট হোৱাৰ পাছত হাৰ্দিকে বেটিং কৰিবলৈ খেলপথাৰত অৱতৰণ কৰে । কোহলী আউট হোৱাৰ ফলত ভাৰতীয় অনুৰাগীসকলে ৰাহুলৰ ফালে মনোনিৱেশ কৰিছিল । কোহলীয়ে শতক কৰিব নোৱাৰিলে যদিও দৰ্শকে আশা কৰিছিল ৰাহুলে শতক কৰিবলৈ সক্ষম হ'ব । কোহলী আউট হোৱাৰ সময়ত ৰাহুলে ৭৫ ৰাণত বেটিং কৰি আছিল ।

কিন্তু হাৰ্দিক পাণ্ডিয়াই তেওঁৰ ইনিংছৰ ৬ নম্বৰ বলটোতে এক বৃহৎ ছিক্সাৰ মাৰে । পাণ্ডিয়াই হেজলউডৰ বিৰুদ্ধে লং অফত এই ছিক্সাৰ মৰাৰ লগে লগে ভাৰতীয় দৰ্শকৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায় । তেতিয়া ভাৰতৰ স্ক'ৰ আছিল ১৭৬ । পৰৱৰ্তী অভাৰত ৰাহুলেও নিজৰ ইনিংছৰ প্ৰথমটো ছিক্সাৰ কোবায় । ৪১ নম্বৰ অভাৰৰ শেষলৈ ৰাহুলে ৯১ ৰাণ আৰু হাৰ্দিকে ৮ টা বলত ১১ ৰাণ কৰি খেলি আছিল ।

দৰ্শকসকলে কল্পনা কৰিছিল যে ৰাহুলে এটা চাৰি আৰু ছিক্সাৰ মাৰি তেওঁৰ শতক সম্পূৰ্ণ কৰিব । কে এল ৰাহুলো আশাবাদী আছিল । অৱশ্যে ৰাহুলে ৪১ অভাৰৰ দ্বিতীয়টো বলতে পুনৰ এটা ছিক্সাৰ মাৰে আৰু এইটো আছিল কে এল ৰাহুলৰ মেচ উনিং হিট । ইয়াৰ লগে লগে ৰাহুল ৯৭ ৰাণত নট আউট হৈ থাকে । কোহলীৰ পাছত কে এল ৰাহুলৰ ওপৰত আশা কৰা হৈছিল যদিও খেলখনত কোনো এগৰাকী ভাৰতীয়ই শতক নকৰাকৈয়ে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে ।

লগতে পঢ়ক :Cricket World Cup 2023 : চেজ মাষ্টাৰ...পুনৰ এবাৰ প্ৰমাণ কৰিলে কোহলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.