ETV Bharat / sports

CWC 2023 : বিশ্বকাপৰ পৰা বাহিৰ হাৰ্দিক পাণ্ডিয়া; দলত অন্তৰ্ভুক্ত প্ৰসিদ্ধ কৃষ্ণ

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 2:11 PM IST

Updated : Nov 4, 2023, 10:22 PM IST

বিশ্বকাপৰ পৰা বাহিৰ হাৰ্দিক পাণ্ডিয়া; দলত অন্তৰ্ভুক্ত প্ৰসিদ্ধ কৃষ্ণ
CWC 2023

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰসিদ্ধ কৃষ্ণৰ বিশেষ অভিজ্ঞতা নাই । কিন্তু ভাৰতীয় দল নিৰ্বাচকসকলে তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰিছে ।

স্পৰ্টছ ডেস্ক, ৪ নৱেম্বৰ : চলিত বিশ্বকাপৰ ছেমি ফাইনেলৰ পূৰ্বে ভাৰতীয় দলত মোক্ষম আঘাত । বাংলাদেশৰ বিৰুদ্ধে লীগ মেচত আঘাতপ্ৰাপ্ত হাৰ্দিক পাণ্ডিয়া টীম ইণ্ডিয়াৰ বিশ্বকাপ অভিযানৰ বাকী থকা মেচসমূহত উপলব্ধ নহ'ব । পৰৱৰ্তী দুখন লীগ মেচত হাৰ্দিক পাণ্ডিয়াই খেলিব নোৱাৰাৰ লগতে সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰায়ে তেওঁ বাহিৰ হ'বলগা হয় ।

নিশ্চিতভাৱে ছেমি ফাইনেলৰ পূৰ্বে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিৰ এই খবৰে ভাৰতীয় দলত এক মোক্ষম আঘাত হানিব । লগতে অনুৰাগীসকলো হতাশ হৈছে । কিয়নো পাণ্ডিয়াই ইয়াৰ পূৰ্বে ভাৰতীয় দলৰ বহু ডাঙৰ প্ৰতিযোগিতাত দলটোক বিজয়ৰ পথলৈ লৈ গৈছে । তেওঁ ভাৰতীয় দলত এগৰাকী গুৰুত্বপূৰ্ণ বেটছমেন আৰু বলাৰৰ ভূমিকা পালন কৰি আহিছে ।

উল্লেখ্য যে হাৰ্দিকে বাংলাদেশৰ বিৰুদ্ধে মেচখনত বলিঙৰ সময়ত নিজে বল এটা ৰাখিবলৈ কৰা চেষ্টাট বাঁও গোৰোহাত আঘাত পায় । তাৰ পিছত তেওঁ আধাতে খেলপথাৰ ত্যাগ কৰিবলগা হয় । অৱশ্যে তেওঁ ছেমি ফাইনেলৰ পূৰ্বে সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছিল যদিও অৱশেষত সেয়া নহ'ল । তেওঁৰ গোৰোহাৰ স্কেনৰ পিছত সিদ্ধান্ত লোৱা হয় যে পাণ্ডিয়া বৰ্তমান খেলিব পৰা অৱস্থাত নাই । আনহাতে, ভাৰতীয় দল ব্যৱস্থাপনাই ছেমি ফাইনেলৰ বাবে তেওঁৰ ক্ষেত্ৰত কোনো ধৰণৰ বিপদাশংকা ল'ব বিচৰা নাই । সেয়েহে তেওঁৰ পৰিৱৰ্তে প্ৰসিদ্ধ কৃষ্ণক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰসিদ্ধ কৃষ্ণৰ বিশেষ অভিজ্ঞতা নাই । কিন্তু ভাৰতীয় দল নিৰ্বাচকসকলে তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰিছে । তেওঁ এতিয়ালৈকে ১৭ খন এদিনীয়াত অংশগ্ৰহণ কৰি ২৮ টা উইকেট দখল কৰিছে । এখন মেচত প্ৰসিদ্ধ কৃষ্ণৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ১২ ৰাণত ৪ টা উইকেট ।

উল্লেখ্য যে টীম ইণ্ডিয়া ইতিমধ্যে ছেমি ফাইনেলত উপনীত হৈছে । বিশ্বকাপৰ সপ্তমখন লীগ মেচত শ্ৰীলংকাক ৩০২ ৰাণত পৰাস্ত কৰে ভাৰতে । ভাৰতীয় দলটোৱে এতিয়ালৈকে খেলা ৭ খন মেচৰ আটাইকেইখনতে জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত আছে । অৱশ্যে বিশ্বকাপৰ বাকী তিনিটা ছেমি ফাইনেলিষ্ট দল এতিয়াও চূড়ান্ত হোৱা নাই ।

লগতে পঢ়ক :World Cup 2023: ভাৰতীয় দলক প্ৰশংসা ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইক আথাৰটনৰ

Last Updated :Nov 4, 2023, 10:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.