ETV Bharat / sports

শচীন তেণ্ডুলকাৰকে ধৰি বিশ্ব ক্ৰিকেটাৰসকলৰ নৱবৰ্ষৰ শুভেচ্ছা

author img

By ANI

Published : Jan 1, 2024, 2:28 PM IST

Updated : Jan 1, 2024, 2:47 PM IST

Happy New Year 2024 : "নতুন বছৰ হৈছে নতুন সপোন ৰচা আৰু বৰ্তমানৰ সপোনবোৰৰ প্ৰতি অধিক প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ এক উত্তম সময় । আমাৰ সকলো ইতিবাচক চিন্তা আমি বিচৰা লক্ষ্যবোৰত প্ৰকাশ পাওক । সকলোকে এটা সুখৰ আৰু পূৰ্ণতালাভৰ নতুন বছৰ ২০২৪ৰ শুভকামনা জনাইছোঁ ।" তেণ্ডুলকাৰে টুইট কৰে ।

Happy New Year 2024
শচীন তেণ্ডুলকাৰকে ধৰি বিশ্ব ক্ৰিকেটাৰসকলৰ নৱবৰ্ষৰ শুভেচ্ছা

নিউজ ডেস্ক, ১ জানুৱাৰী : বিশ্ব ক্ৰিকেটৰ তাৰকাসকলে সামাজিক মাধ্যমত অনুৰাগী আৰু ক্ৰিকেট জগতক নৱবৰ্ষৰ শুভেচ্ছা জনাইছে । কিংবদন্তী ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে অনুৰাগীসকলক নতুন বছৰৰ শুভেচ্ছা জনাই এই বছৰটোক "নতুন সপোন ৰচনা কৰা আৰু বৰ্তমানৰ সপোনবোৰৰ প্ৰতি অধিক প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ এক উত্তম সময়" বুলি অভিহিত কৰে ।

"নতুন বছৰ হৈছে নতুন সপোন ৰচা আৰু বৰ্তমানৰ সপোনবোৰৰ প্ৰতি অধিক প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ এক উত্তম সময় । আমাৰ সকলো ইতিবাচক চিন্তা আমি বিচৰা লক্ষ্যবোৰত প্ৰকাশ পাওক । সকলোকে এটা সুখৰ আৰু পূৰ্ণতালাভৰ নতুন বছৰ ২০২৪ৰ শুভকামনা জনাইছোঁ ।" তেণ্ডুলকাৰে টুইট কৰে ।

  • New Year is a great time to script new dreams, and commit further to existing ones.

    May all our positive thoughts manifest into the goals we desire.

    Wishing everyone a happy and fulfilling New Year 2024.#HappyNewYear

    — Sachin Tendulkar (@sachin_rt) January 1, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

২০২৩ বৰ্ষটো স্মৰণীয় হোৱা ভাৰতীয় পেচাৰ মহম্মদ শ্বামীয়ে সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনায় । "সকলোকে ২০২৪ চনৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ ।" ছামীয়ে টুইট কৰে । ভাৰতীয় মিডল অৰ্ডাৰ বেটাৰ কে এল ৰাহুলে এক্সত নিজৰ শুভেচ্ছা বাৰ্তাত লিখিছে, "প্ৰেম, ইতিবাচকতা আৰু ৰোমাঞ্চকৰ অভিযানেৰে পৰিপূৰ্ণ নতুন বছৰ ২০২৪ৰ শুভেচ্ছা জনালোঁ ।"

  • Wishing everyone a year ahead filled with love, positivity and exciting adventures. Happy New Year. 🎇

    — K L Rahul (@klrahul) January 1, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, ২০২২ চনৰ ডিচেম্বৰত সংঘটিত এক পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত বৰ্তমান আৰোগ্য লাভ কৰা ভাৰতীয় উইকেটৰক্ষক-বেটাৰ ঋষভ পন্তে ইনষ্টাগ্ৰামত নতুন বছৰ উদযাপনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ এটা ষ্ট'ৰী পোষ্ট কৰিছে ।

ভাৰতীয় মিডল অৰ্ডাৰৰ জ্যেষ্ঠ ক্ৰিকেটাৰ চেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেয়েও সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছে । "এই নতুন বছৰটো আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ বাবে আশা, সুখ আৰু সম্প্ৰীতিৰে ভৰি থাকক । শুভ নৱবৰ্ষ !" পূজাৰাই টুইটত লিখিছে । ৰাহানেয়ে তেওঁৰ পৰিয়ালৰ এখন ফটোও পোষ্ট কৰি সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছে । "আমাৰ তৰফ পৰা আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ !" ৰাহানেয়ে টুইটত লিখিছে ।

  • New year, new me(maybe not!) but with the same pads(albiet cleaned!)

    Wanted to kickstart the year with cleaned pads as a few of you were complaining about the pads 😅

    Happy new year! pic.twitter.com/4SZjd28fh4

    — Cheteshwar Pujara (@cheteshwar1) January 1, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

আফালে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ইয়ান বিশ্বপে টুইট কৰি কয়, "সকলোকে নৱবৰ্ষৰ শুভেচ্ছা । আপোনাৰ ২০২৪ বৰ্ষটো মৰম, উষ্ণতা আৰু দয়াৰে ভৰি থাকক ।" অষ্ট্ৰেলিয়াৰ তাৰকা অপেনাৰ ট্ৰেভিছ হেডেও এই উপলক্ষে অষ্ট্ৰেলিয়াত আতচবাজীৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে । "শুভ নৱবৰ্ষ অষ্ট্ৰেলিয়া । স্বাগতম ২০২৪ ।" হেডে টুইট কৰিছে ।

  • Happy New Year to everyone. May your 2024 be filled with lots of love, warmth and kindness, one person at a time🙏🏽🙏🏽🙏🏽🙏🏽.

    — Ian Raphael Bishop (@irbishi) January 1, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

পাকিস্তানৰ কিংবদন্তী পেচাৰ ৱাছিম আক্ৰাম আৰু ৱাকাৰ ইউনুছেও অনুৰাগীসকললৈ তেওঁলোকৰ নৱবৰ্ষৰ শুভেচ্ছা আগবঢ়াইছে । "এটা ভাল বছৰৰ আশা কৰিলোঁ ! ২০২৪ চনৰ বাবে আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোৰে মৰম, সুৰক্ষা আৰু সমৃদ্ধি কামনা কৰিছোঁ । মোৰ পৰিয়ালৰ পৰা আপোনালৈ শুভকামনা জনাইছোঁ ।" আক্ৰামে টুইট কৰে । ২০২৪ চনৰ শুভেচ্ছা মেটলা পৰিয়ালৰ সকলোৰে তৰফৰ পৰা ।" ৱাকাৰ ইউনুছে টুইট কৰে ।

  • Here’s hoping for a better year! Wishing you and your families all the love, safety and prosperity for 2024, all the best from my family to yours. pic.twitter.com/DgtJjXgCLG

    — Wasim Akram (@wasimakramlive) January 1, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ভিভিএছ লক্ষ্মণে এনেদৰে টুইট কৰিছে, "জীৱনটো উজ্জ্বল হওক, সকলো ভালপোৱাই আপোনাক উপচাই পেলাওক ।" ভাৰতীয় মহিলা দলৰ অপেনাৰ স্মৃতি মান্ধানায়ো নতুন বছৰটো "সকলোৰে বাবে আনন্দ, সফলতা আৰু ৰোমাঞ্চকৰ অভিযানেৰে পৰিপূৰ্ণ" হওক বুলি শুভেচ্ছা জনাইছে ।

  • Wishing you joy, success, and exciting adventures in the coming year. Cheers to new beginnings! Happy New year ✨

    — Smriti Mandhana (@mandhana_smriti) January 1, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : দ্বিতীয় টেষ্টৰ বাবে কেপ টাউনত উপস্থিত ভাৰতীয় দল

Last Updated : Jan 1, 2024, 2:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.