ETV Bharat / sports

ICC World Cup 2023 : আফগানিস্তানৰ হাতত পৰাজয়ে আমাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি কৰিলে : বাবৰ আজম

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 10:42 PM IST

ICC World Cup 2023
পাকিস্তানৰ অধিনায়ক বাবৰ আজম

আফগানিস্তানৰ বিৰুদ্ধে মেচখনত পৰাজয়ে আমাক এই পৰিস্থিতিলৈ লৈ গৈছে ৷ ইংলেণ্ডৰ বিৰুদ্ধে চলিত বিশ্বকাপৰ মেচখনৰ পূৰ্বে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে পাকিস্তানী ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজমে ৷

স্পৰ্টছ ডেস্ক, 10 নৱেম্বৰ : আইচিচি বিশ্বকাপ 2023ত ধাৰাভাষ্যত ব্যস্ত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ প্ৰাক্তন মুৰব্বী ৰমীজ ৰাজাই ইডেন গাৰ্ডেনছলৈ আহি শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ খেলখনৰ প্ৰাকক্ষণত পাকিস্তান দলৰ সৈতে কথা পাতিছিল ৷

প্ৰাক্তন অধিনায়কগৰাকীয়ে বৰ্তমানৰ অধিনায়ক বাবৰ আজমৰ সৈতে বহু সময় কথা পাতে আৰু তেওঁলোকৰ অন্তিমখন গ্ৰুপ লীগৰ খেলৰ পূৰ্বে গুৰুত্বপূৰ্ণ মন্তব্যৰ বিনিময় কৰে ৷ বিশ্বকাপৰ পৰা পাকিস্তানৰ বাহিৰ হোৱাটো মাথোঁ সময়ৰ কথা, কিয়নো ইংলেণ্ডৰ বিৰুদ্ধে 287 ৰাণত জয়লাভ কৰি শেষৰ চাৰিটা পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব লাগিব ৷

অৱশ্যে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে স্পষ্টভাৱে কয় যে পাকিস্তানে পৰাস্ত হোৱাৰ পূৰ্বেই পৰাস্ত হ’ব নিবিচাৰে ৷ প্ৰথম অৱস্থাত পাকিস্তান দলটোৱে অ’পেনাৰ ফখৰ জামান অবিহনে খেলিবলৈ আৰম্ভ কৰিছিল ৷ এতিয়া বাবৰ বাহিনীয়ে জামানৰ ওপৰত নিৰ্ভৰ কৰিছে ৷

শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে বাবৰ আজমে কয় যে, ‘এখন মেচ বাকী আছে ৷ এয়া ক্ৰিকেট, ইয়াত বহু কথা হ’ব পাৰে ৷ আমি শেষৰখন মেচ ভালকৈ খেলিব বিচাৰো ৷'

কিন্তু পাকিস্তান দলত এনে পৰিস্থিতি কিয় ? পাকিস্তানৰ অধিনায়কগৰাকীয়ে কয়, "আফগানিস্তানৰ বিৰুদ্ধে মেচখনত পৰাজয়ে আমাক এই পৰিস্থিতিলৈ লৈ গৈছে ৷ কিন্তু যিকোনো পৰ্যায়তে যিকোনো প্ৰচেষ্টাত আপোনাৰ ইতিবাচক আশা থাকিব লাগে আৰু মই সেই কথা দৃঢ়ভাৱে বিশ্বাস কৰোঁ ৷ ইতিমধ্যে ফখৰ জামানে ছন্দ বিচাৰি পাইছে ৷ তেওঁৰ পৰা আশা কৰা হৈছে ৷ তেওঁ বৃহৎ ৰাণ সংগ্ৰহ কৰিব পাৰে ৷ অংশীদাৰিত্ব এটা ডাঙৰ কথা ৷ যদি ফখৰে 20 বা 30 অভাৰলৈকে উইকেটত থাকে তেন্তে সেয়া বেলেগ হ'ব পাৰে ৷ তেতিয়া মহাম্মদ ৰিজৱান, ইফতিখাৰ আহমেদ নামি আহিব ৷ আমি ইয়াৰ বাবে পৰিকল্পনা কৰিছো ৷" শুকুৰবাৰে মেচৰ পূৰ্বে অনুষ্ঠিত হোৱা মিডিয়া ব্ৰিফিঙত এইদৰে কয় বাবৰ আজমে ৷

পাকিস্তানৰ দুৰ্বল প্ৰদৰ্শনৰ কাৰণ কি ? এই প্ৰশ্নৰ উত্তৰত পাকিস্তানৰ অধিনায়কজনে কাকো দোষ দিবলৈ ইচ্ছুক নাছিল ৷"ইয়াক বলিং, ফিল্ডিং বা বেটিঙৰ দোষ বুলি ক'ব নোৱাৰি ৷ আমি এটা দল হিচাপে ভাল প্ৰদৰ্শন কৰা নাছিলো ৷ আমি বলিং কৰি থাকোঁতে বহুত ৰাণ দিছিলো ৷ দল হিচাপে আমি সেই পৰিকল্পনা কাৰ্যকৰী কৰিব পৰা নাছিলো য'ত বলিং, বেটিং, আৰু ফিল্ডিং অন্তৰ্ভূক্ত আছিল ৷” বাবৰে লগতে কয় ৷

অধিনায়কজনে ভাবে যে প্ৰস্তুতিৰ অভাৱ আছিল ৷ বিশেষকৈ ইনিংছৰ মাজৰ অভাৰত ৰাণ কৰিব নোৱাৰাৰ বাবে পাকিস্তানে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ বল কোমল হোৱাৰ লগে লগে ডাঙৰ শ্বট খেলাটো কঠিন হৈ পৰিছিল ৷

সমালোচকসকলে কয় যে 1999 চনৰ পিছত পাকিস্তান ক্ৰিকেট দলটোৱে কোনো সফলতা লাভ কৰা নাছিল ৷ বাবৰ আজমে এই কথা মানি ল’বলৈ অস্বীকাৰ কৰে ৷ তেওঁৰ মতে, পাকিস্তান দলটোৱে সীমিত অভাৰৰ খেলত কেইবাখনো প্ৰতিযোগিতাত ছেমি ফাইনেল খেলিছে ৷

"কিন্তু শেষৰ পদক্ষেপত হোৱা ব্যৰ্থতাৰ বাবে সামগ্ৰিকভাৱে ভাল খেলখন লক্ষ্যহীন হৈ পৰিল ৷ শেহতীয়া এছিয়া কাপত ভাল প্ৰদৰ্শনে ফল দিয়া নাই ৷"-বাবৰে কয় ৷

লগতে পঢ়ক : Cricket world cup 2023 : পাকিস্তানৰ আশাত চেচাঁপানী ঢালিলে নিউজীলেণ্ডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.