ETV Bharat / sports

নাগপুৰ টি-20ত যুজৱেন্দ্ৰ চহলৰ অভিলেখ,সম্পূৰ্ণ অৰ্ধশতক

author img

By

Published : Nov 11, 2019, 8:08 AM IST

নাগপুৰ টি-20 ত যুজৱেন্দ্ৰ চহলৰ অভিলেখ, সম্পূৰ্ণ অৰ্ধশতক

বাংলাদেশৰ বিৰুদ্ধে অন্তিমখন টি-20ত অভিলেখ ৰচিলে ভাৰতীয় বলাৰ যুজৱেন্দ্ৰ চহলে ৷ বাংলাদেশৰ মহম্মদুল্লাহৰ উইকেট দখল কৰি টি-20 ক্ৰিকেটত ভাৰতৰ হৈ দ্ৰুততম 50 টা উইকেট লোৱা প্ৰথমগৰাকী খেলুৱৈ হ’ল চহল ৷

স্পৰ্টছ ডেস্ক, 11 নৱেম্বৰ: ভাৰতৰ হৈ টি-20 ক্ৰিকেটত দ্ৰুততম 50 টা উইকেট লোৱা প্ৰথমগৰাকী খেলুৱৈ হ’ল ভাৰতীয় লেগ স্পিনাৰ যুজৱেন্দ্ৰ চহল ৷ বাংলাদেশৰ বিৰুদ্ধে নাগপুৰত অনুষ্ঠিত হোৱা অন্তিমখন টি-20ত এই কৃতিত্ব লাভ কৰে খেলুৱৈগৰাকীয়ে ৷ বাংলাদেশৰ মহম্মদুল্লাহৰ উইকেট দখল কৰি 34 সংখ্যক টি-20 মেচত এই কৃতিত্ব লাভ কৰে চহলে ৷ এই ক্ষেত্ৰত জছপ্ৰীত বোমৰাহ আৰু ৰবিচন্দ্ৰন আশ্বিনৰ অভিলেখ ভংগ কৰে খেলুৱৈগৰাকীয়ে ৷

জছপ্ৰীত বোমৰাহ আৰু ৰবিচন্দ্ৰন আশ্বিন
জছপ্ৰীত বোমৰাহ আৰু ৰবিচন্দ্ৰন আশ্বিন

বোমৰাই 41 সংখ্যক আৰু আশ্বিনে 42 সংখ্যক মেচত 50 টা উইকেট সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে বিশ্ব ক্ৰিকেটত টি-20ত আটাইতকৈ দ্ৰুততম 50 টা টি-20 উইকেট লোৱা অভিলেখ আছে শ্ৰীলংকাৰ অজন্তা মেন্দিছৰ নামত ৷ মেন্দিছে মাত্ৰ 26 খন মেচত এই অভিলেখ ৰচিবলৈ সক্ষম হৈছিল ৷ দ্বিতীয় স্থানত যুটীয়াভাৱে আছে ইমৰান তাহিৰ আৰু ৰাছিদ খান ৷ দুয়োয়ে 31 খন মেচত দখল কৰিছিল 50 টা উইকেট ৷

লগতে চাওক- বাংলাদেশৰ বিৰুদ্ধে 2-1 ত শৃংখলা দখল ভাৰতৰ


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.