ETV Bharat / sports

58 বছৰত ভৰি দিলে ৰবি শাস্ত্ৰীয়ে, শুভেচ্ছাৰে ভৰিছে টুইটাৰ

author img

By

Published : May 27, 2020, 12:52 PM IST

58 বছৰত ভৰি দিলে ৰবি শাস্ত্ৰীয়ে
58 বছৰত ভৰি দিলে ৰবি শাস্ত্ৰীয়ে

ৰবি শাস্ত্ৰী ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হোৱাৰ পূৰ্বে, বিগত দশকটোত ধাৰাভাষ্য আগবঢ়াই আছিল । তাৰ ভিতৰত, 2007 চনত T20 বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে যুৱৰাজ সিংৰ 6 টা বলত ছটা ছয়ৰ মুহূৰ্ত, ভাৰতৰ প্ৰথম T-20 বিশ্বকাপ জয়ৰ মুহূৰ্ত, 2011 চনত ধোনীয়ে ছয় কোৱাই 28 বছৰৰ পাচত বিশ্বকাপ জয় কৰাৰ মূহুৰ্তৰ তেওঁ আগবঢ়োৱা ধাৰাভাষ্য প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে এতিয়াও সজীৱ ।

নিউজ ডেস্ক, 27 মে': ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে বুধবাৰে ভৰি দিয়ে 58 বছৰত । জম্মদিন উপলক্ষে শুভেচ্ছাৰে ভৰি পৰে তেওঁৰ সামাজিক মাধ্যম সমূহ । শাস্ত্ৰী বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰূপে নিয়োজিত হৈ আছে ।

58 বছৰত ভৰি দিলে ৰবি শাস্ত্ৰীয়ে
58 বছৰত ভৰি দিলে ৰবি শাস্ত্ৰীয়ে

ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিয়ে শুভেচ্ছা দি টুইট কৰি লিখে, "বহু মানুহ আত্মবিশ্বাসী হয়, কিন্তু খুব কম মানুহহে সাহসী হয়, শুভ জন্মদিন ৰবি ভাই, থাম্চ আপ্ ।"

তেওঁ, ভাৰতৰ হৈ 80 খন টেষ্ট খেলি 3830 ৰান সংগ্ৰহ কৰিছিল । ইয়াৰ ভিতৰত তেওঁ 11 টা শতক আৰু 12 টা অৰ্ধশতক অৰ্জন কৰিছিল । আনহাতে বলিঙতো শাস্ত্ৰীৰ নামত আছে 151 টা উইকেট । ইফালে, 150 খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অৱতীৰ্ণ হৈছিল তেওঁ, য'ত 3108 ৰানৰ লগতে 129 টা উইকেট তেওঁৰ নামত আছে ।

খেলুৱৈ হিচাপে কেৰিয়াৰ সামৰাৰ পাচত তেওঁ ক্ৰিকেটৰ জনপ্ৰিয় ধাৰাভাষ্যকাৰ ৰূপেও পৰিচিত হৈ গৈছিল । বিগত দশকতোত ভাৰতৰ বহু কেইটা স্মৰণীয় মুহূৰ্তৰ শাস্ত্ৰীয়ে ধাৰাভাষ্য আগবঢ়াইছিল । তাৰ ভিতৰত, 2007 চনত T20 বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে যুৱৰাজ সিংৰ 6 টা বলত ছটা ছয়ৰ মুহূৰ্ত, ভাৰতৰ প্ৰথম T-20 বিশ্বকাপ জয়ৰ মুহূৰ্ত, 2011 চনত ধোনীয়ে ছয় কোৱাই 28 বছৰৰ পাচত বিশ্বকাপ জয় কৰাৰ মূহুৰ্তত শাস্ত্ৰীয়ে আগবঢ়োৱা ধাৰাভাষ্য প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে এতিয়াও সজীৱ ।

শাস্ত্ৰীৰ জন্মদিনত ভিন্ন জনে টুইটাৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.