ETV Bharat / sports

শ্ৰেয়াছ আয়াৰ-পন্তৰ বেটিং স্থানকলৈ গাভাস্কাৰৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 12, 2019, 7:56 PM IST

শ্ৰেয়াছ আয়াৰ-পন্তৰ বেটিং স্থানকলৈ গাভাস্কাৰৰ প্ৰতিক্ৰিয়া

ভাৰতীয় দলৰ বেটিং স্থানকলৈ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ মন্তব্য ৷ গাভাস্কাৰৰ মতে,ধোনীৰ দৰে পঞ্চম অথবা ষষ্ঠ স্থানত এজন ফিনিচাৰৰ ভূমিকা পালন কৰক ঋষভ পন্তে ৷ আনহাতে চতুৰ্থ স্থানত শ্ৰেয়াছ আয়াৰক বেটিং কৰোৱাৰ কথা উল্লেখ কৰে গাভাস্কাৰে ৷

স্পৰ্টছ ডেস্ক, 12 আগষ্টঃ ভাৰতীয় ক্ৰিকেট দলত দীৰ্ঘদিন ধৰি চলি আছে চতুৰ্থ স্থানক লৈ নানান জল্পনা-কল্পনা ৷ এই সন্দৰ্ভত শেহতীয়াকৈ মাত-মাতিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ সুনীল গাভাস্কাৰে ৷

ETV BHARAT
ঋষভ পন্ত

গাভাস্কাৰৰ মতে,চতুৰ্থ স্থানত শ্ৰেয়াছ আয়াৰক স্থায়ী ভাৱে খেলুৱাৰ প্ৰয়োজন ৷ আনহাতে মহেন্দ্ৰ সিঙৰ দৰে পঞ্চম অথবা ষষ্ঠ স্থানত এজন ফিনিচাৰৰ ভূমিকাত অৱতীৰ্ণ কৰিব লাগে ঋষভ পন্তক ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আয়াৰে সুযোগৰ সুন্দৰ সৎ ব্যৱহাৰ কৰি পঞ্চম স্থানত সুন্দৰ অধৰ্শতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰে গাভাস্কাৰে ৷

ETV BHARAT
শ্ৰেয়াছ আয়াৰ

অৱশ্যে ভাৰতীয় দলে খেলত সুন্দৰ আৰম্ভণি কৰিবলৈ সক্ষম হ’লে তথা বিৰাট,ৰোহিত,শিখৰ ধাৱন 40-45 অভাৰলৈ ক্ৰীজত বৰ্তি থাকিলে তেতিয়া চতুৰ্থ স্থানত পন্তক বেটিঙলৈ পঠোৱাৰ বিপৰীতে 30-34 অভাৰ বেটিং কৰাৰ পৰিস্থিতিত পন্তৰ স্থানত শ্ৰেয়াছক চতুৰ্থ স্থানত পঠোৱাৰ দৰকাৰ বুলি উল্লেখ কৰে গাভাস্কাৰে ৷

IMAGE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.