ETV Bharat / sports

ভাৰতীয় দল ক্ৰিকেটৰ 'ৰজা' : ছোৱেইব আখটাৰ

author img

By

Published : Nov 12, 2019, 11:44 PM IST

ভাৰতীয় ক্ৰিকেট দলক প্ৰশংসা কৰে পাকিস্তানী স্পীডষ্টাৰ ছোৱেইব আখটাৰে ৷ দলটোক ক্ৰিকেটৰ 'ৰজা' বুলি মন্তব্য কৰে আখটাৰে ৷

ছোৱেইব আখটাৰ

স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে প্ৰাক্তন পাকিস্তানী স্পীডষ্টাৰ ছোৱেইব আখটাৰ ৷ বাংলাদেশৰ বিৰুদ্ধে টি-শৃংখলা 2-1 ৰ ব্যৱধানত দখল কৰাৰ পাচতে ভাৰতীয় দলটোক ক্ৰিকেটৰ 'ৰজা' বুলি মন্তব্য কৰে ছোৱেইব আখটাৰে ৷ তেওঁ কয়, "মেচখনত ভাৰতীয় দলে ক্ৰিকেটৰ ৰজা বুলি নিজকে প্ৰমাণিত কৰে ৷ প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পাচতো দূৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই দলটোৱে ৷ ইয়াৰ আঁৰত ৰোহিত শৰ্মাৰ দূৰ্দান্ত প্ৰদৰ্শনো উল্লেখযোগ্য ৷" ইউটিউব চেনেলৰ জৰিয়তে এই মন্তব্য আখটাৰৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আখটাৰে কয়, "ৰোহিত এক প্ৰতিভা, তেওঁ যেতিয়াই বিচাৰে ৰান সংগ্ৰহ কৰিব পাৰে ৷"

উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত টি-20 শৃংখলাৰ তৃতীয় মেচত বাংলাদেশক 30 ৰানত পৰাস্ত কৰে ভাৰতীয় দলে ৷ ভাৰতে গঢ়া 175 ৰানৰ বিনিময়ত বাংলাদেশে আটাইকেইটা উইকেট হেৰুৱাই 144 ৰান সংগ্ৰহ কৰে ৷ টি-20 শৃংখলাৰ পাচতে ভাৰতীয় দলে বাংলাদেশৰ বিৰুদ্ধে দুখন টেষ্ট মেচত অৱতীৰ্ণ হ'ব ৷ প্ৰথমখন মেচ 14 নৱেম্বৰৰ পৰা 18 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব ৷

আৰু পঢ়ক : অন্ত পৰিল অল আছাম স্পৰ্ট কিক বক্সিং চেম্পিয়নশ্বিপ, 2019

Intro:Body:Conclusion:

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.