ETV Bharat / sports

এম এচ ধোনী ৰিকি পণ্টিঙতকৈ ওপৰত স্থান পোৱা এজন ভাল অধিনায়ক : আফ্ৰিদি

author img

By

Published : Jul 30, 2020, 10:26 PM IST

Shahid Afridi picks the better captain between MS Dhoni and Ricky Ponting
এম এচ ধোনী ৰিকি পণ্টিঙতকৈ ওপৰত স্থান পোৱা এজন ভাল অধিনায়ক : আফ্ৰিদি

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদিয়ে বুধবাৰে এক টুইটৰ জড়িয়তে ক'লে ভাৰতীয় উইকেট কিপাৰ তথা বেটচমেন এম এচ ধোনী অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিঙতৰ তুলনাত ওপৰত স্থান পোৱা এজন ভাল অধিনায়ক ।

নিউজ ডেস্ক,৩০ জুলাই: বুধবাৰে আফ্ৰিদিয়ে টুইটাৰত নিজৰ প্ৰশংসক সকলৰে হোৱা এক প্ৰশ্নোত্তৰ শিতানত এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে প্ৰশ্ন কৰিছিল, আপোনাৰ দৃষ্টিত ধোনী আৰু পণ্টিঙৰ ভিতৰত কোনজন ভাল অধিনায়ক আছিল ?

  • I rate Dhoni a bit higher than Ponting as he developed a new team full of youngsters

    — Shahid Afridi (@SAfridiOfficial) July 29, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উত্তৰত পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ গৰাকীয়ে ক'লে,মই ধোনীক পণ্টিঙতকৈ কিছু ওপৰত ৰাখিছো, কিয়নো তেওঁ যুৱ খেলুৱৈক লৈ এটা নতুন দল গঠন কৰিছিল ।

ধোনীয়ে এতিয়ালৈকে শ্ৰীলংকাৰ বিৰুদ্ধে সৰ্বোচ্চ ১৮৩ ৰাণ সংগ্ৰহ কৰি ৩৫০খন এদিনীয়া খেল খেলিছে । তাৰোপৰি আইচিচিৰ সকলো ট্ৰফি (৫০অভাৰৰ বিশ্বকাপ, টি২০আই, চেম্পিয়ন ট্ৰফি) জয়ী হোৱা দলৰ একমাত্ৰ অধিনায়ক আছিল । ধোনীয়ে ২০১৪ চনলৈকে ৯০খন টেষ্ট মেচত ৪,৮৭৬ ৰানেৰে গড়ে ৩৮.০৯ ৰান সংগ্ৰহ কৰিছিল ।

লক্ষণীয় কথাটো এয়ে যে, অন্য কোনো এজন ক্ৰিকেটাৰে আন্তৰাষ্ট্ৰীয় খেলত ধোনীতকৈ অধিক নেতৃত্ব দিব পৰা নায় । এই গৰাকী উইকেট কিপাৰ তথা সুন্দৰ বেটচমেনে ৩৩২খন (টেষ্ট, এদিনীয়া আৰু টি২০আই) খেলত ভাৰতক নেতৃত্ব দিছিল, য'ত ভাৰতে ১৭৮ খনত জয়ী, ১২০খনত পৰাজয়, ৬খনত টাই আৰু ১৫খন খেল ড্ৰ' খেলিছিল ।

বৰ্তমানৰ বিৰাট কোহলিৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলৰ জয়ৰ অনুপাত ৬৪.৬৪ শতাংশ হোৱাৰ বিপৰীতে ধোনীৰ নেতৃত্বত সৰ্বমুঠ জয়ী খেলৰ অনুপাত আছিল ৫৩.৬১ শতাংশ ।

আন হাতেদি ৰিকি পণ্টিঙে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোক নেতৃত্ব দি ২০০৩ আৰু ২০০৭ চনত এদিনীয়া বিশ্বকাপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।ইয়াৰ ওপৰিও বিশ্ব ক্ৰিকেটৰ সকলো অধিনায়কৰ তুলনাত জয়ৰ শতাংশ অধিক ।

অষ্ট্ৰেলিয়া দলটোক নেতৃত্ব দিয়া ৩২৪খন খেলৰ ভিতৰত ২২০খনতেই জয়ী হ'বলৈ সক্ষম হৈছিল । ইয়াৰে ৭৭খনত পৰাজয়, ২খন টাই আৰু ১৩খন খেল ড্ৰ' হৈছিল ।

যেতিয়া ছাহিদ আফ্ৰিদিক তেওঁৰ দৃষ্টিত সৰ্বশ্ৰেষ্ঠ বেটচমেনৰ কথা সোধা হৈছিল, তেতিয়া ৱেষ্ট ইণ্ডিজৰ ব্ৰায়ন লাৰা আৰু দক্ষিণ আফ্ৰিকাৰ এবি ডি ভিলিয়াৰ্চৰ নাম উল্লেখ কৰিলে পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ গৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.