ETV Bharat / sports

আইচিচিৰ চাৰিদিনীয়া টেষ্টক লৈ পণ্টিঙৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jan 6, 2020, 11:53 AM IST

আইচিচিৰ চাৰিদিনীয়া টেষ্টক লৈ পণ্টিঙৰ প্ৰতিক্ৰিয়া
আইচিচিৰ চাৰিদিনীয়া টেষ্টক লৈ পণ্টিঙৰ প্ৰতিক্ৰিয়া

আইচিচিৰ চাৰিদিনীয়া টেষ্টৰ চিন্তা-চৰ্চাক লৈ বিৰাট কোহলি,শচীন তেণ্ডুলকাৰৰ পাচত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিংকী পণ্টিঙৰ প্ৰতিক্ৰিয়া ৷ মই জানিবলৈ ইচ্ছুক ইয়াৰ আঁৰৰ মুখ্য কাৰণ ৷

স্পৰ্টছ ডেস্ক, 6 জানুৱাৰীঃ আইচিচিৰ চাৰিদিনীয়া টেষ্ট মেচ অনুষ্ঠিত কৰা চিন্তা-চৰ্চাৰ বিষয়টোক বিৰোধিতা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিংকী পণ্টিঙৰ ৷ দেওবাৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে এই বিষয়টোৰ বিৰোধিতা কৰি কয়,টেষ্ট ক্ৰিকেটৰ নিয়ম সলনি কৰাৰ মই পক্ষত নহয় ৷ পণ্টিঙে এক ক্ৰিকেট ৱেবচাইটত উল্লেখ কৰে,‘‘মই এই নিয়মৰ বিৰোধিতা কৰিছে ৷ যি কেইজন লোকৰ মনলৈ আহিছে এই সিদ্ধান্ত মই তেওঁলোকৰ পৰা জানিব বিচাৰো ইয়াৰ মুখ্য কাৰণ ৷’’

আইচিচিৰ চাৰিদিনীয়া টেষ্টৰ চিন্তা-চৰ্চা
আইচিচিৰ চাৰিদিনীয়া টেষ্টৰ চিন্তা-চৰ্চা

তেওঁ লগতে কয়,পাঁচদিনৰ পৰিৱৰ্তে চাৰিদিনীয়া টেষ্ট শৃংখলা অনুষ্ঠিত হ’লে অধিকাংশ মেচ ড্ৰ’ তথা ফলাফলবিহীন ভাৱে অন্ত হ’ব ৷ অৱশ্যে মই জানো যে, বিগত দুই বৰ্ষত বহু মেচ চাৰিদিনৰ অন্ততেই সমাপ্ত হৈছে ৷ কিন্তু মই ইয়াকো লক্ষ্য ৰাখিছো যে কিমান সংখ্যক মেচ ড্ৰ’ হৈছিল ৷ যদি এই আটাইবোৰ মেচ চাৰিদিনীয়া হ’ল হৈ তেন্তে অধিক মেচৰ ফলাফল ড্ৰ’ হ’ল হৈ বুলি কয় পণ্টিঙে ৷

পণ্টিঙৰ লগতে ভাৰতৰ অধিনায়ক বিৰাট কোহলি,শচীন তেণ্ডুলকাৰ,গৌতম গম্ভীৰ,অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষক জাষ্টিন লেংগাৰ,নাথন লায়ন, গ্লেন মেকগ্ৰাথে এই চাৰিদিনীয়া টেষ্টৰ সিদ্ধান্তক বিৰোধিতা কৰিছে ৷ উল্লেখ্য যে,আইচিচিয়ে 2023 ৰ পৰা চাৰিদিনীয়া টেষ্ট অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা চলাই আছে ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.