ETV Bharat / sports

ফেব্ৰুৱাৰী মাহৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ সন্মানৰ বাবে মনোনীত ৰবিচন্দ্ৰন অশ্বিন

author img

By

Published : Mar 2, 2021, 10:09 PM IST

ৰবিচন্দ্ৰন অশ্বিন
ৰবিচন্দ্ৰন অশ্বিন

ফেব্ৰুৱাৰী মাহৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ সন্মানৰ বাবে মনোনীত হৈছে ৰবিচন্দ্ৰন অশ্বিন ৷ মঙলবাৰে আইচিচিয়ে এই মনোনয়ৰ কথা ঘোষণা কৰে ৷

স্পৰ্টছ ডেস্ক, 2 মাৰ্চ : ভাৰতৰ অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে আইচিচিৰ মেনছ প্লেয়াৰ অৱ দা মনথ (ফেব্ৰুৱাৰী)ৰ বাবে মনোনয়ন লাভ কৰিছে ৷ মঙলবাৰে আইচিচিয়ে ঘোষণা কৰে মনোনীত খেলুৱৈসকলৰ নাম ৷

অশ্বিনৰ উপৰি এই সন্মানৰ বাবে মনোনয়ন লাভ কৰিছে ইংলেণ্ডৰ অধিনায়ক জ' ৰোট আৰু ৱেষ্ট ইণ্ডিজৰ অল ৰাউণ্ডাৰ কাইল মেয়াৰছে ৷

ইংলেণ্ডৰ বিৰুদ্ধে চলিত ভাৰতীয় টেষ্ট দলৰ অন্যতম সদস্য অশ্বিন ৷ চেন্নাইত অনুষ্ঠিত মেচত অশ্বিনে ভাৰতৰ দ্বিতীয় ইনিংছত সংগ্ৰহ কৰিছিল 106 ৰাণ ৷ আনহাতে, আহমেদাবাদত অনুষ্ঠিত তৃতীয় টেষ্টত কেৰিয়াৰৰ 400 টেষ্ট উইকেট সংগ্ৰহ কৰে অশ্বিনে ৷

জ' ৰোট
জ' ৰোট

ছিৰিজটোত বৰ্তমানলৈকে তেওঁ 176 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ লগতে দখল কৰিছে 24 টা উইকেট ৷

মহিলা কেটেগৰীত এই সন্মানৰ বাবে মনোনয়ন লাভ কৰিছে ইংলেণ্ডৰ অপেনাৰ টমী বিউমন্ট, অল ৰাউণ্ডাৰ নেট স্কাইভাৰ আৰু নিউজিলেণ্ডৰ ব্ৰুক হেলিডেই ৷

কাইল মেয়াৰছ
কাইল মেয়াৰছ

উল্লেখ্য যে, জানুৱাৰী মাহত পুৰুষৰ শাখাত ভাৰতীয় উইকেট কীপাৰ ঋষভ পন্ত আৰু মহিলাৰ শাখাত দক্ষিণ আফ্ৰিকাৰ শ্ববনিম ইচমাইলে এই সন্মান দখল কৰিছিল ৷

লগতে পঢ়ক : বিশ্বকাপত আশা কৰা ধৰণে ফল দেখুৱাব পৰা নাই ভাৰতীয় শ্বুটাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.