ETV Bharat / sports

মুখ্য প্ৰশিক্ষকৰ দায়িত্বত বাহাল ৰবি শাস্ত্ৰী

author img

By

Published : Aug 16, 2019, 7:59 PM IST

মুখ্য প্ৰশিক্ষকৰ দায়িত্বত বাহাল ৰবি শাস্ত্ৰী

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত অব্যাহত থাকিব ৰবি শাস্ত্ৰী ৷ শুকুৰবাৰে সন্ধিয়া 7 বজাত এই ঘোষণা কৰা হয় ৷

স্পৰ্টছ ডেস্ক, 16 আগষ্ট : প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীক ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ তিনিজনীয়া নিৰ্বাচকৰ দলে শুকুৰবাৰে সন্ধিয়া 7 বজাত এই ঘোষণা কৰে ৷ এই তিনিজনীয়া নিৰ্বাচনী কমিটিত আছিল কপিল দেৱ,অংশুমান গাইকৱাড আৰু শান্থা ৰংগস্বামী ৷ শাস্ত্ৰীৰ এই নতুন কাৰ্যকাল টি-20 বিশ্বকাপ,2021 লৈকে বৃদ্ধি কৰা হৈছে ৷

ৰবি শাস্ত্ৰী আৰু বিৰাট কোহলী
মুখ্য প্ৰশিক্ষকৰ দায়িত্বত বাহাল ৰবি শাস্ত্ৰী
উল্লেখ্য যে, বিচিচিআইৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে 6 জনকৈ নিৰ্বাচিত প্ৰাৰ্থীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ৷ সাক্ষাৎকাৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল ৰবিন সিং,লালচন্দ ৰাজপুত,মাইক হেছন,টম মুদী,ফিল ছিমনছ আৰু ৰবি শাস্ত্ৰীক ৷
প্ৰশিক্ষিক নিৰ্বাচন সম্পৰ্কত অংশুমান গাইকৱাডে মন্তব্য কৰে যে, এজন প্ৰশিক্ষকৰ বাবে প্ৰয়োজনীয় সকলোবোৰ দিশৰ জ্ঞান আছে ৰবি শাস্ত্ৰীৰ ৷ ইয়াৰোপৰি,বৰ্তমানৰ প্ৰশিক্ষক হৈ থকাৰ বাবে দলৰ খেলুৱৈ সকলৰ অৰ্হতা সম্পৰ্কত সঠিক জ্ঞান আছে শাস্ত্ৰীৰ ৷ দলৰ সমস্যা আৰু কোন কোন দিশত কাম কৰাৰ প্ৰয়োজন সেইয়া ভালদৰে জানে তেওঁ ৷ আনহাতে,এই নিৰ্বাচন প্ৰক্ৰিয়াত দ্বিতীয়ত মাইক হেছন আৰু তৃতীয়ত টম মুদীক স্থান দিয়াৰ কথা জানিবলৈ দিয়ে কপিল দেৱে ৷
RAVI SHASTRI TO CONTINUE AS INDIA'S HEAD COACH

মুখ্য প্ৰশিক্ষকৰ দায়িত্ব অব্যাহত ৰবি শাস্ত্ৰীৰ

স্পৰ্টছ ডেস্ক, 16 আগষ্ট : প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীক ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ তিনিজনীয়া নিৰ্বাচকৰ দলে শুকুৰবাৰে সন্ধিয়া 7 বজাত এই ঘোষণা কৰে ৷ এই তিনিজনীয়া নিৰ্বাচনী কমিটিত  আছিল কপিল দেৱ, অংশুমান গাইকৱাড আৰু শান্থা ৰংগস্বামী ৷ শাস্ত্ৰীৰ এই নতুন কাৰ্যকাল টি - 20 বিশ্বকাপ, 2021 লৈকে বৃদ্ধি কৰা হৈছে ৷

উল্লেখ্য যে, বিচিচিআইৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে 6 জনকৈ নিৰ্বাচিত প্ৰাৰ্থীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ৷ সাক্ষাৎকাৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল ৰবিন সিং, লালচন্দ ৰাজপুত, মাইক হেছন, টম মুদী, ফিল ছিমনছ আৰু ৰবি শাস্ত্ৰীক ৷

প্ৰশিক্ষিক নিৰ্বাচন সম্পৰ্কত অংশুমান গাইকৱাডে মন্তব্য কৰে যে, এজন প্ৰশিক্ষকৰ বাবে প্ৰয়োজনীয় সকলোবোৰ দিশৰ জ্ঞান আছে ৰবি শাস্ত্ৰীৰ ৷ ইয়াৰোপৰি, বৰ্তমানৰ প্ৰশিক্ষক হৈ থকাৰ বাবে দলৰ খেলুৱৈ সকলৰ অৰ্হতা সম্পৰ্কত সঠিক জ্ঞান আছে শাস্ত্ৰীৰ ৷ দলৰ সমস্যা আৰু কোন কোন দিশত কাম কৰাৰ প্ৰয়োজন সেইয়া ভালদৰে জানে তেওঁ ৷

আনহাতে, এই নিৰ্বাচন প্ৰক্ৰিয়াত দ্বিতীয়ত মাইক হেছন আৰু তৃতীয়ত টম মুদীক স্থান দিয়াৰ কথা জানিবলৈ দিয়ে কপিল দেৱে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.