ETV Bharat / sports

সুৰেশ ৰাইনাৰ অভিলেখ ভংগ বিৰাট কোহলিৰ

author img

By

Published : Aug 5, 2019, 3:43 PM IST

সুৰেশ ৰাইনাৰ অভিলেখ ভংগ বিৰাট কোহলিৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিলেখ বিৰাট কোহলিৰ ৷ টি-20ত সৰ্বাধিক ৰান কৰা ভাৰতীয় খেলুৱৈ হ’ল বিৰাট কোহলি ৷

স্পৰ্টছ ডেস্ক, 5 আগষ্টঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টি-20 মেচত অভিলেখ ৰচিলে ভাৰতীয় অধিনায়ক বিৰাট কোহলিয়ে ৷ সুৰেশ ৰাইনাৰ অভিলেখ ভংগ কৰি টি-20ত আটাইতকৈ সৰ্বাধিক ৰান কৰা ভাৰতীয় খেলুৱৈৰ কৃতিত্ব লাভ কৰে বিৰাট কোহলিয়ে ৷ কোহলিয়ে বৰ্তমান 268 খন টি-20 মেচত 8416 ৰান কৰিবলৈ সক্ষম হৈছে ৷ অন্যহাতে ৰাইনাৰ নামত বৰ্তমান আছে 319 খন টি-20 মেচত 8392 ৰান ৷ ইপিনে ৰোহিত শৰ্মাৰ নামত আছে 316 খন টি-20 মেচত 8291 ৰান ৷

ETV BHARAT
সুৰেশ ৰাইনাৰ অভিলেখ ভংগ বিৰাট কোহলিৰ

অৱশ্যে আন্তঃৰাষ্ট্ৰীয় টি-20ত সৰ্বাধিক ৰান কৰাৰ শীৰ্ষত আছে ৰোহিত শৰ্মা ৷ ৰোহিতৰ 96 খন মেচত 2422 ৰান থকাৰ বিপৰীতে কোহলিৰ নামত আছে 69 খন মেচত 2310 ৰান ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.