ETV Bharat / sports

বলত থুঁ ব্যৱহাৰ নকৰাৰ বাবে অলপ অনুশীলনৰ প্ৰয়োজন হ'ব : আশ্বিন

author img

By

Published : May 21, 2020, 9:23 AM IST

বলত থুঁ ব্যৱহাৰ নকৰাৰ বাবে অনুশীলনৰ প্ৰয়োজন : আশ্বিন
বলত থুঁ ব্যৱহাৰ নকৰাৰ বাবে অনুশীলনৰ প্ৰয়োজন : আশ্বিন

ক্ৰিকেটত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ শেহতীয়াকৈ আইচিচিয়ে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । এতিয়াৰে পৰা বলত থুঁ (Saliva) ব্যৱহাৰত নিষেধাজ্ঞা প্ৰদান কৰিছে আইচিচিয়ে । ইয়াৰ পাচতেই ভাৰতৰ অফ স্পিনাৰ ৰবিচন্দ্ৰন আশ্বিনৰ এক প্ৰতিক্ৰিয়া ।

স্পৰ্টছ ডেস্ক, ২১ মে': শেহতীয়াকৈ আইচিচিয়ে কৰ'ণা ভাইৰাছৰ সংক্ৰমণক লৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ক্ৰিকেট বলত থুঁ ব্যৱহাৰৰ ওপৰত নিষেধজ্ঞা আৰোপ কৰে । COVID-19 ৰ পাচত ক্ৰিকেট আৰম্ভ হ'লে এই নিয়ম কাৰ্যকৰী হ'ব । ইয়াৰ পূৰ্বে বলাৰ তথা ফিল্ডিং দলে চুইং লাভৰ বাবে বলত থুঁ ব্যৱহাৰ কৰি আহিছিল । আইচিচিৰ এই সিদ্ধান্তৰ পাচতেই ৰবিচন্দ্ৰন আশ্বিনৰ প্ৰতিক্ৰিয়া ।

বলত থুঁ ব্যৱহাৰ নকৰাৰ বাবে অনুশীলনৰ প্ৰয়োজন : আশ্বিন
বলত থুঁ ব্যৱহাৰ নকৰাৰ বাবে অনুশীলনৰ প্ৰয়োজন : আশ্বিন

আশ্বিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "মোৰ বাবে বলত থুঁ লগোৱাটো স্ৱভাৱিক । কিন্তু এতিয়া বলত থুঁ ব্যৱহাৰ নকৰিবলৈ কিছু অনুশীলন কৰাৰ প্ৰয়োজন হ'ব । ইয়াৰ সৈতে খাপ খোৱাই চলিব লাগিব ।" দিল্লী কেপিটেলছৰ সৈতে ইনষ্টাগ্ৰাম লাইভত এই কথা উল্লেখ কৰে আশ্বিনে ।

আশ্বিনে লগতে এই অনুষ্ঠানতেই কেৰম বল সন্দৰ্ভত কয় যে, এই কেৰম বলত পাৰ্গত হ'বলৈ তেওঁক ৪ বছৰ সময়ৰ প্ৰয়োজন হৈছিল । গতিকে অভ্য়াসৰ জৰিয়তে সকলো সম্ভৱ বুলি কয় খেলুৱৈগৰাকীয়ে । বৰ্তমানে ৰিভাৰ্ছ কেৰম বল কৰিবলৈও সক্ষম বুলি জনাই আশ্বিনে ৷

আনহাতে, খেলত সামাজিক দূৰত্ব ১৯৭০-৮০ চনত মানি চলা হৈছিল বুলি উল্লেখ কৰে আশ্বিনে । সেই সময়ত উইকেট ইত্যাদি ল'লে দূৰৰ পৰাই অভিনন্দন জনোৱা হৈছিল । বৰ্তমান সময়তে হাই-ফাইব ইত্যাদি আৰম্ভ হৈছে বুলি কয় আশ্বিনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.