ETV Bharat / sports

ছুপাৰ অভাৰত ৰোমাঞ্চকৰ জয় লাভ আয়াৰলেণ্ডৰ

author img

By

Published : Mar 11, 2020, 5:55 AM IST

Ireland win Super Over to beat Afghanistan 3rd T20I
ছুপাৰ অভাৰত ৰোমাঞ্চকৰ জয় আয়াৰলেণ্ডৰ

7 বছৰৰ অন্তত আফগানিস্তানৰ বিৰুদ্ধে টি-20 মেচত জয় লাভ আয়াৰলেণ্ডৰ ৷ ছুপাৰ অভাৰৰ অন্তিমটো বলত ছয় কেভিন অ’ব্ৰেইনৰ ৷

স্পৰ্টছ ডেস্ক, 11 মাৰ্চ: এক ৰোমাঞ্চকৰ মেচত আফগানিস্তানৰ বিৰুদ্ধে তৃতীয়খন টি-20 মেচত জয় লাভ আয়াৰলেণ্ডৰ ৷ ছুপাৰ অভাৰত জয় লাভৰে হুৱাইট ৱাছৰ পৰা ৰক্ষা পৰিল আয়াৰলেণ্ড ক্ৰিকেট দলটো ৷ মেচখনত প্ৰথমে বেটিং কৰি আয়াৰলেণ্ড দলটোৱে 8 উইকেট হেৰুৱাই নিৰ্ধাৰিত 20 অভাৰত সংগ্ৰহ কৰিছিল 142 ৰান ৷ দলটোৰ হৈ সৰ্বাধিক 37 ৰান সংগ্ৰহ কৰিছিল গেৰেথ ডেলানিয়ে ৷ আনহাতে আফগানিস্তানৰ হৈ 3 টাকৈ উইকেট লাভ কৰিছিল নবীন উল হক্ আৰু কাইছ আহমেদে ৷

ইয়াৰ প্ৰত্যুত্তৰত আফগানিস্তান দলটোৱে 7 উইকেট হেৰুৱাই 142 ৰান কৰিবলৈ সক্ষম হয় ৷ অন্তিমটো অভাৰত ৰাছিদ খানৰ বিস্ফোৰক বেটিঙৰ জৰিয়তে মেচখন টাই কৰিবলৈ সক্ষম হয় ৷ অন্তিমটো অভাৰত আফগানিস্তানক জয়ৰ বাবে প্ৰয়োজন আছিল 13 ৰান ৷ পিচত মেচখন ছুপাৰ অভাৰলৈ গতি কৰে ৷ আফগানিস্তানৰ হৈ ৰাহমানুল্লাহ গুৰবাজে কৰে বহুমূল্যৱান 42 ৰান ৷

ছুপাৰ অভাৰত প্ৰথমে বেটিং কৰি আফগানিস্তানে এটাও বাউণ্ডেৰী অভিহনে কেৱল 8 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ জয়ৰ বাবে আয়াৰলেণ্ডক প্ৰয়োজন আছিল 9 ৰান ৷ কিন্তু ছুপাৰ অভাৰতো মেচখন অধিক ৰোমাঞ্চক হৈ পৰে ৷ ছুপাৰ অভাৰৰ ৰাছিদ খানৰ অন্তিমটো বলত আয়াৰলেণ্ডক জয়ৰ বাবে লাগিছিল 3 ৰান ৷ পিচত অন্তিমটো বলত আয়াৰলেণ্ডৰ জয় নিশ্চিত কৰে দলৰ অভিজ্ঞ সম্পন্ন খেলুৱৈ কেভিন অ’ব্ৰেইনে ৷

Ireland win Super Over to beat Afghanistan 3rd T20I
ছুপাৰ অভাৰত পৰাস্ত আফগানিস্তান

অন্তিমটো বলত আকাশলম্বী ছয় কোৱাই 7 বছৰৰ অন্তত আফগানিস্তানৰ বিৰুদ্ধে টি-20 মেচত জয় লাভ কৰিবলৈ সক্ষম আয়াৰলেণ্ড দলটোৱে ৷ এই জয়ে শৃংখলাত হুৱাইট ৱাছ হোৱাৰ পৰা ৰক্ষা কৰে আয়াৰলেণ্ড দলটোক ৷ 2-1 ব্যৱধানত শৃংখলা দখল কৰে আফগানিস্তানে ৷ প্লেয়াৰ অফ দ্য মেচ কেভিন অ’ব্ৰেইনক দিয়াৰ বিপৰীতে ৰাহমানুল্লাহ গুৰবাজ প্ৰদান কৰা হয় প্লেয়াৰ অফ দ্য ছিৰিজ

লগতে চাওক- ৰঞ্জী ট্ৰফী ফাইনেল: শক্তিশালী স্থিতিত সৌৰাষ্ট্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.