ETV Bharat / sports

ৰঞ্জী ট্ৰফী ফাইনেল: শক্তিশালী স্থিতিত সৌৰাষ্ট্ৰ

author img

By

Published : Mar 11, 2020, 5:16 AM IST

সৌৰাষ্ট্ৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে বেংগল আৰু সৌৰাষ্ট্ৰ মাজত ৰঞ্জী ট্ৰফীৰ চূড়ান্ত মেচ ৷

Ranji Trophy Final Match Saurashtra vs Bengal, Day 2, ৰঞ্জী ট্ৰফী ফাইনেল: শক্তিশালী স্থিতিত সৌৰাষ্ট্ৰ
ৰঞ্জী ট্ৰফী ফাইনেল: শক্তিশালী স্থিতিত সৌৰাষ্ট্ৰ

স্পৰ্টছ ডেস্ক, 11 মাৰ্চ: সোমবাৰৰ পৰা সৌৰাষ্ট্ৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ৰঞ্জী ট্ৰফী ফাইনেল মেচত শক্তিশালী স্থিতিত সৌৰাষ্ট্ৰ ৷ দ্বিতীয় দিনৰ খেলৰ অন্তত 8 উইকেট হেৰুৱাই 384 ৰান সংগ্ৰহ সৌৰাষ্ট্ৰৰ ৷ টছত জয় লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে সৌৰাষ্ট্ৰৰ অধিনায়ক জয়দেৱ উনাদকটে ৷ দলটোৱে প্ৰথমে বেটিং কৰি সুন্দৰ প্ৰথম উইকেটৰ বাবে সংগ্ৰহ কৰে 82 ৰান ৷ দলটোৰ হৈ অৰ্পিত ভছাভদাই শতকীয় 106 ৰান ইনিংছ খেলাৰ বিপৰীতে চেতেশ্বৰ পূজাৰাই 66, অভি বাৰটে 54 আৰু বিশ্বভৰাজ জডেজাই 54 ৰানৰ বৰঙণি আগবঢ়ায় ৷

Ranji Trophy Final Match Saurashtra vs Bengal, Day 2
অৰ্পিতৰ শতকীয় ইনিংছ

বেংগল দলটোৰ হৈ আকাশ দ্বীপে সৰ্বাধিক 3 উইকেট লাভ কৰাৰ বিপৰীতে মুকেশ কুমাৰে 2 টা, শ্বাহবাদ আদমেদে 2 টা আৰু ইশান প’ৰেলে 1 টা উইকেট লাভ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, 13 বছৰৰ অন্তত কৰ্ণাটকক পৰাস্ত কৰি ৰঞ্জী ট্ৰফীৰ ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল অভিমন্যু ইশ্বৰণ নেতৃত্বাধীন বেংগল দলটোৱে ৷

লগতে চাওক- দক্ষিণ আফ্ৰিকা শৃংখলা পূৰ্বে ভাৰতীয় দলৰ কঠিন পৰিশ্ৰম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.