ETV Bharat / sports

আইপিএল 2020 ৰ 'পাৰপল কেপ'ৰ দৌৰত থাকিব কোন কোন বলাৰ ?

author img

By

Published : Sep 9, 2020, 6:58 AM IST

পাৰপল কেপ
আইপিএল 2020

13 সংখ্যক ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ আৰম্ভ হ'ব 19 ছেপ্তেম্বৰৰ পৰা ৷ 10 লাখ টকাৰ নগদ পুৰস্কাৰ সম্বলিত পাৰপল কেপৰ দৌৰত নামিব কোন কোন বলাৰ ৷ জানো আহক...

স্পৰ্টছ ডেস্ক, 9 ছেপ্তেম্বৰ : 13 সংখ্যক ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ আৰম্ভ হ'ব 19 ছেপ্তেম্বৰৰ পৰা ৷ ক'ভিড-19 আতংকৰ বাবে পূৰ্বে স্থগিত ৰখা আইপিএল এইবাৰ আৰৱ গণৰাজ্যত অনুষ্ঠিত কৰা হ'ব ৷ আইপিএলত পাৰপল কেপৰ দৌৰত প্ৰতিযোগিতা আগবঢ়াব বিচাৰে সকলো বলাৰে ৷ আইপিএল 2020 আৰম্ভ হ'বলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ মাজতে ইটিভি ভাৰতে নিৰ্বাচিত কৰি উলিয়াইছে 5 গৰাকী শীৰ্ষ প্ৰতিযোগীৰ নাম ৷ আইপিএলত সৰ্বোচ্চ উইকেট দখল কৰা বলাৰগৰাকীয়ে পাৰপল কেপৰ লগতে লাভ কৰে 10 লাখ টকাৰ নগদ পুৰস্কাৰ ৷

জছপ্ৰীত বুমৰাহ

আইপিএল 2020 ৰ জৰিয়তে নিজৰ পূৰ্বৰ ফৰ্মলৈ উভতিবলৈ চেষ্টা কৰিব ভাৰতীয় দূৰ্দান্ত বলাৰ জছপ্ৰীত বুমৰাহে ৷ মুম্বাই ইণ্ডিয়ানছ দলৰ বলিং আক্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বলাৰ হ'ল বুমৰাহ ৷ তাৰকা খেলুৱৈগৰাকীয়ে আজিলৈকে দখল কৰিবলৈ সক্ষম হোৱা নাই পাৰপল কেপ ৷

আইপিএল 2020
জছপ্ৰীত বুমৰাহ

য়ুজবেন্দ্ৰ চাহাল

এইবাৰৰ আইপিএলত ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰুৰ হৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে য়ুজবেন্দ্ৰ চাহালে ৷ তেওঁৰ শ্ল' লেগ ব্ৰেক গুগলীয়ে বেটছমেনক আতংকিত কৰিব পাৰে ৷ তেওঁ অংশগ্ৰহণ কৰা প্ৰতিটো আইপিএল ছিজনতে দলৰ বাবে থিয় হ'বলৈ সক্ষম হৈছে ৷ তেওঁ বৰ্তমান ৰয়েল চেলেঞ্জাৰ্ছৰ সৰ্বোচ্চ উইকেট দখলকাৰী ৷ দলটোৰ ভাল প্ৰদৰ্শনৰ বাবে চাহালৰ প্ৰদৰ্শন অতি গুৰুত্বপূৰ্ণ ৷

আইপিএল 2020
য়ুজবেন্দ্ৰ চাহাল

দ্বাইনে ব্ৰেভ'

পেচাৰ দ্বাইনে ব্ৰেভ' হৈছে চেন্নাই চুপাৰ কিংছৰ অন্যতম সম্পত্তি ৷ 500 টা টি-20 উইকেট আছে তেওঁৰ দখলত ৷ আনহাতে, আইপিএল 2013 আৰু 2015 ত তেওঁ দখল কৰিছিল পাৰপল কেপ ৷ ডেথ অভাৰত কৰা প্ৰদৰ্শনৰ বাবে তেওঁ বিখ্যাত ৷ ডেথ অভাৰত তেওঁ সৰ্বোচ্চ উইকেট দখল কৰে আৰু তেওঁৰ য়ৰ্কাৰ বেটছমেনৰ বাবে শংকাৰ কাৰণ ৷ ইয়াৰোপৰি, ত্ৰিনিদাদৰ বলাৰ গৰাকী আইপিএলত সৰ্বোচ্চ সফলতা লাভ কৰা বিদেশী খেলুৱৈ ৷

আইপিএল 2020
দ্বাইনে ব্ৰেভ'

ইমৰান তাহিৰ

যোৱা বছৰৰ পাৰপল কেপ জয়ী ইমৰান তাহিৰো এই বছৰৰ পাৰপল কেপৰ তালিকাৰ অন্যতম খেলুৱৈ ৷ গুগলী বলিং কৰা তাহিৰ এজন ভয়ংকৰ লেগ স্পীনাৰ ৷ খেলৰ প্ৰয়োজন সাপেক্ষে উইকেট দখল কৰাৰ তেওঁৰ সামৰ্থ্য আছে ৷ যোৱা বছৰ তেওঁ 17 খন মেচত দখল কৰিছিল 26 টাকৈ উইকেট ৷ বয়স বৃদ্ধি হোৱাৰ বাবে এয়া তাহিৰৰ অন্তিম আইপিএল হোৱাৰ সম্ভাৱনা আছে বাবে তেওঁ পাৰপল কেপ দখল কৰিবৰ বাবে নিশ্চিতভাৱে চেষ্টা চলাব ৷

আইপিএল 2020
ইমৰান তাহিৰ

কুলদ্বীপ যাদৱ

25 বৰ্ষীয় কুলদ্বীপ যাদৱ হৈছে কলকাতা নাইট ৰাইডাৰ্ছৰ অন্যতম বলাৰ ৷ বাওঁহতীয়া স্পীনাৰগৰাকীয়ে প্ৰতিপক্ষৰ বেটছমেনলৈ ভাবুকি কঢ়িয়াই আনে ৷ বিভিন্ন ধৰণৰ বলিঙৰ জৰিয়তে তেওঁ বেটছমেনক বিভ্ৰান্ত কৰিব পাৰে ৷ 2016 চনত আইপিএলত আত্মপ্ৰকাশ ঘটোৱা যাদৱে সেইবাৰ দখল কৰিছিল 12 টাকৈ উইকেট ৷ 2018 চনৰ আইপিএলত তেওঁ 17 টাকৈ উইকেট দখল কৰি নিজ দলক প্লেঅফ পৰ্যন্ত অগ্ৰসৰ কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল ৷

আইপিএল 2020
কুলদ্বীপ যাদৱ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.