ETV Bharat / sports

সংকটৰ সময়ত ভাৰতে নিজৰ চৰিত্ৰ প্ৰদৰ্শন কৰিলে : ছোৱেইব আখটাৰ

author img

By

Published : Dec 31, 2020, 1:11 PM IST

ছোৱেইব আখটাৰ
ছোৱেইব আখটাৰ

ৰাহানেৰ নেতৃত্বত ভাৰতীয় দলে মেলবৰ্ণ টেষ্টত দূৰ্দান্ত জয় সাব্য়স্ত কৰাৰ পাচতে প্ৰশংসাত পঞ্চমুখ হ'ল প্ৰাক্তন পাকিস্তানী বলাৰ ছোৱেইব আখটাৰ ৷ ভাৰতে নিজৰ অতুলনীয় চৰিত্ৰ আৰু দৃঢ়তা প্ৰদৰ্শন কৰিলে বুলি মন্তব্য কৰে আখটাৰে ৷

স্পৰ্টছ ডেস্ক, 31 ডিচেম্বৰ : খেলপথাৰৰ ভিতৰে বাহিৰে ভাৰতৰ শত্ৰু হিচাপে এসময়ত জনাজাত প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰে ছোৱেইব আখটাৰে প্ৰশংসা আগবঢ়াইছে আজিংকা ৰাহানে নেতৃত্বাধীন ভাৰতীয় টেষ্ট দলক ৷ মেলবৰ্ণত ভাৰতীয় দলে 8 উইকেটত জয় লাভ কৰি টেষ্ট শৃংখলাত সমতা স্থাপন কৰাৰ পাচতে প্ৰশংসা আগবঢ়ায় আখটাৰে ৷ তেওঁ কয় যে, ভাৰতে নিজৰ অতুলনীয় চৰিত্ৰ আৰু দৃঢ়তা প্ৰদৰ্শন কৰিলে ৷

ভাৰতীয় দল
ভাৰতীয় দল

আখটাৰে নিজৰ ইউটিউব চেনেলৰ জৰিয়তে কয়, "ভাৰতে অষ্ট্ৰেলিয়াক ধৰাশায়ী কৰিলে ৷ সংকটৰ সময়ত চৰিত্ৰ গঠন কৰা নহয়, প্ৰদৰ্শন কৰা হয় ৷ ভাৰতীয় দলে গভীৰ সংকটৰ সময়ত প্ৰতিভা আৰু চৰিত্ৰ প্ৰদৰ্শন কৰিলে ৷ তেওঁলোকে বিশাল অন্তৰৰ পৰিচয় দিলে ৷"

বিৰাট কোহলী, মহম্মদ ছামী আৰু ৰোহিত শৰ্মাৰ অনুপস্থিতিত সীমিত খেলুৱৈৰে ৰাহানেই প্ৰদৰ্শনৰ কৰা মহান নেতৃত্বই বাৰুকৈয়ে আপ্লুত কৰিলে আখটাৰক ৷

ৰাৱলপিণ্ডি এক্সপ্ৰেছ আখটাৰে কয়, "আজিংকাই শান্তভাৱে দলক নেতৃত্ব প্ৰদান কৰিলে ৷ তেওঁ দৃষ্টি আকৰ্ষণ কৰিবলৈ কোনো চেষ্টা নকৰি বলিঙত পৰিৱৰ্তন কৰিলে আৰু তেওঁৰ সফলতাই সঠিক কোলাহল আনিছে ৷ মৌনভাৱে কঠোৰ পৰিশ্ৰম কৰিলে সফলতাই নিশ্চয়কৈ কোলাহল কৰিব ৷"

ইয়াৰ পাচতে আখটাৰে অভিষেককাৰী মহম্মদ ছিৰাজ আৰু শুভমন গীলে চাপৰ মাজতে দেখুওৱা প্ৰদৰ্শনক প্ৰশংসা কৰে ৷

আখটাৰে কয়, "ছিৰাজে নিজ পিতৃক হেৰুৱাইছে, যিজন পিতৃয়ে ভাৰতৰ হৈ পুত্ৰক খেলাটো বিচাৰিছিল ৷ এয়া দূৰ্ভাগ্যজনক ৷ তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই নিজ পিতৃক যোগ্য শ্ৰদ্ধাঞ্জলী জনালে ৷"

তেওঁ লগতে কয়, "গীলক যেতিয়া চাওঁ, ভৱিষ্যতে এজন মহান বেটছমেনক দেখা পোৱা যায় ৷ ৰবীন্দ্ৰ জাদেজা খেলপথাৰত নামি বেটিং-বলিং দুয়োটাতে উজ্বলিল ৷"

প্ৰথম মেচত পৰাজিত হোৱাৰ পাচত ভাৰতে প্ৰত্যাৱৰ্তন ঘটোৱা মানসিকতাত মোহিত হয় আখটাৰ ৷ তেওঁ কয় যে, অধিক দলৰ এই যোগ্যতা নাই ৷

আখটাৰে কয়, "ভাৰতীয় দলে নিজৰ সাহস দেখালে আৰু জয়ৰ বাবে থকা ইচ্ছাশক্তি আৰু ভোক প্ৰদৰ্শন কৰিলে ৷ তেওঁলোকৰ লক্ষ্যই হৈছে পূৰ্বতকৈ উন্নত প্ৰদৰ্শন কৰা ৷ সাধাৰণতে, পূৰ্বে দূৰ্বল প্ৰদৰ্শন আগবঢ়ালে প্ৰত্যাৱৰ্তন কৰিবলৈ কষ্টকৰ হয় কিন্তু এই দলটোৰ মোহনীয় দিশ হৈছে এইটোৱেই ৷ তেওঁলোকে সদায় থিয় দিয়ে ৷"

প্ৰাক্তন বেগী বলাৰগৰাকীয়ে কয়, "আপুনি খ্ৰীষ্টান, শিখ অথবা বৌদ্ধ ধৰ্মৰে কিয় নহওঁক, এখন ৰাষ্ট্ৰই সমস্যাৰ মাজতে নিজৰ চৰিত্ৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'লে আপুনি প্ৰশংসা কৰিবই লাগিব ৷"

লগতে পঢ়ক : ইডেন গাৰ্ডেন পৰিদৰ্শন সৌৰভ গাংগুলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.