ETV Bharat / sports

গুৱাহাটী টি-20: আঘাতপ্ৰাপ্ত বিৰাট কোহলি !

author img

By

Published : Jan 5, 2020, 8:47 AM IST

Updated : Jan 5, 2020, 11:24 AM IST

গুৱাহাটী টি-20: আঘাতপ্ৰাপ্ত বিৰাট কোহলি
গুৱাহাটী টি-20: আঘাতপ্ৰাপ্ত বিৰাট কোহলি

ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন টি-20 ৰ পূৰ্বেই ভাৰতীয় দলত অঘটন ৷ অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত বিৰাট কোহলি ৷

স্পৰ্টছ ডেস্ক, 5 জানুৱাৰীঃ ভাৰতীয় ক্ৰীড়াপ্ৰেমীলৈ আহিছে এক দুখবৰ ৷ প্ৰথমখন টি-20 ৰ পূৰ্বেই আঘাতৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি ৷ বাওঁহাতৰ কেঞা আঙুলিত আঘাতপ্ৰাপ্ত হৈছে বিৰাট কোহলি ৷ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন কৰি থকা সময়তে সংঘটিত হয় এই অঘটন ৷ ততাতৈয়াকৈ ভাৰতীয় ক্ৰিকেট দলৰ ফিজিঅ’ নিটিন পাটিলে কোহলিৰ আঙুলিৰ পৰীক্ষণ কৰি খেলুৱৈগৰাকীৰ আঙুলিত স্প্ৰে কৰে যদিও বৰ্তমানলৈকে কোহলিৰ আঘাত কিমান গম্ভীৰ সেই বিষয়ে জানিব পৰা হোৱা নাই ৷

এই অনুশীলনত অনুপস্থিত থাকে ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ৰবিন্দ্ৰ জাডেজা ৷ কিয়নো শুকুৰবাৰে অতি পলমকৈ গুৱাহাটীত উপস্থিত হৈছিল খেলুৱৈগৰাকী ৷ দেওবাৰে সন্ধিয়া 7 বজাত অনুষ্ঠিত হ’ব এই হাই ভল্টেজ মেচখন ৷

গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন টি-20 মেচ
গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন টি-20 মেচ

উল্লেখ্য যে, দুয়োটা দলৰ মাজত সুদীৰ্ঘ 22 মাহৰ পাচত অনুষ্ঠিত হ’ব টি-20 মেচ ৷ দুয়োটা দলে ইয়াৰ পূৰ্বে 16 খন টি-20 মেচত অৱতীৰ্ণ হৈছে ৷ য’ত ভাৰতে 11 খন আৰু শ্ৰীলংকাই 5 খনত জয় লাভ কৰিছে ৷

শেহতীয়া কৈ টি-20 মেচত ভাৰতে ৱেষ্ট ইণ্ডিজক 2-1 ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ হাতত 3-0 ব্যৱধানত পৰাজয়ৰ সন্মুখীন হৈছিল শ্ৰীলংকা ৷


Last Updated :Jan 5, 2020, 11:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.