ETV Bharat / sports

পাঁচজন বলাৰ আৰু ৰাহানেক 4 সংখ্যক স্থানত বেটিং কৰাটো বিচাৰো : গম্ভীৰ

author img

By

Published : Dec 22, 2020, 10:40 PM IST

Gambhir
গৌতম গম্ভীৰ

প্ৰাক্তন ভাৰতীয় বেটছমেন গৌতম গম্ভীৰে দ্বিতীয় টেষ্টৰ বাবে ভাৰতীয় স্কোৱাডত শুভমন গীল আৰু কে. এল. ৰাহুলক অন্তৰ্ভূক্ত কৰাৰ পোষকতা কৰিছে ৷ উল্লেখ্য যে, মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত 26 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব দ্বিতীয় বক্সিং ডে টেষ্ট ৷

স্পৰ্টছ ডেস্ক, 22 ডিচেম্বৰ : প্ৰাক্তন ভাৰতীয় বেটছমেন গৌতম গম্ভীৰে দ্বিতীয় টেষ্টৰ বাবে ভাৰতীয় স্কোৱাডত শুভমন গীল আৰু কে. এল. ৰাহুলক অন্তৰ্ভূক্ত কৰাৰ পোষকতা কৰিছে ৷ উল্লেখ্য যে, মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত 26 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বক্সিং ডে টেষ্ট ৷

ষ্টাৰ স্পৰ্টছৰ শ্ব' 'ক্ৰিকেট কানেক্টেড'ক গম্ভীৰে কয়, "পৃথ্বী শ্ব'য়ে ছিৰিজৰ আৰম্ভণি কৰাটো বিচাৰো কিয়নো তেওঁ চাৰিখন টেষ্টত এটা শতক আৰু দুটা অৰ্ধশতক আৰু কঠিন নিউজিলেণ্ড ভ্ৰমণত এটা অৰ্ধশতক অৰ্জন কৰিছে ৷ বৰ্তমান তেওঁৰ ফৰ্ম ভাল নহবওঁ পাৰে ৷ তেওঁৰ বৰ্তমান ফৰ্ম ভাল নোহোৱা বাবে আত্মবিশ্বাস কম হৈ আছে সেয়েহে মায়ংক আগৰৱালৰ সৈতে শুভমন গীলে ইনিংছৰ আৰম্ভণি কৰাৰ লগতে তৃতীয় স্থানত থাকিব লাগে পূজাৰা ৷"

গম্ভীৰে লগতে পৰামৰ্শ দিছে যে, বিৰাট কোহলীৰ অনুপস্থিতিত আজিংকা ৰাহানেই চাৰি সংখ্যক স্থানত বেটিং কৰা উচিত ৷ ইয়াৰোপৰি তেওঁ ঋধিমান সাহা আৰু হনুমা বিহাৰীৰ স্থানত ঋষভ পন্ত আৰু ৰবীন্দ্ৰ জাদেজাক দলত অন্তৰ্ভূক্ত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে ৷ লগতে তেওঁ কয় যে, জাদেজা আৰু অশ্বিনে ক্ৰমে সাত আৰু আঠ সংখ্যক স্থানত খেলাৰ পাচতে তিনিজন ছিমাৰে খেলিব লাগে ৷ পাঁচজন বলাৰ দলত অন্তৰ্ভূক্ত কৰাৰ পোষকতা কৰে গৌতম গম্ভীৰে ৷

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভাৰত 8 উইকেটত পৰাস্ত হয় ৷ প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰিও দ্বিতীয় ইনিংছত বেটছমেনৰ দূৰ্বল প্ৰদৰ্শনৰ বাবে পৰাস্ত হ'বলগা হয় ভাৰতীয় দলটো ৷ দ্বিতীয় ইনিংছত কেৱল 36 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই ভাৰতে ৷ এয়া টেষ্ট ক্ৰিকেট ইতিহাসত ভাৰতৰ সৰ্বনিম্ন স্ক'ৰ ৷

অন্তিম তিনিখন টেষ্ট মেচত ভাৰতীয় দলৰ সৈতে নাথাকিব অধিনায়ক বিৰাট কোহলী ৷ অতি সোনকালে পিতৃত্ব অৰ্জন কৰিবলগা কোহলীক বিচিচিআইয়ে প্ৰদান কৰিছে 'পেটাৰনিটী লিভ' ৷

লগতে পঢ়ক : বিবাহপাশত আৱদ্ধ ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.