ETV Bharat / sports

COVID-19 ৰ বিৰুদ্ধে যুঁজ সকলো বিশ্বকাপৰে মাতৃ : ৰবি শাস্ত্ৰী

author img

By

Published : Apr 15, 2020, 8:29 PM IST

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী
বিৰাট কোহলী আৰু ৰবি শাস্ত্ৰী

COVID-19 ৰ বিৰুদ্ধে যুঁজক সকলো বিশ্বকাপৰে মাতৃ বুলি অভিহিত কৰিছে ৰবি শাস্ত্ৰীয়ে ৷ টুইটাৰ একাউন্টৰ জৰিয়তে এক ভিডিঅ' পোষ্ট কৰি এই মন্তব্য কৰে ভাৰতীয় দলৰ মুখ্য় প্ৰশিক্ষক গৰাকীয়ে ৷

স্পৰ্টছ ডেস্ক, 15 এপ্ৰিল : ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে বুধবাৰে কয় যে,দেশে COVID-19ৰ বিৰুদ্ধে যুঁজ কৰাটোৱে সকলো বিশ্বকাপৰে মাতৃ হিচাপে চিহ্নিত হৈছে ৷

উল্লেখ্য যে, বৰ্তমানলৈকে ভাৰতত প্ৰায় 11,000 লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 350 ৰো অধিক লোকৰ ৷ ইয়াৰ ফলত মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে 3 মে'লৈ বৃদ্ধি কৰে ৰাষ্ট্ৰজোৰা লক ডাউনৰ সময়সীমা ৷

শাস্ত্ৰীয়ে তেওঁৰ টুইটাৰ একাউন্টৰ জৰিয়তে এক ভিডিঅ' পোষ্ট কৰি আহ্বান জনাই যে,এই ৰোগৰ বিৰুদ্ধে যুঁজিবৰ বাবে সকলোৱে ক্ৰীড়াক্ষেত্ৰৰ পৰা শিক্ষা লোৱা উচিত ৷ 57 বৰ্ষীয় প্ৰশিক্ষক গৰাকীয়ে কয়, "আমাক COVID-19 য়ে এক জটিল পৰিস্থিতিলৈ ঠেলি দিছে ৷ এই ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু এটা বিশ্বকাপ খিতাপৰ পাচত দৌৰা একে কথা,য'ত আপুনি নিজৰ সৰ্বোচ্চ দি খিতাপ দখল কৰিব বিচাৰে ৷"

লগতে কয়, "COVID-19 সকলো বিশ্বকাপৰে মাতৃ আৰু ইয়াৰ বাবে কেৱল 11 জন সদস্যই দৌৰা নাই,বৰঞ্চ 1.4 বিলিয়ন লোকে যুঁজ আগবঢ়াইছে ৷ সকলোৱে একেলগে যুঁজ দিয়ক ৷ 1.4 বিলিয়ন শক্তিৰ বিশ্বই কৰ'ণাৰ বিৰুদ্ধে যুঁজ দি মানৱতাৰ বিশ্বকাপ জয় কৰো আহক ৷"

শাস্ত্ৰীয়ে লগতে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰশংসা কৰি কয় যে, তেওঁৰ সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছে ৷ শাস্ত্ৰীয়ে কয়, "আমি এই যুঁজত জয়ী হ'বৰ বাবে মৌলিক বস্তুসমূহত গুৰুত্ব আৰোপ কৰিব লাগিব ৷ আমি এনে এজন প্ৰধানমন্ত্ৰী লাভ কৰিছো যিজনে দেশক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছে ৷ সকলোৱে উচ্চস্তৰৰ পৰা অহা নিৰ্দেশসমূহ মানি চলা উচিত,সেয়া কেন্দ্ৰ,ৰাজ্য অথবা নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি আপোনাৰ বাবে যুঁজি থকা লোকসকলেই কিয় নহওক ৷"

"ঘৰত থাকক আৰু সামাজিক দূৰত্ব মানি চলক, এয়া জটিল হলেও কৰ'ণাক পৰাস্ত কৰিবৰ বাবে এই কষ্ট সহ্য কৰিবই লাগিব" - শাস্ত্ৰীয়ে কয় ৷

উল্লেখ্য যে, COVID-19 ৰ ফলত সমগ্ৰ বিশ্বতে বৰ্তমানলৈকে প্ৰায় 1.2 লাখ লোকৰ প্ৰাণ যোৱাৰ লগতে আক্ৰান্ত হৈছে 2 মিলিয়ন লোক ৷ ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ প্ৰায়ভাগ ক্ৰীড়া অনুষ্ঠানো স্থগিত ৰখা হৈছে ৷

লগতে চাওকঃকৰিমগঞ্জত আৰক্ষী,চিকিৎসা কৰ্মীক ফুলৰ মালাৰে সম্বৰ্ধনা কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.