ETV Bharat / state

কৰিমগঞ্জত আৰক্ষী,চিকিৎসা কৰ্মীক ফুলৰ মালাৰে সম্বৰ্ধনা কিয় ?

author img

By

Published : Apr 15, 2020, 5:38 PM IST

কৰ'ণাৰ ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দিনে নিশাই ব্যস্ত চিকিৎসক,আৰক্ষী,অগ্নিনিৰ্বাপক বাহিনীৰ লগতে সাংবাদিক সকলক ফুলৰ মালা,ফুল ছটিয়াই সম্ভাষণ জনায় হনুমান এন জি অই ৷

ETV BHARAT
হনুমান এনজিঅৰ বিশেষ পদক্ষেপঃ ফুলৰ মালাৰে সম্বৰ্ধনা আৰক্ষীৰ লগতে চিকিৎসা কৰ্মীক

কৰিমগঞ্জ,15 এপ্ৰিলঃ দক্ষিণ কৰিমগঞ্জৰ নিলাম বজাৰৰ হনুমান এন জি অৰ সদস্য সকলে দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন ৷ ৰাজপথত ফুলৰ মালাৰে সম্বৰ্ধনা জনালে আৰক্ষীৰ লগতে চিকিৎসা কৰ্মীসকলক ৷

হনুমান এনজিঅৰ বিশেষ পদক্ষেপঃ ফুলৰ মালাৰে সম্বৰ্ধনা আৰক্ষীৰ লগতে চিকিৎসা কৰ্মীক

সমগ্ৰ বিশ্বতে এতিয়া কৰণা ভাইৰাছৰ আতংক ৷ লাখ লাখ মানুহ ইতিমধ্যে এই ভয়ংকৰ ৰোগত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে কেইবালাখ লোকে এই ৰোগত মৃত্যু মুখতো পৰিছে ৷ এই মাৰাত্মক ৰোগৰ বিৰুদ্ধে দিনে-নিশাই ব্যস্ত হৈ আছে চিকিৎকৰৰ লগতে আৰক্ষীৰ লোকসকল ৷ এই ভাইৰাছৰ বিৰুদ্ধে যি সকল লোক কৰ্মৰত হৈ আছে সেইসকল লোকৰ বাবে দক্ষিণ কৰিমগঞ্জৰ নিলাম বজাৰৰ হনুমান এন জি অই ফুলৰ মালা,ফুল ছটিয়াই সম্বৰ্ধনা জনায় এন জি অৰ সদস্যসকলে । নিজৰ পৰিয়ালৰ কথা চিন্তা নকৰাকৈ কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসক,আৰক্ষী,চেনেটাইজ কৰা লোক,অগ্নিনিৰ্বাপক বাহিনীৰ লগতে সাংবাদিক সকলক ফুলৰ মালাৰ লগতে ফুল ছটিয়াই সম্ভাষণ জনায় ৷

লগতে পঢ়ক- টিংখাঙৰ বিধায়ক বিমল বড়াৰ মহানুভৱতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.