ETV Bharat / sports

আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত জয় লাভ ইংলেণ্ডৰ

author img

By

Published : Aug 2, 2020, 2:41 AM IST

England vs Ireland : England Won By 4 Wickets in 2nd ODI
England vs Ireland : England Won By 4 Wickets in 2nd ODI

আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত জয় লাভ ঘৰুৱা দল ইংলেণ্ডৰ ৷ চাউথাম্পটনত অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়াত 4 উইকেটত জয় লাভ বিশ্বচেম্পিয়ন ইংলেণ্ডৰ ৷

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : দেওবাৰে চাউথাম্পটনত অনুষ্ঠিত হোৱা তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত জয় লাভ ইংলেণ্ডৰ ৷ আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন মেচত 4 উইকেট জয় লাভ মৰ্গান নেতৃত্বাধীন ইংলেণ্ড ক্ৰিকেট দলটোৰ ৷ চাউথাম্পটনত অনুষ্ঠিত মেচখনত আয়াৰলেণ্ডে টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

দলটোৱে আৰম্ভণিতেই বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈ প্ৰথমে 12 ৰানত তাৰ পাচত 15 ৰানৰ দলীয় স্ক’ৰত দ্বিতীয়টো উইকেট হেৰুৱায় ৷ আয়াৰলেণ্ডৰ হৈ কুৰ্টিছ কেম্ফৰে কেৱল 68 ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয় ৷

কুৰ্টিছ কেম্ফৰ
কুৰ্টিছ কেম্ফৰ

ইয়াৰ ফলত আয়াৰলেণ্ডে নিৰ্ধাৰিত 50 অভাৰত 9 উইকেট হেৰুৱাই 212 ৰান সংগ্ৰহ কৰে ৷ ইংলেণ্ডৰ হৈ আদিল ৰাছিদে সৰ্বাধিক 3 টা আৰু ডেভিদ ৱিলি আৰু ছাকিব মাহম্মুদয়ে 2 টাকৈ উইকেট লাভ কৰে ৷

আনহাতে 213 ৰানৰ প্ৰত্যুত্তৰত ইংলেণ্ডে শূণ্য ৰানৰ দলীয় স্ক’ৰতেই জেছন ৰয়ৰ উইকেট হেৰুৱালগীয়া হয় ৷ ইয়াৰ পাচত জনী বেয়েৰেষ্ট’ৱে ইংলেণ্ড দলটোৰ হৈ বিস্ফোৰক ইনিংছ খেলিবলৈ সক্ষম হয় ৷ কেৱল 41 টা বলত 82 ৰানৰ ইনিংছ খেলে বেয়াৰেষ্ট’ই ৷

জনী বেয়েৰেষ্ট’
জনী বেয়েৰেষ্ট’

ইপিনে বিজয়ী ৰান সংগ্ৰহ কৰাত মুখ্য ভূমিকা পালন কৰে ছেম বিলিংছ আৰু ডেভিদ ৱিলিয়ে ৷ দুয়ো ক্ৰমে 46 আৰু 47 ৰান কৰি অপৰাজিত হৈ ৰয় ৷ ইংলেণ্ডে মেচখনত 6 টা উইকেট হেৰুৱাই 32.3 অভাৰত লক্ষ্যত উপনীত হৈ শৃংখলাত 2-0 ৰ অজয় অগ্ৰগতি ল’বলৈ সক্ষম হৈছে ৷ মেচৰ অন্তত জনী বেয়েৰেষ্ট’ক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয় ৷

লগতে চাওক-2021 ত বিশ্বকাপ জয়ৰ লক্ষ্য : মিতালী ৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.