ETV Bharat / sports

2021 ত বিশ্বকাপ জয়ৰ লক্ষ্য : মিতালী ৰাজ

author img

By

Published : Aug 2, 2020, 12:51 AM IST

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজৰ এক গুৰুত্বপূৰ্ণ মন্তব্য ৷ আগন্তুক বৰ্ষত বিশ্বকাপ জয়ৰ ওপৰত অধিক মনোনিৱেশ খেলুৱৈগৰাকীৰ ৷

Mithali Raj focussed on winning 2021 womens cricket world cup
Mithali Raj focussed on winning 2021 womens cricket world cup

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : ভাৰতীয় মহিলা ক্ৰিকেটক বিশ্ব ক্ৰিকেটৰ শিখৰত উত্তীৰ্ণ কৰা এগৰাকী অন্যতম খেলুৱৈ হৈছে ভাৰতীয় মহিলা এদিনীয়া ক্ৰিকেট দলটোৰ অধিনায়ক মিতালী ৰাজ ৷ মিতালীৰ নেতৃত্বতেই ভাৰতে নিচেই কাষত দুবাৰকৈ উপনীত হৈও বিশ্বকাপৰ খিতাপ জয়ৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল ৷ 2017 চনৰ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ বিপৰীতে ইয়াৰ এটা বৰ্ষৰ পাচতেই টি-20 বিশ্বকাপৰ ছেমিফাইনেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰতীয় মহিলা দলটো ৷

2021 ত বিশ্বকাপ জয়ৰ লক্ষ্য : মিতালী ৰাজ
2021 ত বিশ্বকাপ জয়ৰ লক্ষ্য : মিতালী ৰাজ

শেহতীয়াকৈ মিতালীয়ে এক স্পৰ্টছ সংবাদ মাধ্যমৰ কাৰ্যক্ৰমত কয়, 2013 চনত ভাৰতত যেতিয়া বিশ্বকাপ আয়োজন হৈছিল, ভাৰতে ছুপাৰ ছিক্সৰ দেওনাও পাৰ কৰিব পৰা নাছিল ৷ ইয়াৰ পাচত মই দুঃখিত হৈ পৰিছিলো ৷ তেওঁ লগতে কয়, মই ভাৱিছিলো 2017 ত পুনৰ চেষ্টা কৰিম ৷ মই বিশ্বকাপৰ বাবে যথেষ্ট কষ্ট কৰিছিলো ৷ এগৰাকী খেলুৱৈৰ লগতে এগৰাকী অধিনায়ক হিচাপে বহু হ’ম ৱৰ্ক কৰিছিলো ৷ আমি যেতিয়া 2017 ত ফাইনেলত উপনীত হৈছিলো মই ভাৱিছিলো খিতাপ জয় কৰি মই ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিম ৷

2021 বিশ্বকাপ
2021 মহিলা ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

ইমান বছৰ খেলি মই সকলো লাভ কৰিছো কেৱল বিশ্বকাপক বাদ দি ৷ 2021 ত মই পুনৰ চেষ্টা কৰিম ৷ আশা কৰিছো সকলোৰে শুভকামনাৰে এইবাৰ আমি জয়ী হ’ম ৷ ইয়াৰ লগে-লগে এদিনীয়া ক্ৰিকেটৰ পৰা মিতালী ৰাজৰ সন্ন্যাস ঘোষণাৰ যি আশংকা কৰা হৈছিল সেইয়াও খণ্ডন কৰিছে খেলুৱৈগৰাকীয়ে ৷

37 বছৰীয়া মিতালীয়ে বিগত বৰ্ষত টি-20 ক্ৰিকেটৰ পৰা সন্ন্যাস ঘোষণা কৰিছিল ৷ অৱশ্যে মিতালীয়ে বিচিচিআইয়ে পাঁচ বছৰ পূৰ্বতেই মহিলা ক্ৰিকেটক অধিক প্ৰাধান্য দিব লাগিছিল বুলি কয় ৷ বিচিচিআইয়ে মহিলা ক্ৰিকেটক 2006-2007 চনত নিজৰ অধীনলৈ লৈছিল ৷ যদি সেইয়া পাঁচ বছৰ পূৰ্বতেই কৰিলে হয় তেতিয়া অধিক ভাল আছিল বুলি কয় মিতালীয়ে ৷ সেই সময়ত বহু প্ৰতিভাৱান খেলুৱৈ আছিল কিন্তু অৰ্থৰ অভাৱতেই তেওঁলোকে নিজৰ পেশা সলনি কৰিবলগীয়া হৈছিল বুলি কয় ৷

লগতে চাওক-চাইক্লিষ্ট ৰিয়াজক ঈদৰ উপহাৰ প্ৰদান কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.