ETV Bharat / sports

কম সময়ৰ ভিতৰত সাজু হ'ব লাগিব টি-২০ বিশ্বকাপৰ বাবে : ইয়ন মৰ্গান

author img

By

Published : May 5, 2020, 3:51 PM IST

england have to make do with limited chances to prepare for t20 world cup eoin morgan
england have to make do with limited chances to prepare for t20 world cup eoin morgan

টি-২০ বিশ্বকাপক লৈ ইংলেণ্ডৰ অধিনায়ক ইয়ন মৰ্গানৰ প্ৰতিক্ৰিয়া । যদি নিৰ্ধাৰিত সময়ত 2020, টি-২০ বিশ্বকাপ আয়োজন হয় তেন্তে অতি কম সময়ৰ ভিতৰত বিশ্বকাপৰ বাবে প্ৰস্তুত হ'ব লাগিব বুলি কয় অধিনায়কগৰাকীয়ে ।

স্পৰ্টছ ডেস্ক, ৫ মে': বিশ্বত চলি থকা কৰ'ণা ভাইৰাছৰ আতংকৰ ফলতেই বৰ্তমান স্তব্ধ হৈ পৰিছে ক্ৰীড়াজগতৰ সকলো কাৰ্য-কলাপ । কিন্তু ইয়াৰ মাজতেই চলিত বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইংলেণ্ডৰ সীমিত অভাৰৰ অধিনায়ক ইয়ন মৰ্গানে ।

মৰ্গানে কয়, যদি নিৰ্ধাৰিত সময়-সূচী অনুসৰি চলিত বৰ্ষৰ টি-২০ বিশ্বকাপ আয়োজন কৰা হয় তেন্তে বিশ্বকাপৰ বাবে সাজু হ'বলৈ অধিক মেচ লাভ নকৰিব ইংলেণ্ড দলটোৱে । তেনেস্থলত চাব লাগিব কম সময়ৰ ভিতৰত কিমান লাভ উঠাব পৰা যাব আৰু কিমান মেচ খেলিবলৈ পোৱা যাব । এই বৰ্ষৰ ১৮ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱাৰ কথা ২০২০ বৰ্ষৰ আইচিচি টি-২০ বিশ্বকাপ ।

উল্লেখ্য যে, ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ডে বৰ্তমানে ১ জুলাই পৰ্যন্ত ক্ৰিকেটৰ সকলো কাৰ্য-কলাপৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে । ফলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ'বলগীয়া টি-২০, এদিনীয়া শৃংখলাতো ব্যাঘাত জন্মিছে ।

মৰ্গানে সেয়েহে বিশ্বকাপৰ বাবে সাজু হ'ব পৰাকৈ ছেপ্তেম্বৰত আয়াৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া শৃংখলাক টি-২০ শৃংখলালৈ ৰূপান্তৰ কৰাৰ পোষকতা কৰিছে । আবু ধাবী টি-১০ লীগৰ উদ্বোধন অনুষ্ঠানত ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে মৰ্গানে কয়, সকলোৱে বিগত মাহৰ পৰা বুজাৰ চেষ্টা কৰিছে যে কি হ'ব পাৰে আৰু কি নহয় । যদি বিশ্বকাপ নিৰ্ধাৰিত সময় সূচী অনুসৰি অনুষ্ঠিত হয় তেন্তে অতি কম সময়ৰ ভিতৰত ইংলেণ্ড দলক প্ৰস্তুত কৰি তুলিব লাগিব বুলি কয় অধিনায়কগৰাকীয়ে ।

আনহাতে ডোপিং টেষ্টত বিফল হোৱা ক্ৰিকেটাৰ এলেক্স হেল্ছৰ বিষয়ে মৰ্গানে কয়, টি-২০ বিশ্বকাপত তেওঁৰ বাবে দলত বাট খোলা আছে কেৱল খেলুৱৈগৰাকীক আত্মবিশ্বাস লাভ কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে মৰ্গানে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.