ETV Bharat / sports

১৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব আবু ধাবী টি-১০ লীগ

author img

By

Published : May 5, 2020, 3:10 PM IST

আবু ধাবী টি-১০ লীগ হৈছে ১০ অভাৰৰ ক্ৰিকেট মেচ । সংযুক্ত আৰৱ আমিৰাতত আয়োজন কৰা হয় এই লীগৰ । আমিৰাত ক্ৰিকেট ব'ৰ্ডৰ অনুমতি সাপেক্ষে আয়োজন কৰা হয় এই ৯০ মিনিটৰ লীগটোৰ ।

abu dhabi t10 league to be played from nov 19
abu dhabi t10 league to be played from nov 19abu dhabi t10 league to be played from nov 19

স্পৰ্টছ ডেস্ক, ৫ মে': নৱেম্বৰৰ মাহত অনুষ্ঠিত হ'ব আবু ধাবী টি-১০ লীগ । ইংলেণ্ডৰ বিশ্বকাপ জয়ী ইয়ন মৰ্গান সহিতে বহু শীৰ্ষ ক্ৰিকেটাৰৰ সমৰ্থন লাভ কৰা এই আবু ধাবী লীগৰ আৰম্ভণি হ'ব চলিত বৰ্ষৰ ১৯ নৱেম্বৰত । সংযুক্ত আৰৱ আমিৰাতৰ ৰাজধানী চহৰত আয়োজিত হ'বলগীয়া এই লীগৰ অন্ত পৰিব ২৮ নৱেম্বৰত ।

২০২০ সংস্কৰণৰ আবু ধাবী টি-১০ লীগৰ প্ৰযোজকৰ লগতে আবু ধাবী পৰ্যটন বিভাগ, আবু ধাবী খেল পৰিষদ, আবু ধাবী ক্ৰিকেটে যুটীয়া ভাৱে আয়োজন কৰিব এই লীগটোৰ ।

Covid-১৯ মহামাৰীৰ ফলত বৰ্তমান ক্ৰীড়া জগতৰ সকলো কাৰ্য-কলাপ স্তব্ধ হৈ পৰিছে যদিও ইয়াৰ মাজতেই প্ৰকাশ কৰা হৈছে এই প্ৰতিযোগিতাৰ সময়সূচী । আমিৰাত ক্ৰিকেট ব'ৰ্ডৰ অনুমতি সাপেক্ষেই আয়োজন কৰা হয় এই ৯০ মিনিটৰ ১০ অভাৰৰ লীগটোৰ ।

ৰাউণ্ড ৰবীন মাধ্যমত আয়োজন কৰা হয় এই প্ৰতিযোগিতাৰ । য'ত এলিমিনেটৰ আৰু ফাইনেলত মেচ অন্তৰ্ভুক্ত হৈ থাকে । বিগত বৰ্ষত ডেৱন ব্ৰেভ'ৰ নেতৃত্বাধীন মাৰাঠা অৰেবিয়ান্সে আবু ধাবী টি-১০ লীগৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.