ETV Bharat / sports

আজি পাকিস্তান আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টি-20 মেচ

author img

By

Published : Aug 28, 2020, 3:11 PM IST

ENG vs PAK, 1st T20I: England face tough Pakistan challenge in absence of top stars
ENG vs PAK, 1st T20I: England face tough Pakistan challenge in absence of top stars

ইংলেণ্ড আৰু পাকিস্তানৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব তিনিখন টি-20 শৃংখলাৰ প্ৰথমখন টি-20 মেচ ৷ মানচেষ্টাৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হ’ব প্ৰথমখন টি-20 মেচ ৷ বাবৰ আজমৰ নেতৃত্বত ইংলেণ্ডৰ বিৰুদ্ধে মুখামুখি হ’ব পাকিস্তান দলটো ৷

স্পৰ্টছ ডেস্ক, 28 আগষ্ট : ইংলেণ্ডৰ মানচেষ্টাৰ ষ্টেডিয়ামত শুকুৰবাৰৰ পৰা পাকিস্তান আৰু ইংলেণ্ডৰ মাজত আৰম্ভ হ’ব তিনিখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচ ৷ ভাৰতীয় সময় অনুসৰি নিশা 10.30 বজাত অনুষ্ঠিত হ’ব উত্তেজনাপূৰ্ণ মেচখন ৷

ইংলেণ্ড বনাম পাকিস্তান
ইংলেণ্ড বনাম পাকিস্তান

ইংলেণ্ড দলটোৰ নেতৃত্ব অভিজ্ঞ ক্ৰিকেটাৰ ইয়ন মৰ্গানৰ হাতত থকাৰ বিপৰীতে পাকিস্তান দলটোৰ নেতৃত্ববহন কৰিব যুৱ অধিনায়ক বাবৰ আজমে ৷ ইংলেণ্ড দলটোৰ বাবে দুঃখবৰ এই যে, প্ৰতিভাৱান অ’পেনাৰ বেটছমেন জেছন ৰয় ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈ শৃংখলাৰ পৰা বাহিৰ হৈছে ৷

দুয়োটা দলে বৰ্তমানলৈকে আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত 15 খন মেচত অৱতীৰ্ণ হৈছে ৷ য’ত ইংলেণ্ডে 10 বাৰ আৰু পাকিস্তানে 4 বাৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে এখন মেচ অমীমাংসিত হৈ ৰয় ৷

এই শৃংখলাৰ প্ৰথমখন মেচ 28 আগষ্টত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ 30 আগষ্ট আৰু তৃতীয়খন 1 ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব ৷ এই শৃংখলাৰ পূৰ্বে তিনিখন মেচৰ টেষ্ট শৃংখলাত পাকিস্তানৰ বিৰুদ্ধে ইংলেণ্ড দলটোৱে 1-0 ৰে শৃংখলা দখল কৰিবলৈ সক্ষম হৈছিল ৷

লগতে চাওক-ফিফাৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব নেকি মেছী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.