ETV Bharat / sports

ৰোমাঞ্চকৰ তৃতীয় এদিনীয়াত বিশ্ব চেম্পিয়ন ইংলেণ্ডক পৰাস্ত আয়াৰলেণ্ডৰ

author img

By

Published : Aug 5, 2020, 10:09 AM IST

7 উইকেটত ইংলেণ্ডক পৰাস্ত কৰে আয়াৰলেণ্ডে
ৰোমাঞ্চকৰ তৃতীয় এদিনীয়াত বিশ্ব চেম্পিয়ন ইংলেণ্ডক পৰাস্ত আয়াৰলেণ্ডৰ

ৰোমাঞ্চকৰ তৃতীয় এদিনীয়াত বিশ্ব চেম্পিয়ন ইংলেণ্ডক পৰাস্ত আয়াৰলেণ্ডৰ ৷ 7 উইকেটত ইংলেণ্ডক পৰাস্ত কৰে আয়াৰলেণ্ডে ৷

স্পৰ্টছ ডেস্ক, 5 আগষ্ট : বিশ্ব চেম্পিয়ন ইংলেণ্ডক 7 উইকেটত পৰাস্ত কৰি শৃংখলাৰ তৃতীয়খন মেচত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিলে আয়াৰলেণ্ড দলে ৷ মঙলবাৰে ছাউথেম্পটনৰ এজিছ বউলত অনুষ্ঠিত মেচত অন্তিম অ'ভাৰত ইংলেণ্ড দলক ধৰাশায়ী কৰে আয়াৰলেণ্ডে ৷

অ'পেনাৰ পল ষ্টাৰলিং(142) আৰু অধিনায়ক এন্দি বালবাৰিনীৰ (113) শতকৰ জৰিয়তে আয়াৰলেণ্ড দলে ইংলেণ্ডক 7 উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ দুয়োগৰাকী ক্ৰিকেটাৰৰ যুটীয়ে সংগ্ৰহ কৰে 214 ৰাণ ৷

ইয়াৰ পাচতে হেৰী টেক্টৰ (29) আৰু কেভিন অ' ব্ৰায়ানে (21)দলক জয়ৰ দিশলৈ লৈ যায় ৷ ইয়াৰ পূৰ্বে অধিনায়ক ইয়ন মৰ্গানৰ 14 সংখ্যক শতকৰ জৰিয়তে ইংলেণ্ডে 329 ৰাণৰ ইনিংছ গঢ়িবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, প্ৰথম অৱস্থাত আয়োজক ইংলেণ্ডৰ অ'পেনাৰ জেছন ৰয় আৰু জনী বেয়াৰষ্ট'য়ে ধীৰ গতিৰে ইনিংছৰ আৰম্ভণি কৰে ৷ মৰ্গান খেলপথাৰলৈ নমাৰ পূৰ্বে ইংলেণ্ডে তিনি উইকেটত সংগ্ৰহ কৰিছিল 44 ৰাণ ৷ মৰ্গানৰ ইনিংছটোত আছিল 15 টা চাৰি আৰু 4 টা ছয় ৷ আনহাতে, অলৰাউণ্ডাৰ ডেভিদ উইলিয়ে অৰ্ধশতক আৰু টম কাৰানে অপৰাজিতভাৱে 38 ৰাণ সংগ্ৰহ কৰে ৷

মেচত আয়াৰলেণ্ডৰ হৈ সৰ্বাধিক উইকেট দখল কৰে ক্ৰেইগ য়ঙে ৷ 53 ৰাণ দি তিনিটা উইকেট দখল কৰিবলৈ সক্ষম হয় ক্ৰেইগ ৷ মৰ্গানৰ উইকেট দখল কৰে জ'ছ লিটলে ৷ উল্লেখ্য যে, তৃতীয় এদিনীয়াৰ পূৰ্বে ইংলেণ্ড দলে 2-0 ত শৃংখলা দখল কৰিছিল ৷

লগতে পঢ়ক : লাডাখ আৰু জম্মু-কাশ্মীৰত চীনৰ আক্ৰমণৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.