ETV Bharat / sports

"ব্ৰাদাৰ্ছ ইন আৰ্মছ"ঃ শাস্ত্ৰীৰ নষ্টালজিক টুইট

author img

By

Published : May 3, 2020, 10:50 AM IST

Brothers in arms: Ravi Shastri posts old pictures with Vivian Richards and Malcolm Marshall
Brothers in arms: Ravi Shastri posts old pictures with Vivian Richards and Malcolm Marshall

ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ নিজৰ ক্ৰিকেট কেৰিয়াৰৰ এক স্মৰণীয় ফটো শ্বেয়াৰ কৰে ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ।

স্পৰ্টছ ডেস্ক, ৩ মে' : ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষকৰ ভূমিকাত থকা ৰবি শাস্ত্ৰীৰ ছ'চিয়েল মিডিয়াত এক নষ্টালজিক প'ষ্ট । শনিবাৰে নিজৰ ক্ৰিকেট কেৰিয়াৰৰ এক স্মৰণীয় মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে । য'ত ফটোখনত দেখা পোৱা গৈছে ৱেষ্ট ইণ্ডিজৰ মহান খেলুৱৈ ছাৰ ভিভিয়ান ৰিচাৰ্ড আৰু বলিং তাৰকা ম্যাল্কম মাৰ্চেলক ।

টুইটাৰত প'ষ্টটোত "ব্ৰাদাৰ্ছ ইন আৰ্মছ" উল্লেখ কৰি শ্ৰেষ্ঠ খেলুৱৈ দুগৰাকীৰ বিৰুদ্ধে খেলাৰ স্মৃতি সজীৱ কৰি তুলে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ।

ক্ৰিকেটৰ মহানতম কিংবদন্তি খেলুৱৈৰ ভিতৰত অন্য়তম হৈছে ৱেষ্ট ইণ্ডিজৰ ভিভিয়ান ৰিচাৰ্ড । ৱেষ্ট ইণ্ডিজৰ হৈ ১২১ খন টেষ্টত ৮,৫৪০ ৰান, য'ত আছে ২৪ টা শতক, ৪৫ টা অৰ্ধশতক । আনহাতে ১৮৭ খন এদিনীয়া ক্ৰিকেটত ৬,৭২১ ৰান কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে । এদিনীয়াত তেওঁৰ নামত আছে ১১ টা শতক, ৪৫ টা অৰ্ধশতক । অন্যহাতে মাৰ্চেলে ৱেষ্ট ইণ্ডিজৰ হৈ ৮১ খন টেষ্ট আৰু ১৩৬ খন এদিনীয়াত অৱতীৰ্ণ হৈছিল । তেওঁৰ নামত টেষ্টত ৩৭৬ টা, এদিনীয়াত ১৫৭ টা উইকেট আছে ।

ইপিনে ভাৰতৰ হৈ ৰবি শাস্ত্ৰীয়ে ৮০ খন টেষ্ট আৰু ১৫১ খন এদিনীয়াত অংশগ্ৰহণ কৰিছিল । য'ত ক্ৰমে ৩,৮৩০ আৰু ৩,১০৩ ৰান কৰিবলৈ সক্ষম হৈছিল শাস্ত্ৰীয়ে । তেওঁৰ নামত ১৫১ টা আৰু ১২৯ টা উইকেটো সন্নিৱিষ্ট হৈ আছে । বৰ্তমান কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ বাবেই বিশ্বজুৰি স্তব্ধ হৈ পৰিছে সকলো ক্ৰীড়া অনুষ্ঠান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.