ETV Bharat / sports

ছেপ্তেম্বৰৰ পৰা ছীজন আৰম্ভ কৰাৰ পৰিকল্পনা AFI ৰ

author img

By

Published : May 3, 2020, 8:58 AM IST

স্বাস্থ্য সুৰক্ষা আৰু কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্তেম্বৰৰ পৰা ২০২০ বৰ্ষৰ ছীজন আৰম্ভ কৰাৰ পৰিকল্পনা হাতত লৈছে এথলেটিক্ছ ফেডাৰেচন অফ ইণ্ডিয়াই । অৱশ্যে এই সিদ্ধান্ত পৰৱৰ্তী সময়ত চৰকাৰৰ নিয়মাৱলীৰ ওপৰতো নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰা হৈছে ।

ছেপ্তেম্বৰৰ পৰা ছীজন আৰম্ভ কৰাৰ পৰিকল্পনা AFI ৰ
ছেপ্তেম্বৰৰ পৰা ছীজন আৰম্ভ কৰাৰ পৰিকল্পনা AFI ৰ

স্পৰ্টছ ডেস্ক, ৩ মে': COVID-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০২০ বৰ্ষৰ ছীজন অহা ছেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে এথলেটিক্ছ ফেডাৰেচন অফ ইণ্ডিয়াই । শনিবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংস্থাটোৱে ।

যিকোনো ৰাষ্ট্ৰীয় ক্ৰীড়া সংঘৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে অনলাইন হোৱা বৈঠকত এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অৱশ্যে এই সিদ্ধান্ত চৰকাৰৰ নিয়মাৱলীৰ ওপৰতো পৰৱৰ্তী সময়ত বহু পৰিমাণে নিৰ্ভৰ কৰিব । বৰ্তমান মহামাৰীৰ ফলতেই বিশ্বতে সকলো ক্ৰীড়া কাৰ্য-কলাপ বন্ধ হৈ পৰাৰ লগতে বহু কেইখন প্ৰতিযোগিতা বাতিল অথবা স্থগিত কৰিবলগীয়া হৈছে ।

ছেপ্তেম্বৰৰ পৰা ছীজন আৰম্ভ কৰাৰ পৰিকল্পনা AFI ৰ
ছেপ্তেম্বৰৰ পৰা ছীজন আৰম্ভ কৰাৰ পৰিকল্পনা AFI ৰ

এথলেটিক্ছ ফেডাৰেচন অফ ইণ্ডিয়াৰ এই অস্থায়ী কেলেণ্ডাৰৰ অনুসৰি, ১২ ছেপ্তেম্বৰৰ পৰা ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স প্ৰতিযোগিতাৰ সৈতে ছীজনৰ আৰম্ভণি হ'ব । আনহাতে তিনিটাকৈ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ- অ'পেন নেশ্যনেলছ, ফেডাৰেচন কাপ আৰু ইন্টাৰ-ইষ্টেত ছেপ্তেম্বৰ পৰা আৰম্ভ হোৱাৰ দুমাহৰ ভিতৰতে অনুষ্ঠিত কৰা হ'ব ।

অ'পেন নেশ্যনেলছ প্ৰতিযোগিতা (২০-২৪ ছেপ্তেম্বৰৰ ভিতৰত), ছিনিয়ৰ ফেডাৰেচন কাপ (৫-৯ অক্টোবৰৰ ভিতৰত) আৰু চিনিয়ৰ ইন্টাৰ ইষ্টেত চেম্পিয়নশ্বিপ (২৯ অক্টোবৰৰ পৰা ১২ নৱেম্বৰৰ ভিতৰত) আয়োজন কৰা হ'ব ।

আনহাতে নেশ্যনেল ইন্টাৰ ডিষ্ট্ৰিক জুনিয়ৰ এথলেটিক্ছ মিট (NIDJAM) ক একক খেলৰ বাবে বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰতিভা বিকাশৰ মঞ্চ হিচাপে জনা যায় আৰু এই প্ৰতিযোগিতাও ৪-৬ ডিচেম্বৰত আয়োজিত কৰি ছীজনৰ অন্ত কৰাৰ পৰিকল্পনা কৰা হৈছে ।

এথলেটিক্ছ ফেডাৰেচন অফ ইণ্ডিয়া
এথলেটিক্ছ ফেডাৰেচন অফ ইণ্ডিয়া

এএফআইৰ পৰিকল্পনা কমিটিৰ অধ্যক্ষ ললিত ভনোটে কয়, আমি দুটা পৰ্যায়ত প্ৰতিযোগিতা সমূহৰ আয়োজনৰ পৰিকল্পনা কৰিছিলো । কিন্তু বৰ্তমান এটা বিলম্ব পৰ্যায়লৈ আনিব লগা হ'ল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.